• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ডেলিভেৰী বয়ৰ পৰা ২২ গজৰ নায়কলৈ…: কল্পকথা নহয়, বাস্তৱ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 18, 2023 12:09 pm
Paul van Meekeren Netherland vs South Africa
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চন ২০২০; কৰ’ণা মহামাৰীৰ গ্ৰাসত বিশ্ব। বিশ্বজুৰি জীয়াই থকাৰ বাবে জীৱন-সংগ্ৰামৰ এক মহাৰণত ত্ৰস্তমান সকলো। পেটৰ ভোক নিৰাময়ৰ যুঁজত, জীয়াই থকাৰ বাসনাৰে খাদ্য ডেলিভেৰীৰ পেছাত জড়িত হৈ পৰে এগৰাকী যুৱক।

উবেৰ ইটছৰ জৰিয়তে নেডাৰলেণ্ডৰ গলিয়ে গলিয়ে খাদ্য ডেলিভাৰী কৰি জীৱন নিৰ্বাহ কৰিছিল এই যুৱকজনে। সেয়া আছিল ২০২০ চনৰ কথা। কৰ’ণা মহামাৰীৰ কৰাল গ্ৰাসে আৱৰা সময়ৰ কথা।

চন ২০২৩, ১৭ অক্টোবৰ। স্থান ভাৰতৰ ধৰমশালাৰ ক্ৰিকেট ষ্টেডিয়াম। খবৰ ক্ৰিকেট বিশ্বকাপৰ। প্ৰথম দুয়োখন মেচত দুৰন্ত জয়েৰে অদম্য ৰূপত দক্ষিণ আফ্ৰিকা। সমুখত পূৰ্বৰ দুয়োখন মেচত পৰাস্ত হোৱা নেডাৰলেণ্ড।

এই নেডাৰলেণ্ডেই ৰুদ্ধ কৰিলে দুৰন্ত দক্ষিণ আফ্ৰিকাৰ অদম্য গতি। ২৪৫ ৰাণৰ লক্ষ্য অনুসৰণত নামি পৰা প্ৰটিয়াছ বাহিনী থমকি ৰ’ল ২০৭ ৰাণতে। থমকিবলৈ বাধ্য কৰিলে ডাচ্চ বাহিনীয়ে।

শক্তিশালী প্ৰটিয়াছ বাহিনীৰ বেটিং লাইন আপক থকা-সৰকা কৰি নেডাৰলেণ্ডৰ সন্মিলিত বলিং আক্ৰমণে কঢ়িয়াই আনিলে পৰম আকাংক্ষিত বিজয়। এই আক্ৰমণৰে অন্যতম অংশীদাৰ আছিল দলটোৰ এগৰাকী পেচাৰ।

নাম তেওঁৰ পল ভান মিকেৰেন। এইজনেই সেইজন যুৱক, যি কৰ’ণাৰ ভয়াৱহতাৰ সময়ত পেটৰ দায়ত নেডাৰলেণ্ডৰ গলিয়ে গলিয়ে ডেলিভেৰী কৰিছিল খাদ্য। কালি দক্ষিণ আফ্ৰিকাৰ বিপক্ষে নেডাৰলেণ্ডৰ জয়ৰ পিছতে শিৰোনামলৈ আহিছে মিকেৰেনৰ এই পূৰ্ব কথা।

২০২০ চনত এটা টুইটৰ জৰিয়তে ভান মিকেৰেনে প্ৰকাশ কৰে যে ২০২০ চনত ক’ভিড-১৯ মহামাৰীৰ বাবে পুৰুষৰ টি-২০ বিশ্বকাপ স্থগিত ৰখাৰ পিছত তেওঁ উবেৰ ইটছৰ জৰিয়তে খাদ্য ডেলিভাৰী কৰিছিল।

 

Should’ve been playing cricket today 😏😢 now I’m delivering Uber eats to get through the winter months!! Funny how things change hahaha keep smiling people 😁 https://t.co/kwVEIo6We9

— Paul van Meekeren (@paulvanmeekeren) November 15, 2020

এক সাক্ষাৎকাৰত মিকেৰেনে স্বীকাৰ কৰিছিল যে কৰ’ণা মহামাৰীৰ বাবে ক্ৰিকেটলৈ নামি অহা অনিৰ্দিষ্টকালীন বিৰতিৰ বাবে তেওঁ উবেৰ ইটছৰ চাকৰি ল’ব লগা হৈছিল। তেওঁৰ হাতত কিছু সঞ্চয় আছিল যদিও ভৱিষ্যতৰ চিন্তাৰে তেওঁক প্ৰয়োজন হৈছিল আয়ৰ।

তেওঁৰ স্ব-ভাষ্য মতেই, আৰম্ভণিতে তেওঁ কেৱল পেট্ৰ’ল, খাদ্য, ভাড়া, ফোন বিল আৰু তেনধৰণৰ কামৰ দৰে সাধাৰণ বিষয়বোৰ জোৰা মাৰিব চাকৰি বিচাৰিছিল। ইয়াৰ বাবে তেওঁ কেতিয়াও লজ্জা অনুভৱ কৰা নাছিল বুলিও মিকেৰেন মন্তব্য কৰিছিল।

কালি দক্ষিণ আফ্ৰিকাৰ বিপক্ষে নেডাৰলেণ্ডৰ জয়ত মিকেৰেনে দখল কৰিছিল প্ৰটিয়াছ অধিনায়ক আইডেন মাৰ্ক্ৰাম আৰু মাৰ্কো জেনছেনৰ উইকেট। মিকেৰেনে আকৰ্ষণীয় বলিং স্পেলেৰে ৯ অভাৰত খৰচ কৰিছিল মাত্ৰ ৪০ ৰাণ।

মেচখনত জয়ৰ পিছতে, লগতে মিকেৰেনে আগবঢ়োৱা প্ৰশংসাযোগ্য প্ৰদৰ্শনৰ পিছতে খেলুৱৈগৰাকীৰ তিনিবছৰ পুৰণি সেই নিৰ্দিষ্ট টুইটটো তথা তেওঁৰ সাক্ষাৎকাৰটো পুনৰ চৰ্চালৈ আহে।

কেৰিয়াৰৰ এক কঠিন সময়ত জীৱনৰ সৈতে সংপৃক্ত হৈ পৰা এনে এটা অধ্যায়ৰ পৰা ভান মিকেৰেনৰ উত্থানৰ এই কাহিনী এতিয়া হৈ পৰিছে অসীম ধৈৰ্য আৰু দায়বদ্ধতাৰ নিখুঁত উদাহৰণ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

September 17, 2025 4:37 pm
সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

September 17, 2025 3:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

September 17, 2025 4:37 pm
সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd