NORTHEAST NOW (Assamese)

২০০০ কোটি টকাৰ নতুন দুৰ্নীতি! আপ নেতা মনীষ ছিচোদিয়া আৰু সত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে এফআইআৰ

April 30, 2025 5:43 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 30, 2025 6:48 pm

দিল্লীৰ আম আদমি পাৰ্টিৰ নেতা মনীষ ছিচোদিয়া আৰু সত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে চৰকাৰী বিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণত ২০০০ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগত দিল্লী আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই এফআইআৰ ৰুজু কৰিছে। প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিচোদিয়াৰ বিৰুদ্ধে পূৰ্বতে আবকাৰী নীতিৰ দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছিল, আনহাতে সত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে অবৈধ বিত্তীয় লেনদেনৰ অভিযোগ আছিল। এইবাৰ এই দুয়োজন নেতাৰ বিৰুদ্ধে বিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণত বৃহৎ অনিয়মৰ অভিযোগ উত্থাপন হৈছে। এই গোচৰত এজন অচিনাক্ত চৰকাৰী বিষয়া আৰু এজন ঠিকাদাৰো জড়িত থকা বুলি দিল্লী আৰক্ষীয়ে সদৰী কৰিছে।

উল্লেখ্য যে মনীষ ছিচোদিয়া অৰবিন্দ কেজৰিৱালৰ চৰকাৰৰ শিক্ষামন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল, আনহাতে সত্যেন্দ্ৰ জৈন ৰাজহুৱা কাম-কাজ বিভাগৰ মন্ত্ৰী আছিল, যি বিভাগে চৰকাৰী ভৱন নিৰ্মাণৰ দায়িত্ব পালন কৰিছিল। তদন্তকাৰীৰ অভিযোগ অনুসৰি, আপ চৰকাৰৰ শাসনকালত ১২ হাজাৰতকৈ অধিক শ্ৰেণীকোঠা আৰু বিদ্যালয় ভৱন অত্যধিক খৰচত নিৰ্মাণ কৰা হৈছিল, যাৰ ফলত প্ৰায় ২০০০ কোটি টকাৰ দুৰ্নীতি সংঘটিত হৈছে। দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি, শ্ৰেণীকোঠা নিৰ্মাণৰ ঠিকা লাভ কৰা ৩৪ জন ঠিকাদাৰৰ সকলোৱে আপৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰাখিছিল। তদুপৰি, এই নিৰ্মাণ কাম সময়মতে সম্পূৰ্ণ নোহোৱাৰ বাবে বাজেটতকৈ অতিৰিক্ত ব্যয় হৈছিল।

শেহতীয়াকৈ ভাৰতীয় জনতা পাৰ্টিৰ একাংশ নেতাই অভিযোগ কৰিছিল যে দুৰ্নীতিৰ বাবে শ্ৰেণীকোঠা নিৰ্মাণৰ খৰচ প্ৰায় পাঁচগুণ বৃদ্ধি পাইছে। তেওঁলোকৰ মতে, নিৰ্মাণৰ খৰচ ৩২৬ কোটি টকা বৃদ্ধি পোৱাৰ পিছতো কোনো নতুন নিবিদা আমন্ত্ৰণ কৰা হোৱা নাছিল। এই অভিযোগৰ পিছত দিল্লী আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই বিষয়টোৰ তদন্ত আৰম্ভ কৰে। এই দুৰ্নীতিৰ অভিযোগে আপ চৰকাৰৰ শিক্ষা আৰু ৰাজহুৱা কাম-কাজ বিভাগৰ স্বচ্ছতাৰ ওপৰত গুৰুতৰ প্ৰশ্নৰ সৃষ্টি কৰিছে। পোনৰ এবাৰ দলটোৰ শীৰ্ষ নেতৃত্বৰ ওপৰত উত্থাপিত এই গোচৰে দলটোৰ লগতে দিল্লীৰ ৰাজনৈতিক পৰিস্থিতিতো বৃহৎ প্ৰভাৱ পেলাব পাৰে।

Related News