নগাঁও আৰু কাৰ্বি আংলং জিলাৰ বিভিন্ন স্থানত চোৰাং চিকাৰী কৰায়ত্ব; ৰাইফলৰ গুলী উদ্ধাৰ

আটক হোৱা চোৰাং চিকাৰী চাৰিগৰাকী

ক’ৰ’নাৰ সংক্ৰমণৰ সময়তো কাজিৰঙাত গঁড় হত্যাৰ বাবে চোৰাংচিকাৰীৰ পৰিকল্পনা এতিয়াও অব্যাহত আছে ৷

উদ্যান কৰ্তৃপক্ষৰ তৎপৰতা, বনকৰ্মী সকলৰ বিশেষ সজাগতা আৰু বিভিন্ন বিভাগৰ সু-সমন্বয়ৰ বাবে গঁড় হত্যাত বিফল হৈছে চোৰাংচিকাৰী ৷

মঙলবাৰে নিশা এক গোপন সূত্ৰৰ আধাৰত জখলাবন্ধা আৰক্ষী আৰু পূৱ কাৰ্বি-আংলং জিলাৰ আৰক্ষীয়ে যৌথ অভিযান চলাই নগাঁও আৰু কাৰ্বি-আংলং জিলাৰ বিভিন্ন স্থানৰ পৰা চাৰিজন চোৰাংচিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷

ধৃত চোৰাং চিকাৰী চাৰিজন হ’ল ক্ৰমে- কুঠৰী ৰাজা আলিৰ বাবুল আলী, নগাঁৱৰ কঠিয়াতলিৰ জমিৰ আলী, হাওৰাঘাটৰ জাপন হৰসিং ক্ৰ গাঁৱৰ কাংবুৰা টকবী আৰু হাওৰাঘাট ৰংহাং গাওঁৰ হেমাৰী ইংতি ৷

ধৃত চিকাৰী কেইটাৰ পৰা অভিযানকাৰী দলটোৱে ৩৹৩ ৰাইফলৰ ৫ ৰাউণ্ড গুলী উদ্ধাৰ কৰে ৷

অধিক তথ্যৰ বাবে ধৃত চোৰাং চিকাৰী কেইজনক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে ৷

বিগত সময়ছোৱাত এক বৃহৎ চক্ৰই কাজিৰঙাত গঁড় চিকাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।