সন্তানৰ আবদাৰ আৰু আদৰ-যত্নত সততে মাতৃসকলক ব্যস্ত দেখা যায়। গতিকে গ্ৰীষ্মকালীন বন্ধৰ দিনত বিশ্বনাথ চাৰিআলি পৌৰসভা আৰু অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান গোটে গৃহিণী মাতৃসকল স্বাৱলম্বী হ’ব পৰাকৈ বিশেষ প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচী গ্ৰহণ কৰে।
বিশ্বনাথ চাৰিআলি নগৰীয়া জীৱিকা অভিযানৰ নগৰ প্ৰকল্প প্ৰৱন্ধক ড° অঞ্জনজ্যোতি বৰুৱাৰ তত্ত্বাৱধানত নগৰ সমিতিৰ প্ৰেক্ষাগৃহত আয়োজিত প্ৰশিক্ষণ শিবিৰ মুকলি কৰে বিশ্বনাথ চাৰিআলি পৌৰসভাৰ ৪নং ৱাৰ্ড কমিছনাৰ মিলন বৰাই। ০৩ৰ পৰা ০৫ জুলাই পৰ্যন্ত চলা তিনিদিনীয়া এই প্ৰশিক্ষণত নিৰ্বাচিত বিভিন্ন মহিলা আত্মসহায়ক গোটৰ শতাধিক সদস্যই প্ৰশিক্ষণ গ্ৰহণ কৰে।
কাৰ্যসূচীত লক্ষীমপুৰ শিমলুগুৰি নিৱাসী চিত্ৰ প্ৰশিক্ষক যুতি বুঢ়াগোঁহাইয়ে চাৰু আৰু কাৰু শিল্পৰ লগতে স্ক্ৰীণ প্ৰিণ্টিং, ফ্ৰেৱিক ডিজাইনিং আৰু পেলনীয়া বস্তুৰ পৰা গৃহ সজ্জাৰ বিভিন্ন সামগ্ৰী নিৰ্মাণৰ বিস্তৃত প্ৰশিক্ষণ প্ৰদান কৰে। নগৰীয়া জীৱিকা অভিযানৰ সামূহিক সংগঠক ৰাজশ্ৰী দত্ত বণিয়াই আঁত ধৰা উক্ত প্ৰশিক্ষণ শিবিৰৰ আজিৰ সামৰণি কাৰ্যসূচীত নগৰ প্ৰকল্প প্ৰৱন্ধক ড° অঞ্জনজ্যোতি বৰুৱা, শিক্ষক-ফটোগ্ৰাফাৰ সঞ্জীৱ বসুমতাৰী, সহযোগী ভেনাছ গগৈ, প্ৰিয়া গগৈ বুঢ়াগোঁহাই আৰু নগৰীয়া জীৱিকা অভিযানৰ সামূহিক সমল ব্যক্তি জোনালী বৰা ভৰালী উপস্থিত থাকে।
উল্লেখ্য, আগন্তুক দিনত সক্ৰিয় গোটসমূহৰ নামত প্ৰদান কৰিবলৈ পৰিকল্পনা লোৱা আঁচনিৰ বাবে সকলো গোটৰ সদস্যক সহযোগিতাৰে আগবাঢ়ি আহিবলৈ উদ্যোক্তা গোটে আহ্বান জনায়।