বঙাইগাঁৱত পেঞ্চনপ্ৰাপ্ত মুক্তিযুঁজাৰু মহম্মদ আলী সৰকাৰৰ পত্নীৰ মৃত্যু : অঞ্চলজুৰি শোকৰ ছাঁ

কোকিলা প্ৰেছ ক্লাৱৰ লগতে গণতান্ত্ৰিক যুৱ পৰিষদ অসমৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন

IMG-20210126-WA0031

যোৱা সোমবাৰে ৰাতিপুৱা ৫:৪৫ বজাত বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত বালাৰচৰ গাঁৱৰ প্ৰয়াত মুক্তিযুঁজাৰু মহম্মদ আলী সৰকাৰৰ সহধৰ্মিণী ছাজিৰণ নেছা সৰকাৰে ১০৫ বছৰ বয়সত নিজ ঘৰতে বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে।

মুক্তি যুঁজাৰু মৰহুম মহম্মদ আলী সৰকাৰৰ সহধৰ্মিণী ছাজিৰণ নেছা সৰকাৰে ১৯১৬ চনত বৰপেটা জিলাত  জন্ম গ্ৰহ কৰিছিল।

বিবাহৰ পিছতে বঙাইগাঁও জিলাৰ বালাৰচৰত বসতি স্থাপন কৰে। ধৰ্মপ্ৰাণ মহিলা গৰাকীৰ মৃত্যুৰ সময়ত ১০ গৰাকী সন্তানৰ লগতে নাতি-নাতিনীসহ অসংখ্য গুণমুগ্ধক ইহসংহাৰত এৰি থৈ যায়।

চৰকাৰী স্বীকৃতিপ্ৰাপ্ত মুক্তিযুঁজাৰু মৰহুম মহম্মদ আলী সৰকাৰৰ সহধৰ্মিণী তথা ধৰ্মপ্ৰাণ মহিলাগৰাকীৰ মৃত্যুত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক, বিশিষ্ট লিখিকা শিখা শৰ্মা, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি ৰফিকুল ইছলাম, উত্তৰ অভয়াপুৰী সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি ৰমেজ উদ্দিন, সৃজনগ্ৰাম ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল হালিম, জিপাৰ সভাপতি ডঃ আনোৱাৰ হুছেইন, গণতান্ত্ৰিক যুৱ পৰিষদ অসমৰ সৃজনগ্ৰাম ব্লক এৰিয়া কমিটিৰ সম্পাদক ইয়াছিন আলী, কোকিলা প্ৰেছ ক্লাৱৰ সভাপতি মকিবুল ইছলামক আদি কৰি বিভিন্ন দল সংগঠনে শোকঁ প্ৰকাশ কৰি বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।