অচিৰেই বস্ত্ৰ নগৰী শুৱালকুছিত নিৰ্মাণ হৈ উঠিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ পূৰ্ণাংগ ষ্টেডিয়াম

dog

*

ৰাজ্যৰ ক্ৰীড়া অনুৰাগীৰ বাবে সুখবৰ । মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি জালুকবাৰীৰ শুৱালকুছিত ক্ৰীড়া মন্ত্ৰী বিমল বৰা ৷

অচিৰেই বস্ত্ৰ নগৰী শুৱালকুছিত নিৰ্মাণ হৈ উঠিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ পূৰ্ণাংগ ষ্টেডিয়াম ৷

প্ৰায় ৪০ কৌটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য চলি থকা ষ্টেডিয়াম খনত থাকিব 400 ৰীলে , ফুটবল খেলপথাৰৰ লগতে বিভিন্ন ধৰণৰ এথ’লেটিকচ কৰ্ট থাকিব ।

ইয়াৰোপৰি ষ্টেডিয়াম খনৰ সৈতে সংলগ্ন হৈ থাকিব অত্যাধুনিক ছুইমিং পুল আৰু ইণ্ডোৰ ষ্টেডিয়াম ৷

ইতিমধ্যে প্ৰায় ৭০ শতাংশ কাম সম্পূৰ্ণ হৈ উঠা ষ্টেডিয়াম খন পৰিদৰ্শন কৰিবলৈ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি জালুকবাৰীৰ শুৱালকুছিত উপস্থিত হয় অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিমল বৰা ।

অহা জানুৱাৰী মাহৰ ভিতৰত ষ্টেডিয়াম খন মুকলি কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে ক্ৰীড়া মন্ত্ৰী বৰাই।