পুৱতি নিশা কলিয়াবৰত বাগৰিল তেল পৰিবাহী টেংকাৰ

Screenshot_20190426_065657

কলিয়াবৰত দুৰ্ঘটনাগ্ৰস্ত টেংকাৰখন।

বৃহস্পতিবাৰে পুৱতি নিশা ৩.১০ বজাত কলিয়াবৰৰ দাৰিগজিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এখন পেট্ৰল আৰু ডিজেল ভৰ্তি টেংকাৰ বাগৰি পৰে।

তথ্যৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত উজনিৰ পৰা নামনিমুৱা এছ ০৩ এচি ১৩১৫ নম্বৰৰ টেংকাৰ খন ডিজেল আৰু পেট্ৰল লৈ গৈ থকা অৱস্থাত কলিয়াবৰৰ দাৰিগজিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। এই দুৰ্ঘটনাৰ ফলত টেংকাৰখনৰ পৰা ডিজেল আৰু পেট্ৰল নিৰ্গত হোৱাত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োফালে যান-জঁতৰ সৃষ্টি হয়।

আনহাতে, দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰকে কলিয়াবৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া খৰ্গেশ্বৰ বৰদলৈৰ নেতৃত্বত এটা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু কলিয়াবৰ অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা কৰে।

ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা টেংকাৰখনৰ চালক জনে পলায়ন কৰে।

প্ৰতক্ষ্যদৰ্শীৰ মতে, নিশা গাড়ী চলাই থকা অৱস্থাত চালকজনৰ টোপনি অহাৰ ফলতে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাটো সংঘটিত হয়।

আশ্চৰ্য্যজনকভাবে, তেলৰ টেংকাৰ বাগৰাৰ খবৰ বিয়পি পৰা মাত্ৰকে তেল নিয়াৰ বাবে  হাতে হাতে বটল, বাল্টি লৈ ঘটনাস্থলীত দাৰিগজিকে ধৰি দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয়।