• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰথমবাৰৰ বাবে হিমন্ত বিশ্বক আক্ৰমণ সাংসদ গৌৰৱ গগৈৰ, “আৰ এছ এছৰ লগ লাগি অসমক অশান্ত কৰাৰ চেষ্টা কৰিছে হিমন্তই”

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
January 16, 2019 8:24 pm
Himanta Gaurav
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘মুখ্য মন্ত্ৰী হোৱাৰ স্বপ্নতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰ এছ এছৰ লগ লাগি অসমক অশান্ত কৰাৰ চেষ্টা কৰিছে’ বুলি ৰাজহুৱাভাৱে কৈ আজি সাংসদ গৌৰৱ গগৈয়ে হিমন্ত বিশ্বলৈ এক প্ৰকাৰৰ নতুন প্ৰত্যাহ্বান এৰি দিয়ে। অসমৰ ৰাজনীতিত পূৰ্বে দুয়োজনৰ মাজত বাকযুদ্ধ দেখিবলৈ পোৱা নাই যদিও আজিৰ গৌৰৱ গগৈৰ আক্ৰমণে সেই বাট মুকলি কৰিব পাৰে।

“মুখ্য মন্ত্ৰী হোৱাৰ সপোন দেখিয়ে ৰাজ্যখনক অশান্ত কৰাৰ পৰিকল্পনা কৰিছে হিমন্ত বিশ্বই।” বোকাখাতৰ এখন সভাত গৌৰৱ গগৈয়ে কয়। সাংসদ গগৈ আজি মিচি স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে বোকাখাতলৈ গৈছিল।

উল্লেখযোগ্য যে চতুৰ ৰাজনীতিক হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছতে থাকি চৰম বিসম্বাদ কৰি থকাৰ সময়তো আৰু তাৰ পিছত বিজেপিলৈ গৈ কংগ্ৰেছক সমালোচনাৰে থকা-সৰকা কৰাৰ সময়তো শৰ্মাৰ বিৰুদ্ধে ৰাজহুৱাকৈ এষাৰো মাত নমতা গৌৰৱ গগৈক আজি ব্যতিক্ৰমভাৱে আক্ৰমণাত্মক ৰূপত দেখা গ’ল। দেউতাক তৰুণ গগৈৰ এসময়ৰ বিশ্বস্ত সংগী হিমন্ত বিশ্বক বোধহয় এয়া যুৱ সাংসদজনৰ প্ৰথমটো পোনপটীয়া আক্ৰমণৰ উদাহৰণ।

আনহাতে মন কৰিব লগীয়া কথাটো হ’ল মন্ত্ৰী হিমন্তয়ো গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লোৱা সাধাৰণতে দেখা নাযায়। ৰাজ্যৰ আনবোৰ ৰাজনীতিকক চতুৰ মন্ত্ৰীজনে যিদৰে অশোভনীয় কটাক্ষ কৰে, গৌৰৱ গগৈক সেয়া কৰা দেখা নাযায়। যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত The Telegraph –অত দিয়া এটা সাক্ষাৎকাৰত হিমন্ত বিশ্বই কৈছিল, সমস্যাটো গৌৰৱ গগৈক লৈ নহয়, তৰুণ গগৈক লৈহে (The issue is not Gaurav, the issue is Tarun Gogoi.)।

আনহাতে যোৱা তিনিটা বছৰত মন্ত্ৰী হিমন্তৰ সাংঘাতিক ধৰণৰ ৰূপান্তৰ হোৱা দেখা পাইছে অসমৰ ৰাইজে। মধ্যমপন্থী কংগ্ৰেছ দলৰ এজন নেতা হিচাপে থকা হিমন্তৰ ধৰ্ম নিৰপেক্ষ ৰূপৰ আমূল পৰিৱৰ্তন হৈ গোড়া হিন্দুত্ববাদীৰ অৱতাৰ ঘটিছে। দল পৰিৱৰ্তনৰ লগে লগে তেওঁৰ পূৰ্বৰ ৰাজনৈতিক মিত্ৰবোৰৰ একাংশ হৈ পৰিছে এক প্ৰকাৰৰ চিৰবৈৰী প্ৰতিদ্বন্দী আৰু নৈমিত্তিক কটাক্ষৰ লক্ষ্য। বিপৰীতে তেওঁক পূৰ্বে নিৰ্মম সমালোচনাৰ (‘গুজৰাটৰ পাইপেৰে মুচলমানৰ তেজ বয়’ বুলি কোৱা কথাটোলৈ মনত পেলাব পাৰি।) লক্ষ্য কৰাসকলৰ বন্দনা কৰাহে দেখিবলৈ পোৱা যায়। তাৰ মাজতো তাৎপৰ্য্যপূৰ্ণভাৱে গৌৰৱ গগৈক সমালোচনাৰ পৰা দূৰত ৰোৱা দেখা গৈছিল হিমন্ত বিশ্বক।

কিন্তু গৌৰৱ গগৈৰ আজিৰ সমালোচনাৰ পিছত প্ৰত্যুত্তৰ দিবলৈ অচিৰেই টঙালি বান্ধিব পাৰে বাকপটু মন্ত্ৰী হিমন্তই। এই ক্ষেত্ৰত দুয়োজনৰ বাকযুদ্ধ চাব লগীয়া হ’ব পাৰে।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm
লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

September 13, 2025 6:13 pm
‘মোক ৯ বছৰ ঘূৰাই দিয়ক’- মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে ৯ কোটি টকাৰ ক্ষতিপূৰণ

‘মোক ৯ বছৰ ঘূৰাই দিয়ক’- মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে ৯ কোটি টকাৰ ক্ষতিপূৰণ

September 13, 2025 5:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd