মাত্ৰ ৩০ ছেকেণ্ড! কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিব পাৰে বিটাডিনে

COVID19-positive-death-1140x570 (1)

প্ৰতিনিধিত্বমূলক ফটো।

কৰ’নাৰ পৰা পৰিত্ৰাণ বিচাৰি নিৰন্তৰ সাধনাত ব্যস্ত বিশ্বৰ গৱেষকসকল। ভেকচিনৰ আৱিস্কাৰ সম্ভৱ হোৱা নাই যদিও বিজ্ঞানীসকলে কিছু কাৰ্যকৰী উপায় উদ্ভাৱন কৰিছে।

ইয়াৰে এটা উপায় হৈছে বিটাডিন। কোভিড-১৯ৰ SARS-CoV-2 ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ বিটাডিনৰ ক্ষমতা আছে।

সাধাৰণ পৰিমানৰ বিটাডিনতে কেইছেকেণ্ডমানৰ ভিতৰতে কৰ’না ভাইৰাছৰ পৰা পৰিত্ৰাণ পাব পাৰি। গৱেষকসকলে সজোৰে এই দাবী কৰিছে।

ইনফেকশ্যাছ ডিজিজ এণ্ড থেৰাপি’ জাৰ্ণেলত প্ৰকাশিত ছিংগাপুৰৰ ডিউক-এনএছএছ মেডিকেল প্ৰতিষ্ঠানৰ গৱেষণাৰ এক প্ৰতিবেদনত কোৱা হৈছে যে সাধাৰণ পৰিমানৰ বিটাডিনযুক্ত মাউথৱাছ পানীত মিহলাই কুলিকুলি কৰিলে কৰ’নাৰ পৰা মুক্তি পাব পাৰি।

গৱেষণাৰ মতে বিটাডিনৰ দৰে এন্টিছেপ্টিকে মাত্ৰ ৩০ছেকেণ্ডৰ ভিতৰতে ৯৯.৯শতাংশ কৰ’না ভাইৰাছ ধ্বংস কৰিব পাৰে।

ছিংগাপুৰৰ গৱেষকসকলে জানিবলৈ দিয়ে যে ভাইৰাছ সংক্ৰমণৰ বিৰুদ্ধে চিকিৎসাত টপিকেল এন্টিছেপ্টিক পন্য হিচাপে প্ৰধানকৈ বিটাডিন ব্যৱহাৰ কৰা হয়। ইয়াত পোভিড’ন-আয়’ডিন উপাদান আছে।

যিসকলৰ সংক্ৰমণৰ আশংকা বেছি যেনে চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলক এয়া ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। সেয়েহে, বিশ্বৰ বিভিন্ন হাস্পাতলত বৰ্তমান এই দৰৱৰ ব্যৱহাৰ আৰম্ভ হৈছে।

বিটাডিনৰ জৰিয়তে কৰ’না মুক্তিৰ এই গৱেষণা অৱশ্যে প্ৰাৰম্ভিক পৰ্যায়তে আছে। সেয়েহে কৰ’না আক্ৰান্ত ব্যক্তিয়ে কিবা ব্যৱহাৰ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।