‘ৱৰ্কলোড মেনেজমেণ্ট’ কাৰণ বুলি উল্লেখ কৰি অ’ভেল টেষ্টৰ পঞ্চম আৰু অন্তিমখন মেচত খেলা নাছিল ভাৰতৰ মেইন পেচাৰ যশপ্ৰীত বুমৰাহে। অৱশ্যে তেওঁৰ অনুপস্থিতিত ইতিমধ্যে সমগ্ৰ ছিৰিজত ১৮৫.৩ অভাৰ বলিং কৰা মহম্মদ ছিৰাজে নিজৰ কান্ধত বোজা তুলি লৈছিল।
ছিৰিজৰ অন্তিম দিনটোত ইংলেণ্ডৰ বিৰুদ্ধে বলিঙত ছিৰাজে ধুমুহাৰ সৃষ্টি কৰি এটাৰ পিছত এটাকৈ গুৰুত্বপূৰ্ণ উইকেট দখল কৰি দলটোক মেচখন জয় কৰাত সহায় কৰে। ফলত শৃংখলাটো ২-২ ব্যৱধানত ড্ৰ’ হয়।
ছিৰাজৰ অদম্য যুঁজ আৰু দায়বদ্ধতা দেখি ভাৰতীয় ক্ৰিকেট কিংবদন্তি সুনীল গাভাস্কাৰে পুনৰবাৰ ‘ৱৰ্কলোড মেনেজমেণ্ট’ বিষয়টোক কটাক্ষ কৰে। তেওঁৰ মতে, ছিৰাজৰ দৰে খেলুৱৈয়ে এই তত্ত্ব মিছা বুলি প্ৰমাণ কৰিছে আৰু দেশৰ প্ৰতি কৰ্তব্যবোধ প্ৰকৃত খেলুৱৈৰ মূল গুণ হোৱা উচিত।
গাভাস্কৰে কয়, “মই বহুদিনৰ পৰাই কৈ আহিছো যে ভাৰতীয় ক্ৰিকেট অভিধানৰ পৰা ‘ৱৰ্কলোড’ শব্দটো আঁতৰাই পেলাব লাগে। ছিৰাজে পাঁচখন টেষ্টতে নিজৰ সকলোখিনি দিছে, নিয়মিতভাৱে ৬ৰ পৰা ৮ অভাৰত বলিং কৰিছে, কাৰণ অধিনায়কে বিচাৰিছিল, দেশখনে বিচাৰিছিল। এয়া শাৰীৰিক কথা নহয়, ই এটা মানসিক কথা। খেলুৱৈসকলৰ মূৰত ৰোপণ কৰিব লাগিব যে যেতিয়া তুমি দেশৰ হৈ খেলি আছা, তেতিয়া সৰু সৰু যন্ত্ৰণাবোৰক আওকাণ কৰিব লাগিব।”
গাভাস্কাৰে পৰোক্ষভাৱে টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰলৈও বাৰ্তা প্ৰেৰণ কৰে। গম্ভীৰে পূৰ্বে ঘোষণা কৰিছিল যে ‘কামৰ বোজা’ৰ কথা বিবেচনা কৰি বুমৰাহে শৃংখলাত সৰ্বাধিক তিনিখন টেষ্ট খেলিব।
গাভাস্কৰে লগতে কয়, “যেতিয়া তুমি দেশৰ জাৰ্চি পিন্ধি খেলপথাৰত নমা, তেতিয়া ই কেৱল খেল নহয়, ই ১৪০ কোটি মানুহৰ সন্মান। সেনা জোৱানসকলে ঠাণ্ডা বা ক্লান্তিৰ অভিযোগ কৰে? তেওঁলোকে নিজৰ প্ৰাণ দিবলৈ সাজু। খেলুৱৈসকলেও সেই মানসিকতাৰে খেলিব লাগিব। পন্তৰ কথাটোৱে ধৰি লওক, আঘাত লৈ বেটিং কৰিবলৈ নামিছিল। ছিৰাজেও একেই কাম কৰিছে। ভাৰতীয় ক্ৰিকেটত এই মানসিকতাই বিচাৰো।”
গাভাস্কৰে কয় যে ভাৰতে কম ৰানৰ বাবে দুখন মেচত পৰাস্ত হৈছিল। কিন্তু শেষৰখন মেচত ছিৰাজৰ প্ৰদৰ্শনেই ভাৰতক টেষ্টলৈ ঘূৰাই অনা বুলি কয় তেওঁ।
এই বক্তব্যৰ পিছত ‘কামৰ বোজা’ বিতৰ্কই ক্ৰিকেট জগতত অধিক চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিন্তু জনা যায় যে ইয়াৰ কাৰণ ৱৰ্কলোড মেনেজমেণ্টৰ বাবে নহয়, বৰঞ্চ আঘাতৰ বাবেই বুম বুম বুমৰাহক অভাল টেষ্টৰ পৰা বাদ দিয়া হৈছে। আঁঠুৰ আঘাতৰ বাবে বুমৰাহ অবিহনে পঞ্চম টেষ্টত নামে ভাৰত। সেই দলটোৰ একমাত্ৰ লাইটহাউচ আছিল মহম্মদ চিৰাজ। তেওঁ পোহৰ দেখুৱালে।
কিন্তু বুমৰাহৰ আঘাতৰ আপডেট ইমান দেৰিকৈ কিয় আহিল? ৩১ জুলাইত বিচিচিআইৰ প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছিল যে ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চমখন টেষ্টৰ বাবে বুমৰাহক দলত অন্তৰ্ভুক্ত কৰা হোৱা নাই। অৱশ্যে সেই সময়ত বুমৰাহৰ আঘাতৰ কথা ঘোষণা কৰা হোৱা নাছিল।
সেইদিনা ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ এজন বিষয়াই কয়, “দুৰ্ভাগ্যজনকভাৱে বুমৰাহ আঁঠুৰ আঘাতত ভুগি আছে। ভাল কথাটো হ’ল বুমৰাহক আৰু অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই। বিচিচিআইৰ চিকিৎসা দলটোৱে তেওঁৰ স্কেন ৰিপৰ্টৰ বাবে অপেক্ষা কৰি আছে।”