• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ত্ৰিপুৰা আৰু মণিপুৰৰ তত্ত্বাৱধায়কৰ দায়িত্ব গৌৰৱ গগৈক

এন ই নাও নিউজ by এন ই নাও নিউজ
October 8, 2019 7:32 am
11111-1-1140x570

পশ্চিমবংগত দুৰ্গা পূজা উপভোগ কৰিছে গৌৰৱ গগৈয়ে। ফটো : টুইটাৰ

2.2k
VIEWS
Share on FacebookShare on Twitter

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতিয়ে অসমৰ কলিয়াবৰৰ লোকসভা সমষ্টিৰ দুবাৰৰ সাংসদ গৌৰৱ গগৈক তেওঁৰ বৰ্তমান দলৰ দায়িত্বৰ উপৰি ত্ৰিপুৰা আৰু মণিপুৰৰ তত্ত্বাৱধায়ক হিচাপে নিযুক্তি দিছে।

অসমৰ তিনিবাৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ বৰ্তমান পশ্চিমবংগ আৰু আন্দামান আৰু নিকোবৰ আইলেণ্ডৰ তত্ত্বাৱধায়কৰ দায়িত্বত আছে।

ইয়াৰ পূৰ্বে ত্ৰিপুৰা আৰু মণিপুৰৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধায়কৰ দায়িত্বত আছিল লুইজিনহো ফেলেৰিও।

অৱশ্যে,ফেলেৰিওই উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহৰ তত্ত্বাৱধায়কৰ দায়িত্ব চলাই নিব।

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে এক প্ৰেছ বিজ্ঞপ্তি যোগে সংবাদ মাধ্যমক দলৰ নতুন স্থিতি সন্দৰ্ভত জানিবলৈ দি কয়,’’কংগ্ৰেছ সভাপতিয়ে গৌৰৱ গগৈক বৰ্তমানৰ তেওঁৰ পশ্চিমবংগ আৰু আন্দামান আৰু নিকোবৰ আইলেণ্ডৰ তত্ত্বাৱধায়কৰ দায়িত্বৰ উপৰিও ত্ৰিপুৰা আৰু মণিপুৰৰ তত্ত্বাৱধায়ক হিচাপে নিযুক্তি দিছে। লুইজিনহো ফেলেৰিওই সাধাৰণ সম্পাদক হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহৰ তত্ত্বাৱধায়কৰ দায়িত্ব চলাই নিব।‘’

On the auspicious day of #MahaNavmi, I have been blessed with a new responsibility. I’m grateful to Ma Durga for her grace. I will not let Congress President Madam Sonia Gandhi ji down. pic.twitter.com/JvPmrT9XmZ

— Gaurav Gogoi (@GauravGogoiAsm) October 7, 2019

ত্ৰিপুৰাত ফেলেৰিওৰ হস্তক্ষেপৰ অভিযোগ তুলি ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পদৰ পৰা প্ৰদ্যুৎ মানিক্য দেববাৰ্মাই পদত্যাগ কৰাৰ পাছতেই এআইচিচিয়ে ফেলেৰিওক তেওঁৰ দায়িত্বৰ পৰা আঁতৰোৱাৰ সিদ্ধান্ত লয়।

ইপিনে, ত্ৰিপুৰা আৰু মণিপুৰৰ তত্ত্বাৱধায়ক হিচাপে নিযুক্তি লাভ কৰি গৌৰৱ গগৈয়ে তেওঁৰ টুইটাৰত কয়ঃ ‘’মহা নৱমীৰ দিনাই মই এটা নতুন দায়িত্ব লাভ কৰি ধন্য হ’লো। মই মা দুৰ্গাৰ আশীৰ্বাদৰ বাবে কৃতজ্ঞ। মই কংগ্ৰেছ সভাপতি মেডাম ছোনিয়া গান্ধীক অৱনমিত হ’বলৈ নিদিও।‘’

আনহাতে,ফেলেৰিওৰ প্ৰতি বিষেদ্গাৰ প্ৰকাশ কৰি প্ৰদ্যুৎ দেৱবাৰ্মাই কয়,’’বিজেপিত বহি থকা একাংশ লোকে ত্ৰিপুৰাত কংগ্ৰেছক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল আৰু সাধাৰণ সম্পাদক লুইজিনহো ফেলেৰিওই তেওঁলোকৰ কথা শুনি তেওঁলোকে বিচৰা মতে কামকাজ চলাইছিল।‘’

Recent News

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd