Gandhi Jayanti 2024: জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জয়ন্তীত তেওঁৰ কেইটামান বিখ্যাত উক্তি

আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জয়ন্তী। এই উপলক্ষে তেওঁৰ কেইটামান সোণসেৰীয়া বিখ্যাত উক্তি আগবঢ়োৱা হল-

১) “যদি আপুনি বিশ্বত পৰিৱৰ্তন চাব বিচাৰে তেন্তে আপুনি নিজেই সেই পৰিৱৰ্তন হৈ উঠিব লাগিব যিটো আপুনি গোটেই বিশ্বতে চাব বিচাৰে।”

২) “নিজক বিচাৰি পোৱাৰ আটাইতকৈ উত্তম উপায় হল নিজকে আনৰ সেৱাত নিয়োজিত কৰা। আনৰ সেৱাত নিজকে হেৰুৱাই পেলালেই নিজকে বিচাৰি পোৱা যাব।‘’

৩) “বিশ্বত মদু জোকাৰণি দিলেই আপুনি পৰিৱৰ্তন আনিব পাৰিব।”

৪) “আপুনি আজি যি কৰিবলৈ বিচাৰে তাৰ ওপৰতে আপোনাৰ ভৱিষ্যত নিৰ্ভৰ কৰে।”

৫) “আপোনাৰ কৰ্মৰ ফলাফল কি হব আপুনি নাজানে। কিন্তু, আপুনি যদি কোনো কামেই নকৰে, তেন্তে আপুনি কোনো ফলাফলেই নাপাব।‘’

৬) ‘’দুৰ্বল মানুহে কেতিয়াও ক্ষমা কৰিব নোৱাৰে। ক্ষমা কৰাটো এজন শক্তিশালী ব্যক্তিৰ চৰিত্ৰ।‘’

৭) মহাত্মা গান্ধীয়ে কৈছিল, “চকুৰ সলনি চকু কাঢ়ি ললে গোটেই পৃথিৱী অন্ধ হৈ পৰিব।” 

৮) হিন্দুত্বই মোক পূৰ্ণৰূপে তৃপ্তিদান কৰে, মোৰ সত্তাক পৰিপূৰ্ণ কৰে…। যেতিয়া মনত সংশয় জন্মে, যেতিয়া হতাশাই মোক আগুৰি ধৰে, আৰু যেতিয়া মই দিগন্তত এক বিন্দু পোহৰো দেখা নাপাওঁঁ, তেতিয়াই মই ভাগৱত গীতাৰ ফালে চাওঁ, আৰু নিজকে শান্ত কৰাৰ কাৰণে একোটা পংক্তি বিচাৰোঁ, আৰু মই অনতিপলমে অত্যধিক কষ্টৰ মাজতো সুখ অনুভৱ কৰোঁ। মই ভাগৱত গীতাৰ শিক্ষাৰ ওচৰত কৃতজ্ঞ।

৮) যদি খ্ৰীষ্টান ধৰ্মক নিখুঁত আৰু সৰ্বশ্ৰেষ্ঠ বুলি মানি লব নোৱাৰি, তেন্তে হিন্দু ধৰ্মকো নিখুঁত আৰু সৰ্বশ্ৰেষ্ঠ বুলি কব নোৱাৰি। হিন্দু ধৰ্মৰ ত্ৰুটিবিলাক মোৰ দৃষ্টিগোচৰ হৈছে। যদি অস্পৃশ্যতা হিন্দু ধৰ্মৰে অংশ হয়, ই এই ধৰ্মৰ এটি বেয়া অংশ। বেদবাক্যবিলাক ঈশ্বৰৰ অনুপ্ৰাণিত উক্তি বোলাৰ কাৰণ কি? যদি এইবিলাক ঈশ্বৰ অনুপ্ৰাণিত হয়, তেন্তে বাইবেল বা কোৰান কিয় নহয়? খ্ৰীষ্টান বন্ধুৱে যেনেদৰে মোক ধৰ্মান্তৰিত কৰাৰ প্ৰবল চেষ্টা কৰিছিল, ঠিক তেনেদৰে মুছলিম বন্ধুৱেও কৰিছিল। আব্দুল্লা শেঠে ইছলাম ধৰ্ম চৰ্চা কৰিবলৈ মোক প্ৰৰোচিত কৰিছিল আৰু সকলো সময়তে এই ধৰ্মৰ সৌন্দৰ্য বৰ্ণনা কৰি থাকে।
যেতিয়া আমাৰ নৈতিক ভিত্তি হেৰাই যায়, তেতিয়া ধাৰ্মিক হৈ একো লাভ নাই। উদাহৰণস্বৰূপে মিছলীয়া, নিৰ্দয় আৰু আত্মসংযমহীন লোকে ঈশ্বৰ তেওঁৰ সৈতে আছে বুলি দাবী কৰিব নোৱাৰে।