তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰাক জামিনত মুকলি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

২০০০ কোটি টকাৰ কেলেংকাৰিৰ গোচৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই গ্ৰেপ্তাৰ কৰা অম্লান বৰাক ২০২৪ চনৰ ৭ নৱেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰেআৰু আজি তেওঁক জেলৰ পৰা মুকলি কৰি দিয়া হয়। অধিবক্তা ছাৰফৰাজ নৱাজ, ছামিম ৰহমান, আৰু পাকিজা খাতুনে উপস্থাপন কৰা মতে, অম্লানে প্ৰধান অভিযুক্ত বিশাল ফুকনে সংঘটিত কোনো আৰ্থিক জালিয়াতিৰ বিষয়ে অজ্ঞাত আছিল।

অভিযোগ কৰা অপৰাধৰ সময়ত কৰ্মসূত্ৰে অম্লান চহৰৰ বাহিৰত আছিল আৰু ২০২৪ চনৰ ১২ ছেপ্টেম্বৰত উভতি অহাৰ লগে লগে স্বেচ্ছাই চি আই ডিৰ কাৰ্যালয়লৈ গৈছিল আৰু তাতেই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

৫৭ দিন ন্যায়িক জিম্মাত থকা বৰাই তদন্তত সহযোগিতা আগবঢ়াইছিল, যাৰ ফলত তেওঁ জামিন বিচাৰিছিল। তেওঁৰ আত্মীয় তাৰ্কিক বৰা আৰু চুমি বৰাক লৈ চলি থকা কেলেংকাৰিৰ তদন্তৰ অংশ হিচাপে অসমৰ আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশ অনুসৰি ২০২৪ চনৰ ১১ ছেপ্টেম্বৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ বদলি হোৱাৰ পিছতো চিবিআইয়ে তেওঁলোকৰ জিম্মা বিচৰা নাছিল বাবে ন্যায়িক জিম্মা বৃদ্ধি কৰি কাৰাগাৰত আছে এই যুটি।