Gautam Adani: ক’ত ৰ’ল আম্বানি? বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত দ্বিতীয় স্থানত গৌতম আদানী

Gautam Adani becomes world’s 2nd richest person গৌতম আদানীয়ে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত দ্বিতীয় স্থানত উপনীত হৈছে। তেওঁ আমাজনৰ মুখ্য কাৰ্যবাহী বিষয়া জেফ বেজোছক অতিক্ৰমি ফৰ্বছৰ তালিকাৰ দ্বিতীয় শীৰ্ষস্থানলৈ উঠিছে। ইলন মাস্ক এতিয়াও পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে তালিকাৰ শীৰ্ষত আছে।

কেইদিনমান পূৰ্বে গৌতম আদানী এছিয়াৰ প্ৰথম নাগৰিক হিচাপে বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত তৃতীয় স্থানত উপনীত হৈছিল।

শুকুৰবাৰে প্ৰকাশিত ফৰ্বছৰ ৰিয়েল-টাইম বিলিয়নেয়াৰৰ তালিকা অনুসৰি আগৰ বছৰৰ তুলনাত আদানীৰ সম্পত্তি প্ৰায় চাৰি শতাংশ বৃদ্ধি পাইছে। বৰ্তমান আদানী গ্ৰুপৰ অধ্যক্ষৰ মুঠ সম্পত্তি হৈছে ১২.৫ লাখ কোটি। এইদৰে তেওঁ অলপৰ বাবে আমাজনৰ গৰাকীক অতিক্ৰম কৰিছে।

লগতে পঢ়ক: আঠ দিন ধৰি ঘৰত বন্দী কৰি ৰাখি মহিলাক ধৰ্ষণ! পুনৰ অভিযোগৰ কেন্দ্ৰ উত্তৰ প্ৰদেশ

এই তালিকাত আদানীয়ে লুই ভিটনৰ প্ৰতিষ্ঠাপক বাৰ্ণাৰ্ড আৰ্নাল্টকো অতিক্ৰম কৰিছে। অৱশ্যে আগৰ তালিকাৰ দৰে টেছলাৰ পৰিচালক এলন মাস্ক এইবাৰো শীৰ্ষত আছে। মুকেশ আম্বানী বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত শীৰ্ষ ১০ জনৰ ভিতৰত আছে।

যোৱা ৩০ আগষ্টত আদানী বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত তৃতীয় স্থান লাভ কৰা প্ৰথম এছিয়াৰব্যক্তি হিচাপে পৰিগণিত হয়। কিন্তু সাম্প্ৰতিক সময়ত কেইবাটাও প্ৰতিবেদনত কোৱা হৈছে যে আদানী গোটে ইয়াৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ প্ৰয়োজনতকৈ অধিক ঋণ লৈছে। ইয়াৰ ফলত ভৱিষ্যতে সমস্যাৰ সন্মুখীন হ’ব পাৰে বুলিও প্ৰতিবেদনত দাবী কৰা হৈছে। অৱশ্যে আদানী গোটে এই দাবী নাকচ কৰিছে। ১৫ পৃষ্ঠাৰ এক প্ৰতিবেদন প্ৰকাশ কৰি কোৱা হৈছে যে আদানী গোটে নিৰন্তৰ ঋণৰ বোজা হ্ৰাস কৰি আছে।

লগতে পঢ়ক: ষ্টেডিয়ামৰ পিছত আহমেদাবাদত এইবাৰ নৰেন্দ্ৰ মোডীৰ নামেৰে মেডিকেল কলেজ

২০২২ চনৰ আৰম্ভণিৰ পৰা আদানীৰ সম্পত্তি ক্ৰমান্বয়ে বৃদ্ধি পাইছে। যোৱা ফেব্ৰুৱাৰীত গৌতম আদানীয়ে মুকেশ আম্বানীক অতিক্ৰম কৰি ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি হয়। এই বছৰৰ আৰম্ভণিৰ পৰা আদানীৰ সম্পত্তি ৭,০০০ কোটি ডলাৰ বৃদ্ধি হৈছে। মুকেশ আম্বানী ফৰ্বছৰ তালিকাত আঠ নম্বৰত আছে।