NORTHEAST NOW (Assamese)

শতাব্দী এক্সপ্ৰেছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীক হাৰাশাস্তি, দুজনক গ্ৰেপ্তাৰ

March 24, 2019 11:21 am · এন ই নাও নিউজ
শতাব্দী এক্সপ্ৰেছৰ প্ৰতিনিধিত্বমূলক ফটো।

গুৱাহাটী-ডিব্ৰুগড় শতাব্দী এক্সপ্ৰেছত খাদ্য যোগানকাৰী কেটাৰিং কোম্পানীৰ দুজন কৰ্মচাৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীক হাৰাশাস্তি চলোৱাৰ অভিযোগ উঠিছে। বাতৰি অনুসৰি, ৰে’লখন চলি থকা অৱস্থাতে শিৱসাগৰ আৰু ডিব্ৰুগড়ৰ মাজত ঘটনাটো সংঘটিত হয়।

কেটাৰিং কোম্পানীৰ কৰ্মচাৰী দুজনক মহম্মদ ছাকিৰ আৰু মহম্মদ আফতাব বুলি চিনাক্ত কৰা হৈছে।

অভিযোগ অনুসৰি, মাতাল অৱস্থাত থকা কেটাৰিং কোম্পানীৰ কৰ্মচাৰী দুজনে ছাত্ৰীগৰাকী আৰু তেওঁৰ মাতৃক তেওঁলোকে অস্বীকাৰ কৰাৰ পাছতো বাৰে বাৰে খোৱাৰ বাবে খাদ্যৰ অৰ্ডাৰ দিবলৈ কৈ আহিছিল।

ৰে’লখন ডিব্ৰুগড় পোৱাৰ লগে লগে ছাত্ৰীগৰাকী আৰু তেওঁৰ মাতৃয়ে ৰে’ল আৰক্ষীৰ আগত অভিযোগ দাখিল কৰে আৰু তাৰ পাছতে অভিযুক্ত দুয়োজনকে ৰে’ল আৰক্ষীয়ে আটক কৰে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিষয়াই জানিবলৈ দিয়ে যে অভিযুক্ত লোক দুজন ৰে’লৱেৰ কৰ্মচাৰী নহয়, তেওঁলোক ৰে’লখনৰ ভিতৰত খাদ্যৰ যোগানৰ বাবে নিয়োজিত এক ব্যক্তিগত প্ৰতিষ্ঠান মেচাৰ্ছ কৃষ্ণ এন্টাৰপ্ৰাইজতকাম কৰা কৰ্মচাৰী।

Related News