প্ৰায় ৫০০ বছৰীয়া বিবাদৰ অন্ত পৰিল আজিৰ এই দিনটোতে।
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অযোধ্যাত ৰাম মন্দিৰৰ শিলান্যাস কৰে।
ৰাম মন্দিৰৰ শিলান্যাসৰ পূৰ্বে মোডীয়ে অযোধ্যাৰ হনুমান মন্দিৰত পূজা আগবঢ়ায়।
মোডীয়ে দেশবাসীক উদ্দেশ্যি কয় যে হনুমানেই হৈছে ৰামৰ প্ৰধান সেৱক।
সেইবাবে তেওঁ প্ৰথমে হনুমানক পূজা আগবঢ়াইছে।
মোডীয়ে কয় যে ভগৱান ৰাম সমগ্ৰ বিশ্বতে বিদ্যমান।
ৰাম লাওছৰ পৰা লংকালৈ,ভাৰতৰ পৰা ইণ্ডোনেছিয়ালৈ মূৰ্তমান।
ৰামৰ ধ্বনি কেৱল অযোধ্যাতে অনুৰণিত হোৱা নাই।
জয় শ্ৰী ৰাম ধ্বনি এতিয়া সমগ্ৰ বিশ্বতে বিয়পি পৰিছে বুলি মোডীয়ে উল্লেখ কৰে।
তেওঁ লগতে কয় যে কবিৰৰ পৰা মহামানৱ গান্ধীৰ ভজনলৈ বিয়পি আছে ৰাম।
ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ বাবে যিসকলে অসীম ত্যাগ স্বীকাৰ কৰিলে তেওঁলোকৰ প্ৰতিও মোডীয়ে গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে।
অযোধ্যাৰ ৰাম মন্দিৰ ভাৰতীয় সংস্কৃতিৰ উত্তম নিদৰ্শ হ’ব বুলিও তেওঁ কয়।
আজিৰ দিনটোতে ভাৰতৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা হ’ল বুলি উল্লেখ কৰি মোডীয়ে এনে এটা অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই নিজকে সৌভাগ্যবান বুলি মন্তব্য কৰে।
শিলান্যাসৰ পিছতে মোডীয়ে মন্দিৰৰ ফলকো উন্মোচন কৰে।