সুকীয়া জৰীপৰ দ্বাৰা চিনাক্তকৰণৰ দাবীত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ মানৱ শৃংখল

IMG20201005112509

ফটো: নৰ্থইষ্ট নাও

সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত অসমৰ খিলঞ্জীয়া ইছলাম ধৰ্মী গৰিয়া মৰিয়া দেশী জনগোষ্ঠীয় লোক সকলক অনতি পলমে সুকীয়া জৰীপৰ দ্বাৰা চিনাক্তকৰণৰ দাবীত মানৱ শৃংখল কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়।

চতিয়া চহৰৰ মাজেৰে যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সম্পুৰ্ণ ক’ভিড প্ৰতিৰোধ নীতি নিৰ্দেশনা অৱলম্বন কৰি হাতে হাতে প্লে-কাৰ্ড লৈ প্ৰায় দুই শতাধিক লোকে ৰূপায়ন কৰা উক্ত কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰে।

সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক (প্ৰশাসন)মইনুল ইছলাম, কেন্দ্ৰীয় কাৰ্য্য নিৰ্বাহক সদস্য ৰেকিব আলি আহমেদ, বিশ্বনাথ জিলা সমিতিৰ সভাপতি আফতাব উদ্দিন আহমেদ, সধাৰণ সম্পাদক (প্ৰশাসন)মোজাম্মিল আজাদ, সধাৰণ সম্পাদক (সংগঠন) নেকিব আহমেদ, বিশ্বনাথ জিলা মহিলা মঞ্চৰ সভানেত্ৰী আৰু সাধাৰণ সম্পাদিকা ক্ৰমে জ্যোতস্না বেগম আৰু মঞ্জুলা আহমেদৰ উপৰিও বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত গহপুৰ, বিশ্বনাথ সদৰ, মধ্য চতিয়া, ঘাঁহিগাওঁ আৰু উত্তৰ পশ্চিম চতিয়া আদি আঞ্চলিক সমিতি সমূহৰ সভাপতি সম্পাদক সকল উপস্থিত থাকে ।

কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক(প্ৰশাসন) মইনুল ইছলামে কাৰ্য্যসূচীত সমৱেত ৰাইজক সম্বোধন কৰি কয় যে ভাৰতৰ আন ৰাজ্যৰ ইছলাম ধৰ্মী সকলৰ পৰা অসমৰ ইছলাম ধৰ্মী সকল পৃথক।

তেওঁ কয় যে অসমৰ বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীৰ পৰা ভিন্ন সময়ত ধৰ্মান্তৰিত ইছলামধৰ্মী গৰিয়া মৰিয়া দেশী জনগোষ্ঠীয় লোকসকলক স্বাধীনতাৰ পাছৰ পৰা বিগত চৰকাৰসমূহে সংখ্যালঘু নামত প্ৰব্ৰজনকাৰী সকলৰ সৈতে একাকাৰ কৰি আহিছে।

তেওঁ উল্লেখ কৰে যে চলিত চৰকাৰখনে সুকীয়া জৰীপৰ দ্বাৰা গৰিয়া মৰিয়া দেশী জনগোষ্ঠীয় লোক সকলক চিনাক্তকৰণ কৰি সুকীয়া মৰ্য্যদা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছত বিধান সভাতো সেই কথা ঘোষণা কৰিছিল।

অৱশ্যে চৰকাৰৰ কাৰ্য্যকাল শেষ হ’বলৈ কেইমাহমানহে থকা সময়তো এই সুকীয়া জৰীপৰ কাম আৰম্ভ নকৰাটো দুৰ্ভাগ্যজনক। গতিকে চৰকাৰে পৱিত্ৰ বিধান সভাত কৰা ঘোষণাক অনতিপলমে বাস্তৱত কাৰ্য্যকৰী ৰূপ দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি তেওঁলোকে দাবী কৰে।