NORTHEAST NOW (Assamese)

মোমায়েকে বিক্ৰী কৰা বিবাহিত কিশোৰীক বৰজনাক আৰু ননদৰ স্বামীৰ ধাৰাবাহিক ধৰ্ষণ; নগ্ন ভিডিঅ’ ভাইৰেল

April 12, 2021 3:50 pm ·
Updated: April 13, 2021 5:40 pm
(প্ৰতিনিধিত্বমূলক ফটো)

যোৱা কেবামাহো ধৰি এগৰাকী ১৭ বছৰীয়া বিবাহিত কিশোৰীক নিজৰ বৰজনাক আৰু ননদৰ স্বামীয়ে উপৰ্যুপৰি ধৰ্ষণ কৰি অহাৰ এক জঘন্য ঘটনা পোহৰলৈ আহিছে।

ৰে’লৱে আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণী অনুসৰি কলেজত অধ্যয়নৰত ১৭ বছৰীয়া উত্তৰ প্ৰদেশ দেওৰীয়াৰ পিতৃৰ সন্মতি লৈ মোমায়েকে কিশোৰীগৰাকীৰ ইচ্ছা বিৰুদ্ধে যোৱা ২০২০ চনৰ ৩০ নৱেম্বৰত মোমায়েকে নিজ গাঁৱৰে এগৰাকী যুৱকৰ সৈতে বিয়া দিছিল।

কিশোৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি বিয়াৰ পিছৰে পৰা স্বামীৰ ককায়েক আৰু ননদৰ স্বামীয়ে তেওঁক ধাৰাবাহিকভাৱে ধৰ্ষণ কৰি আহিছে।

নিজ স্বামী আৰু শহুৰেকক ধৰ্ষণৰ বলি হোৱা কথাটো অৱগত কৰোতে তেওঁলোকে কিশোৰীগৰাকীক মোমায়েকৰ পৰা ‘ক্ৰয়’ কৰি অনা বুলি কৈ ঘৰখনৰ পৰুষসকলে যি কৰিবলৈ কয় সেইবোৰ কৰিবলৈ তাই বাধ্য বুলিহে মন্তব্য কৰে।

এই কথাৰ প্ৰতিবাদ কৰাৰ পিছতে স্বামী আৰু শহুৰেকে কিশোৰীগৰাকীক এক অজ্ঞাত স্থানত থৈ আহে আৰু সেই স্থানতো বৰজনাক আৰু ননদৰ স্বামীয়ে কেবামাহ ধৰি ধাৰাবাহিকভাৱে তাইক ধৰ্ষণ কৰি আহে।

সেই সময়ত অভিযুক্ত দুয়োজনেই কিশোৰীগৰাকীৰ নগ্ন ভিডিঅ’ ৰেকৰ্ডিং কৰি সামাজিক মাধ্যমত ভাইৰেল কৰা বুলিও অভিযোগ উঠিছে।

ইপিনে কিবা প্ৰকাৰে কিশোৰীগৰাকীয়ে তেওঁলোকৰ কব্জাৰ পৰা পলায়ন কৰি দেওৰীয়াৰ মোমায়েকৰ ঘৰত উপস্থিত হৈ আৰক্ষীৰ দ্বাৰস্থ হ’বলৈ বিচাৰে যদিও মোমায়েকৰ পৰিয়ালৰ লোকে তেনে পদক্ষেপ লোৱাত বাধা প্ৰদান কৰে।

কোনোৱে সহায় নকৰাত কিশোৰীগৰাকীয়ে দেওৰীয়াৰ মোমায়েকৰ ঘৰ পৰা পলায়ন কৰি ৰে’লত উঠে। ৭ এপ্ৰিলত ৰে’লৰ টিকট পৰীক্ষকৰ কিশোৰীগৰাকীৰ ওপৰত সন্দেহ ওপজাত ৰে’লৱে আৰক্ষীক অৱগত কৰে আৰু ৰে’লৱে আৰক্ষীয়ে কিশোৰীগৰাকীক ৰাজস্থানৰ ক’টাৰ পৰা উদ্ধাৰ কৰে।

কিশোৰীগৰাকীৰ উদ্ধাৰ কৰাৰ পিছতে এই সমগ্ৰ ঘটনা প্ৰৱাহ পোহৰলৈ আহে আৰু ৰে’লৱে আৰক্ষীয়ে ক’টাৰ এটা চাইল্ডলাইন দলৰ হাতত কিশোৰীগৰাকীক অৰ্পণ কৰে।

ক’টাৰ চাইল্ড ৱেলফেয়াৰ কমিটিয়ে ভয়াৰ্ত কিশোৰীগৰাকীক চমজি লৈ কাউন্সিলিং কৰাৰ লগতে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আইনী পদক্ষেপ গ্ৰহণ কৰিছে।

Related News