NORTHEAST NOW (Assamese)

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

July 6, 2025 12:09 pm · এন ই নাও নিউজ, গুৱাহাটী

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই তেওঁৰ চৰকাৰে ক্ষমতা কেন্দ্ৰীভূত কৰাৰ লগতে ষষ্ঠ অনুসূচীৰ অধীনত জনজাতীয় পৰিষদৰ সাংবিধানিক স্বায়ত্তশাসনক মষিমূৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

শনিবাৰে ডিফুত সংবাদমেলত গগৈয়ে অভিযোগ কৰে যে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’ন (বিটিআৰ), ডিমা হাছাও, কাৰ্বি আংলঙৰ দৰে স্বায়ত্তশাসিত পৰিষদক প্ৰদান কৰা ক্ষমতা এতিয়া সুদূৰ দিছপুৰৰ পৰা নিয়ন্ত্ৰণ কৰা হৈছে।

তেওঁ কয়, ‘ষষ্ঠ অনুসূচীৰ উদ্দেশ্য আছিল স্বায়ত্তশাসন আৰু বিকেন্দ্ৰীকৰণ। কিন্তু আজি সকলো সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে নিজেই লৈছে।পৰিষদসমূহ শক্তিহীন হৈ পৰিছে।’

ষষ্ঠ অনুসূচীৰ আঁৰৰ মূল উদ্দেশ্য হৈছে স্থানীয় জনগোষ্ঠীসমূহক তেওঁলোকৰ উন্নয়ন আৰু সম্পদসমূহ নিয়ন্ত্ৰণ কৰিবলৈ দিয়া বুলি উল্লেখ কৰে গগৈয়ে। তেওঁ দৃঢ়তাৰে কয়, ‘শক্তি দিল্লী বা দিছপুৰত কেন্দ্ৰীভূত হ’ব নালাগে, ই ডিফু, বিটিআৰ আৰু ডিমা হাছাওত উপনীত হ’ব লাগিব।‘

তেওঁ দাবী কৰে যে কংগ্ৰেছে সদায় বিকেন্দ্ৰীকৰণৰ পোষকতা কৰি আহিছে। ‘আমি যিখিনি গঢ়িবলৈ চেষ্টা কৰিছিলো সেয়া বিজেপি চৰকাৰে ভাঙি পেলাইছে। তৰুণ গগৈৰ কাৰ্যকালত স্থানীয় ঐকমত্যৰ ভিত্তিত ঠেঙাল কছাৰী আৰু ৰাভাৰ দৰে সম্প্ৰদায়ৰ বাবে পৰিষদ গঠন কৰা হৈছিল। আনকি ৰাজনৈতিক স্বাৰ্থ উলাই কৰি আমি তৃণমূল পৰ্যায়ৰ নেতাসকলক ক্ষমতা প্ৰদান কৰিছিলো। আজি ইয়াৰ বিপৰীত ঘটিছে।”

বৰ্তমানৰ পৰিষদৰ মুৰব্বীসকলে ৰাজ্য চৰকাৰৰ নিৰ্দেশ নীৰৱে মানি লৈ নিজৰ সম্প্ৰদায়ৰ ক্ষতি কৰাৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। তেওঁ কয়, ‘এওঁলোক বেলেগ মতাদৰ্শৰ হ’লেও তেওঁলোকৰ মানুহৰ পক্ষত থিয় দিয়াৰ সাহস থাকিব লাগে। কিন্তু এতিয়া, তেওঁলোকে ৰাবাৰ ষ্টাম্পৰ দৰে কাম কৰে।’

গগৈয়ে লগতে নিজৰ ইচ্ছামতে মাটি আৰু ৰাজহুৱা সম্পদ বিতৰণ কৰাৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীক সমালোচনা কৰে। ‘স্থানীয় সংস্থাৰ লগত আলোচনা নকৰাকৈ তেওঁ কেনেকৈ পৰিষদৰ মাটি বিতৰণ কৰিব পাৰে?এয়া খিলঞ্জীয়াৰ অধিকাৰৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ।’

পৰিস্থিতিক বিপজ্জনক আখ্যা দি গগৈয়ে সকীয়াই দিয়ে যে জনজাতীয় স্বায়ত্তশাসনৰ ধাৰণাটোৱেই ভাবুকিৰ সন্মুখীন হৈছে। তেওঁ শেষত কয়, ‘এয়া কেৱল ৰাজনীতি নহয় — ই সাংবিধানিক অধিকাৰ ৰক্ষাৰ কথা। এই ক্ষমতা দখলৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰতিবাদ তীব্ৰতৰ কৰিব।

Related News