ৰাজ্যত সংঘটিত প্ৰতিটো এনকাউণ্টাৰৰ নতুনকৈ প্ৰস্তুত কৰা প্ৰতিবেদন দাখিল কৰিবলৈ চৰকাৰক নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

Encounter in Assam

অসমৰ বিভিন্ন প্ৰান্তত ২০২১ চনৰ মে’ মাহৰ পৰা সংঘটিত প্ৰতিটো আৰক্ষী এনকাউণ্টাৰ গোচৰৰ ওপৰত ছয় সপ্তাহৰ ভিতৰত নতুনকৈ প্ৰস্তুত কৰা তদন্ত প্ৰতিবেদন দাখিল কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে গুৱাহাটী উচ্চতম ন্যায়ালয়ে।

দিল্লীস্থিত অধিবক্তা আৰিফ জৱাড্ডাৰে দাখিল কৰা এখন আৱেদনৰ শুনানিৰ সময়ত উচ্চ ন্যায়ালয়ে এই গোচৰসমূহৰ ক্ষেত্ৰত কোনো স্বতন্ত্ৰ তদন্ত কৰা হৈছে নেকি বা তদন্ত সম্পূৰ্ণ হৈছে নেকি সেই সন্দৰ্ভতো চৰকাৰক প্ৰশ্ন কৰে।

আৱেদনকাৰীক প্ৰতিনিধিত্ব কৰি অধিবক্তা প্ৰশান্ত ভূষণে যুক্তি দিছিল যে অসম আৰক্ষীয়ে ২০১৪ চনত পিপলছ ইউনিয়ন অৱ চিভিল লিবাৰ্টিজ (পিইউচিএল) বনাম মহাৰাষ্ট্ৰৰ গোচৰত উচ্চতম ন্যায়ালয়ে ভুৱা এনকাউণ্টাৰৰ অভিযোগত নিৰ্ধাৰণ কৰা আইন অনুসৰণ কৰা নাই।

তেওঁ লগতে অসম চৰকাৰে এনকাউণ্টাৰৰ ক্ষেত্ৰত স্বতন্ত্ৰ তদন্ত কৰাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাও অনুসৰণ কৰা নাছিল বুলি আঙুলিয়াই দিয়ে।

উল্লেখ্য যে ২০২১ চনৰ মে’ মাহত হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা ১৩ মাহৰ ভিতৰত সমগ্ৰ অসমত মুঠ ১৬১ টা আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে।

অসম চৰকাৰে ইতিপূৰ্বে গোচৰটোৰ সন্দৰ্ভত আদালতত দাখিল কৰা প্ৰতিবেদন অনুসৰি ২০২২ চনৰ ২১ মে’লৈকে এনকাউণ্টাৰত ৫১ জন লোকৰ মৃত্যু হৈছে আৰু ১৩৯ জন লোক আহত হৈছে।

উচ্চ ন্যায়ালয়ে এই ক্ষেত্ৰত নতুন প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছত ৰাজ্য চৰকাৰে যোৱা ২০ জুনত শপতনামা দাখিল কৰাৰ সময়ত এনকাউণ্টাৰত মৃত্যু হোৱা আৰু তিনিটা ঘটনা অন্তৰ্ভুক্ত কৰিছিল।

এই সন্দৰ্ভত আবেদনকাৰী জৱাড্ডাৰে কয় যে এনে ধৰণৰ এনকাউণ্টাৰৰ তদন্ত চিবিআই, বিশেষ অনুসন্ধান দল (এছআইটি) বা আন এখন ৰাজ্য বা জিলা বা আৰক্ষী থানাৰ যিকোনো আৰক্ষী দলৰ দৰে স্বতন্ত্ৰ সংস্থাৰ দ্বাৰা আদালতৰ তত্বাৱধানত হ’ব লাগে।

জৱাড্ডাৰে লগতে কয় যে এনকাউণ্টাৰত নিহত বা আঘাতপ্ৰাপ্ত ব্যক্তিসকল কোনো উগ্ৰপন্থী নহয়। তদুপৰি আৰক্ষীয়ে উল্লেখ কৰাৰ দৰে প্ৰতিগৰাকী অভিযুক্তই এজন প্ৰশিক্ষিত আৰক্ষী বিষয়াৰ পৰা এটা চাৰ্ভিচ ৰিভলভাৰ কাঢ়ি নিবলৈ সক্ষম হোৱাটোও অবিশ্বাস্য বুলি তেওঁ মন্তব্য কৰে।

উচ্চ ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত ৰাজ্য চৰকাৰক নতুনকৈ প্ৰস্তুত কৰা প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ২৯ ছেপ্টেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে।