NORTHEAST NOW (Assamese)

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধিগত ব্যৱস্থা গ্ৰহণৰ বাবে কেন্দ্ৰীয় চৰকাৰ আহ্বান গৌৰৱ গগৈৰ

November 27, 2024 8:58 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: November 27, 2024 8:09 pm

অসমৰ ছয়  জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰক্ৰিয়া খৰতকীয়া কৰিবলৈ কেন্দ্ৰক আহ্বান জনাইছে লোকসভাৰ বিৰোধী উপ দলপতি গৌৰৱ গগৈয়ে ৷

যোৰহাটৰ সাংসদ গৰাকীয়ে  অসমৰ  আদিবাসী/চাহ জনজাতি, টাই আহোম, মৰাণ, মটক, চুতীয়া আৰু কোচ-ৰাজবংশী জনগোষ্ঠীক অনুসূচিত জনজাতিৰ কেন্দ্ৰীয় তালিকাত অন্তৰ্ভুক্ত কৰাৰ দাবী জনাই জনগোষ্ঠী ছয়টাক জনজাতিৰ মৰ্যাদা প্ৰদানৰ বিষয়টো পুনৰবাৰ লিখিতভাৱে দাখিল কৰিছে ৷

এই ছয়টা জনগোষ্ঠীয়েই অনুসূচিত জনজাতিৰ বৈশিষ্ট্যৰ অধিকাৰী হোৱাৰ লগতে আৰু কেইবা দশক ধৰি আৰ্থ-সামাজিক ভাৱে পিছপৰি ৰোৱাৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে বুলি সদৰি কৰিছে।

উল্লেখ্য, ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা  প্ৰদানৰ বিষয়টো অসমত বিজেপি দলৰ  অন্যতম নিৰ্বাচনী ইচ্ছ্যু হৈ আহিছে ৷

উল্লেখযোগ্য যে ২০১৯ চনৰ ৮ জানুৱাৰীত ৰাজ্যসভাত সংবিধান (অনুসূচিত জনজাতি) আদেশ (সংশোধনী) বিধেয়ক, ২০১৯ উত্থাপন কৰা হয়। এই বিধেয়কখনৰ উদ্দেশ্য আছিল অসমৰ অনুসূচিত জনজাতিৰ তালিকা সংশোধন কৰা, বিশেষভাৱে ছয় জনগোষ্ঠীয় জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰা। সংসদত বিধেয়কখন গৃহীত হলে অসমৰ পৰা ছয় জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ পথ প্ৰশস্ত হব। ইতিমধ্যে ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগেও(NCST) ছয় জনগোষ্ঠীৰ অন্তৰ্ভুক্তিৰ বাবে অনুমোদন জনাইছে।

সাংসদ গৌৰৱ গগৈয়ে উল্লেখ কৰে যে — “এই গুৰুত্বপূৰ্ণ আইন প্ৰণয়নত পলম হোৱাৰ ফলত এই প্ৰান্তীয় জনগোষ্ঠীসমূহৰ ওপৰত গভীৰ আৰু নেতিবাচক প্ৰভাৱ পৰিছে। ইয়াৰ ফলত এওঁলোকে আৰ্থ-সামাজিক বৈষম্যৰ সমুখীন হৈ আহিছে  আৰু পৰ্যাপ্ত প্ৰতিনিধিত্ব লাভ কৰাৰ পৰা বঞ্চিত হৈছে ৷  অনুসূচিত জনজাতি হিচাপে স্বীকৃতি দিলে ছয় জনগোষ্ঠীয়ে বহু প্ৰয়োজনীয় সাংবিধানিক সুৰক্ষা, সঁহাৰিমূলক ব্যৱস্থা, চৰকাৰী আঁচনি আৰু সম্পদৰ সুবিধা লাভ কৰিবলৈ সক্ষম হব ।

Related News