চৰকাৰৰ প্ৰতাৰণাৰ প্ৰতিবাদত বৰপেটাত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ মানৱ শৃংখল

barpeta

বৰপেটাত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ মানৱ শৃংখল । ফটো: নৰ্থইষ্ট নাও

গৰিয়া-মৰিয়া দেশীসকলৰ বিভিন্ন দাবীৰ সমৰ্থনত আৰু এই জনগোষ্ঠীটোক পূৰ্বৰ চৰকাৰৰ দৰে বৰ্তমানৰ চৰকাৰখনেও প্ৰতাৰণা কৰাৰ প্ৰতিবাদত আজি সদৌ অসম গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদে বৰপেটা চহৰৰ মাজমজিয়াত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে ৷

এই কাৰ্যসূচীৰ জৰিয়তে গৰিয়া-মৰিয়া দেশী সকলক উপগ্ৰহীয় স্বায়ত্ত্ব শাসন প্ৰদান কৰা, উন্নয়ন নিগম অতিশীঘ্ৰে কাৰ্যকৰী কৰা, গৰিয়া-মৰিয়া দেশী জনগোষ্ঠীক সুকীয়া জৰীপৰ দ্বাৰা চিনাক্তকৰণ কৰাৰ লগতে গৰিয়া-মৰিয়া সকলৰ জৰীপৰ বাবে বিধানসভাত ধার্য্য কৰা বাজেট অতিশীঘ্ৰে ৰূপায়ন কৰাৰ দাবী জনায় ৷

সময় থাকোতে যদি চৰকাৰে এই দাবীসমূহ পূৰণ নকৰে তেন্তে ২১’ৰ নিৰ্বাচনত চৰকাৰে কুফল ভোগ কৰিব লাগিব বুলি চৰকাৰক সকীয়াই দিয়ে সংগঠনটোৱে ৷

কাৰ্যসূচীৰ পূৰ্বে অসমৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী চৈয়দা আনোৱাৰা টাইমুৰৰ মৃত্যুত শোক প্ৰকাশ কৰি ১ মিনিট মৌনতা অৱলম্বন কৰা হয় ৷