মুকলি হৈছে নিৰ্বাচনী বণ্ডৰ নতুন তথ্য : বিজেপিয়েই নহয়, আন দলেও লাভ কৰিছে  বিভিন্ন কোম্পানীৰ কোটি কোটি টকা

দেওবাৰে নিৰ্বাচন আয়োগে মুকলি কৰিছে নিৰ্বাচনী বণ্ডৰ আন কেতবোৰ নতুন তথ্য। উল্লেখ্য যে নিৰ্বাচন আয়োগে প্ৰতিলিপি ৰখাৰ অবিহনে ছীল কভাৰত উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল ষ্টেট বেংকে প্ৰদান কৰা তথ্য।

উচ্চতম ন্যায়ালয়ৰ পঞ্জীয়কে তাৰ প্ৰতিলিপি ঘূৰাই দিয়াৰ পিছত নিৰ্বাচন আয়োগে এই নতুন তথ্যসমূহ নিজৰ ৱেবছাইটত আপলোড কৰিছে।

নতুন তথ্য অনুসৰি বণ্ডসমূহ জাৰি কৰাৰ তাৰিখ, পুঁজিৰ মূল্য, বণ্ডৰ সংখ্যা আৰু ইছ্যু কৰা ভাৰতীয় ষ্টেট বেংকৰ শাখাৰ বিষয়ে উল্লেখ কৰা হৈছে। ইয়াত বণ্ড ক্ৰয় কৰা আৰু বণ্ডসমূহৰ পৰা দলসমূহে টকা উলিয়াই নিয়াৰ তাৰিখো সন্নিবিষ্ট কৰা হৈছে।

তথ্য অনুসৰি বণ্ডৰ জৰিয়তে বিজেপিয়ে সৰ্বাধিক ৬,৯৮৬.৫ কোটি টকা লাভ কৰাৰ বিপৰীতে পশ্চিম বংগৰ শাসকীয় দল তৃণমূল কংগ্ৰেছে ১,৩৯৭ কোটি,  কংগ্ৰেছে ১,৩৩৪ কোটি  আৰু ভাৰত ৰাষ্ট্ৰ সমিতিয়ে ১,৩২২ কোটি টকা লাভ কৰিছে।

উৰিষ্যাৰ শাসকীয় দল বিজেডিয়ে ৯৪৪.৫ কোটি টকাৰে চতুৰ্থ স্থান লাভ কৰাৰ বিপৰীতে ডিএমকে দলে ৬৫৬.৫ কোটি আৰু অন্ধ্ৰপ্ৰদেশৰ শাসকীয় দল ৱাইএছআৰ কংগ্ৰেছে প্ৰায় ৪৪২.৮ কোটি টকা লাভ কৰিছে।

উল্লেখ্য যে ডেজি(এছ) দলে  নিৰ্বাচনী বণ্ডৰ  পৰা লাভ কৰিছে ৮৯.৭৫ কোটি টকা। দলটোৱে ইয়াৰে ৫০ কোটি লাভ কৰিছে নিৰ্বাচনী বণ্ডৰ দ্বিতীয় বৃহত্তম ক্ৰেতা মেঘা ইঞ্জিনিয়াৰিঙৰ পৰা।

ইয়াৰ পূৰ্বে প্ৰকাশ পাইছিল যে চেণ্টিয়াগো মাৰ্টিনৰ নেতৃত্বত গঠিত লটাৰী কোম্পানী ফিউচাৰ গেমিং এণ্ড হোটেল চাৰ্ভিচেছ প্ৰাইভেট লিমিটেডে ১৩৬৮ কোটি টকা নিৰ্বাচনী বণ্ড ক্ৰয় কৰি তালিকাৰ শীৰ্ষ স্থান লাভ কৰিছিল। 

নতুন তথ্য অনুসৰি ডি এম কে দলে ফিউচাৰ গেমিংৰ পৰা ৫০৯ কোটি টকা লাভ কৰিছিল, যিটো কোম্পানীটোৰ মুঠ অনুদানৰ প্ৰায় ৩৭ শতাংশ।