NORTHEAST NOW (Assamese)

দুঃসাহসিক! ৰছীৰ ওপৰেৰে খোজকাঢ়ি ছিয়েন নৈ পাৰ হ’ল ফ্ৰান্সৰ যুৱকে, শিহৰণকাৰী ভিডিঅ’

September 19, 2021 7:56 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: September 19, 2021 7:59 pm

এই খন বিশ্বত মানুহে যে চখ পূৰণৰ বাবে অথবা অভিলেখ গঢ়িবলৈ কি কি কামেই নকৰে!

ফ্ৰান্সৰ এজন যুৱকে ৰছীৰ ওপৰেৰে খোজকাঢ়ি পাৰ হ’ল ছিয়েন নৈ।

যুৱক জনৰ এনে দুঃসাহসিক কাণ্ড অপলক নেত্ৰে চাই ৰ’ল হাজাৰ হাজাৰ লোকে।

পেৰিছৰ বিশ্ব বিখ্যাত আইফেল টাৱাৰৰ এটা মূৰত ৰছী বান্ধি আনটো মূৰ বন্ধা হৈছিল নৈৰ সিটো পাৰে।

সেই ৰছীৰ ওপৰেই  ২৭ বছৰীয়া যুৱক নাথান পাউলিনে পাৰ হৈ গ’ল নৈ খন।

যুৱক নাথানে খালী ভৰিৰেই ৰছীৰ ওপৰেৰে খোজকাঢ়ি পাৰ হয় নৈ খন।আইফেল টাৱাৰৰ লগতে নৈ খনৰ সিপাৰে থকা চাইলট থিয়েটাৰৰ পৰা হাজাৰ হাজাৰ লোকে প্ৰত্যক্ষ কৰিলে এই দুঃসাহসিক দৃশ্য।

মাটিৰ পৰা প্ৰায় ৭০ মিটাৰ ওপৰেৰে যুৱক জনে প্ৰায় ৬০০ মিটাৰ ৰছীৰ ওপৰেৰে খোজকাঢ়ি যায়।

যুৱক নাথনে ২০১৭ চনতো ৰছীৰে  খোজকাঢ়ি ছিয়েন নৈ পাৰ হ’বলৈ সক্ষম হৈছিল।

Related News