অভিশপ্ত ৩০ অক্টোবৰ বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বাহাল ৰাখিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

Ranjan Daimary

অসমৰ বিভিন্ন প্ৰান্তত ২০০৮ চনত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ গোচৰৰ মূল অভিযুক্ত নেচনেল ডেমক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ডৰ (এনডিএফবি-আৰ) মুৰব্বী ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বাহাল ৰাখিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

২০০৮ চনৰ ৩০ অক্টোবৰত ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীৰ লগতে কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা জিলাত বিদ্ৰোহী গোট এন ডি এফ বিৰ দ্বাৰা সংঘটিত ধাৰাবাহিক বিস্ফোৰণত প্ৰায় ৮৮ গৰাকী লোক নিহত হোৱাৰ লগতে পাঁচ শতাধিক লোক আহত হৈছিল।

এই ভয়াৱহ বিস্ফোৰণৰ মূল অভিযুক্ত তথা এনডিএফবিৰ মুৰব্বী ৰঞ্জন দৈমাৰীক ইয়াৰ পূৰ্বে ২০১৯ চনত গুৱাহাটীৰ চিবিআইৰ এখন বিশেষ আদালতে ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত কৰিছিল।

চিবিআই আদালতে ২০১৯ চনৰ ২৮ জানুৱাৰীত গোচৰটোৰ শুনানি গ্ৰহণ কৰি ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত দৈমাৰীকে ধৰি আন ১৪ গৰাকী অভিযুক্তক দোষী সাব্যস্ত কৰিছিল।

চিবিআইৰ বিশেষ আদালতে ৰঞ্জন দৈমাৰীৰ উপৰি আন ৯ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। তদুপৰি অভিযুক্ত আন ৪ গৰাকীক ৫ বছৰকৈ কাৰাদণ্ডৰ লগতে ৩ হাজাৰকৈ টকাৰ জৰিমনা বিহা হৈছিল। ৫ বছৰ কাৰাদণ্ডৰ শাস্তিৰ সন্মুখীন হোৱা নীলিম দৈমাৰীয়ে অৱশ্যে কাৰাগাৰৰ ভিতৰত ৭ টা বছৰ ইতিপূৰ্বেই কটোৱাৰ বাবে তেওঁক কাৰাবাসৰ পৰা মুক্তি দিয়া হৈছিল।

যাৱজ্জীৱন কাৰাদণ্ড পোৱা অভিযুক্তসকল আছিল ক্ৰমে- (১) ৰঞ্জন দৈমাৰী, (২) জৰ্জ বড়ো, (৩) অজয় বসুমতাৰী, (৪) ৰাজেন্দ্ৰ গয়াৰী, (৫) আনচাই বড়ো, (৬) খৰ্গেশ্বৰ বসুমতাৰী, (৭) লখৰা বসুমতাৰী, (৮) ইন্দ্ৰ ব্ৰহ্ম, (৯) বৈশাগী বসুমতাৰী আৰু (১০) ৰাজু সৰকাৰ।

আনহাতে ৫ বছৰকৈ কাৰাদণ্ডৰ লগতে ৩ হাজাৰকৈ টকা জৰিমনাৰ শাস্তি পোৱা ৪ গৰাকী ক্ৰমে- (১) জয়ন্তী ব্ৰহ্ম, (২) মথুৰাম ব্ৰহ্ম, (৩) প্ৰভাত বড়ো আৰু (৪) নীলিম দৈমাৰী।

ইয়াৰ পিছতে ২০২০ চনত দৈমাৰীক কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি আলোচনাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি কৰা হৈছিল।

আনহাতে অসম চৰকাৰে আদালতত দৈমাৰীৰ জামিন আবেদনৰ বিৰোধিতা নকৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে চাৰি সপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল।

উল্লেখযোগ্য যে এন ডি এফ বি সশস্ত্ৰ বিদ্ৰোহী গোটে সংঘটিত কৰা বিস্ফোৰণলানি ইমানেই ভয়ংকৰ আছিল যে ইয়াৰ ফলত মুঠ ৮৮ জন লোক নিহত আৰু পাঁচ শতাধিক লোক আহত হৈছিল। ইয়াৰ নৃশংসতাই সমগ্ৰ ৰাজ্যৰ অন্তৰাত্মা কঁপাই গৈছিল।

গুৱাহাটীৰ গণেশগুৰি, পাণবজাৰ আৰু ফাঁচিবজাৰৰ লগতে বৰপেটাৰোড, বঙাইগাঁও আৰু কোকৰাঝাৰত একে সময়তে কেইবাটাও শক্তিশালী বোমা বিস্ফোৰিত কৰা হৈছিল।

সংক্ষেপে কেইটামান গুৰুত্বপূৰ্ণ তথ্য-
 মুঠ ৮৮ জন নিহত
 পাঁচ শতাধিক লোক আহত
 সাক্ষ্য লোৱা হয় মুঠ ৬৫০ গৰাকীৰ
 দোষী সাব্যস্ত ১৪ জন
 অভিযুক্ত এজনক দোষমুক্ত ঘোষণা
 ৰঞ্জন দৈমাৰীসহ ১০ জনক যাৱজ্জীৱন কাৰাদণ্ড
 ৪ জনক ৫ বছৰকৈ কাৰাদণ্ড আৰু ৩ হাজাৰকৈ টকা জৰিমনা।