কোকৰাঝাৰ জিলাৰ অসম বংগ সীমান্তবৰ্তী শ্ৰীৰামপুৰত যোৱা নিশা অসম আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি এখন ট্ৰাকত তালাচী অভিযান চলোৱাত ৬২২ কিলগ্ৰাম ওজনৰ গাঞ্জা জব্দ কৰাৰ লগতে দুজন হেণ্ডিমেনক আটক কৰে৷
আটকাধীন হেণ্ডিমেন দুজন ক্ৰমে কলকাতা নিবাসী প্ৰীতম সিঙ আৰু তপোস অধিকাৰী ৷
কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুৱে আজি এক সংবাদমেলযোগে এই কথা সদৰী কৰে।
জব্দকৃত গাঞ্জাৰ বজাৰ মূল্য প্ৰায় এক কৌটি টকাৰ অধিক বুলি দাৱী কৰিছে আৰক্ষীয়ে ৷
কোকৰাঝাৰ জিলা আৰক্ষীৰ এয়া তৃতীয়টো গাঞ্জাৰ বিৰুদ্ধে অভিযান বুলি উল্লেখ কৰি আৰক্ষীৰ শীৰ্ষ বিষয়াজনে উদ্ধাৰ হোৱা গাঞ্জাৰ অধিক তথ্য উদঘাটনৰ বাৱে তদন্ত চলি থকা বুলি জনায় ৷
উল্লেখ্য যে, উদ্ধাৰ কৰা গাঞ্জাৰ ট্ৰাকখন (PB 08 DS 6178) গুৱাহাটীৰ পৰা কলকাতা অভিমূখে গৈ আছিল ৷
গোসাইগাঁও মহকুমাৰ শ্ৰীৰামপুৰত আকস্মিক তালাচী চলাওতে ড্ৰাইভাৰৰ কেবিনত লুকুৱাই থোৱা ৬১ টা পেকেট জব্দ কৰাত সফল হয় আৰক্ষী ৷
অৱশ্যে গাড়ীখনৰ চালক ঘটনাস্থলীৰ পৰা পলাই সাৰিবলৈ সক্ষম হয় ৷