সুস্বাস্থ্যৰ বাবে ফল-মূল খোৱাটো অতি প্ৰয়োজন। কিন্তু কি ফল খালে কি হয় কোন মানুহে কি ফল খাব নালাগে এই বিষয়ে আমাৰ কোনো ধাৰণা নাথাকে। এজন সুস্থ ব্যক্তিয়েও যদি দৈনিক অত্যাধিক মিঠা ফল খায় আৰু শাৰীৰিক ব্যায়াম নকৰে তেন্তে ক্ৰমান্বয়ে তেঁওৰ ওজন বৃদ্ধি পাব পাৰে আৰু চুগাৰৰ মাত্ৰাত প্ৰভাৱ পৰিব পাৰে। কিছুমান ফলত চুগাৰৰ আৰু ফ্ৰুক্ট’জৰ পৰিমাণ অতি বেছি থাকে যিয়ে ইনচুলিনৰ মাত্ৰাত বাধাৰ সৃষ্টি কৰিব পাৰে।
অতি মিঠা ফলবোৰে আমাৰ, বিশেষকৈ ডায়বেটিছ ৰোগী সকলৰ শৰীৰত গ্লুক’জৰ মাত্ৰা যেনে আম, আঙুৰ, কল, ডালিম আদিয়ে বিঘ্নিত কৰিব পাৰে। এইবোৰত গ্লাইচেমিক ইনডেক্স আাৰু ফ্ৰুক্ট’জৰ পৰিমাণ বেছি। খাদ্য বিশেষজ্ঞ ডাঃ ৰক্ষিতা মেহৰাই চুগাৰৰ মাত্ৰা বৃদ্ধি কৰা ফলৰ বিষয়ে জনাইছে। অৱশ্যে ডাঃ মেহৰাই কয় যে, এই ফলবোৰে প্ৰতিজন ব্যক্তিৰ চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব বুলি ধাৰণা কৰাটো ভুল। কিন্তু সিমিত পৰিমাণে খালে ভাল। ডায়েবেটিছ ৰোগীয়ে এই ফলবোৰ পৰিহাৰ কৰিব লাগে।
আম
আম সোৱাদত মিঠা আৰু ৰসাল যদিও পকিলে ইয়াত ফ্ৰুক্ট’জৰ পৰিমাণ অতি বেছি হয়। এটা আমত প্ৰায় ৩০ গ্ৰাম প্ৰাকৃতিক চুগাৰ থাকে।
কল
কলত নিশ্চিতভাৱে আঁহ আৰু পটাছিয়াম থাকে যদিও পকিলে ইয়াত থকা চুগাৰৰ পৰিমাণ বৃদ্ধি পায়। এটা কলত প্ৰায় ১৪ গ্ৰাম প্ৰাকৃতিক চুগাৰ থাকে।
লিচু
লিচু গ্ৰীষ্মকালীন এবিধ বিশেষ ফল কিন্তু মনত ৰাখিব যে, লিচুত চুগাৰ প্ৰচুৰ পৰিমাণে থাকে। ১০-১২ টা লিচুত প্ৰায় ২৯-৩০ গ্ৰাম প্ৰাকৃতিক চুগাৰ থাকিব পাৰে।
চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ ৰাখিবলৈ আপুনি আপেল জামু, অমিতা, কমলা খাব পাৰে। তদুপৰি বিশেষ স্বাস্থ্যৰ সমস্যা থাকিলে বিশেষজ্ঞ সকলৰ পৰামৰ্শ গ্ৰাহণ কৰিব।