• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শক্তিশালী প্ৰতিপক্ষৰ বিৰুদ্ধে পৰাজয়! স্বপ্নভংগৰ পিছত টীম ইণ্ডিয়াক কি বাৰ্তা কিংবদন্তি ক্ৰিকেটাৰৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 20, 2023 9:58 am
47.5k
VIEWS
Share on FacebookShare on Twitter

বহুত ভাল দলৰ বিৰুদ্ধে তোমালোক পৰাস্ত হৈছা। গতিকে ইমান লজ্জিত হোৱাৰ প্ৰয়োজন নাই। ১২ বছৰৰ পাছত বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰাৰ পিছত বিশ্বকাপৰ পৰা বঞ্চিত ভাৰতীয় দলটোক এই বাৰ্তা দিছে কিংবদন্তি সুনীল গাভাস্কাৰে। আন এগৰাকী বিশ্বকাপ বিজয়ী যুৱৰাজ সিঙে কয় যে সমগ্ৰ দেশৰ জনসাধাৰণক একত্ৰিত কৰাৰ বাবে মেন ইন ব্লুক অভিনন্দন জনোৱা উচিত। বিশ্বকাপৰ ফাইনেলত পৰাজয়ৰ পাছত শচীন টেণ্ডুলকাৰেও খেলপথাৰলৈ আহি ৰোহিত শৰ্মাৰ দলটোক সান্ত্বনা দিয়ে।

বিশ্বকাপত একেৰাহে ১০খন খেলত জয়লাভ কৰি ভাৰতে ফাইনেলত প্ৰৱেশ কৰে। কিন্তু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অন্তিমখন খেলত ৰোহিত বাহিনী সম্পূৰ্ণৰূপে ছিন্নভিন্ন হৈ পৰে। ঘৰুৱা খেলপথাৰত ভাৰতক পৰাস্ত কৰি অষ্ট্ৰেলিয়াই ষষ্ঠবাৰৰ বাবে বিশ্বকাপ জয় কৰে।

ইয়াৰ পিছতে অধিনায়ক ৰোহিত শৰ্মাকে ধৰি সমগ্ৰ ভাৰতীয় দলটোৱে কান্দোনত ভাগি পৰা দেখা যায়। সেই সময়ত দৰ্শকৰ আসনৰ পৰা  খেলপথাৰলৈ নামি আহিছিল শচীন তেণ্ডুলকাৰ। ভাগি পৰা বিৰাট কোহলীহঁতক তেওঁ সান্ত্বনা দিয়ে। ২০০৩ চনত ক্ৰিকেটৰ ভগৱানে নিজেও এই একে অভিজ্ঞতা লাভ কৰিছিল। কিন্তু ২০১১ চনত তেওঁ লাভ কৰিছিল বিশ্বকাপ জয়ৰ সোৱাদ।

ফাইনেলত পৰাস্ত হোৱাৰ পিছতো ভাৰতে গৌৰৱ কৰা উচিত বুলি অনুভৱ কৰিছে বিশ্বকাপ বিজয়ী সুনীল গাভাস্কাৰে। মেচৰ শেষত লিটিল মাষ্টৰে কয়, “অৱশ্যেই বৰ বেয়া লাগিছে। কিন্তু এই ভাৰতীয় দলটোক লৈ আমি গৌৰৱ কৰা উচিত। তেওঁলোকে দুৰ্দান্ত ক্ৰিকেট খেলিছে। কথাবোৰ সদায় আমাৰ সপক্ষে নাযায়। কিন্তু দলটোক লৈ মই গৌৰৱান্বিত। শক্তিশালী দলৰ বিৰুদ্ধে পৰাস্ত হ’লে কোনো লাজ নাই। আজি অষ্ট্ৰেলিয়াই ভাৰততকৈ বহুত ভাল খেলিলে।”

Congratulations on this incredible journey all through the #WorldCup campaign 🇮🇳

The final result may not have been in our favour, but you created unforgettable moments and made us proud!

You brought the entire nation together with what you achieved as a team ❤️ 🇮🇳 Chin up… pic.twitter.com/GAJLcn6mv7

— Yuvraj Singh (@YUVSTRONG12) November 19, 2023

আনহাতে, যুৱৰাজ সিঙৰ বাৰ্তা হৈছে যে ৰোহিত বাহিনীয়ে হাৰিলেও শিৰ উন্নত কৰি ৰাখিব লাগে। ২০১১ চনৰ প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈগৰাকীয়ে টুইট কৰি কয় যে, ‘’সমগ্ৰ বিশ্বকাপত টীম ইণ্ডিয়াই অসাধাৰণ খেল প্ৰদৰ্শন কৰিছে। ফাইনেলত জয়ী নহ’লেও প্ৰতিযোগিতাখনত তোমালোকে এক সুন্দৰ মুহূৰ্ত উপহাৰ দিছা। সমগ্ৰ দেশখনক একেলগে বান্ধি ৰাখিছা। গতিকে মূৰ ওপৰলৈ তুলি ৰাখা।”

Recent News

ধ্বংসৰ মুখত কৰাচী বন্দৰ; পাকিস্তানৰ ওপৰত জল, স্থল আৰু আকাশ তিনি পথেৰে আক্ৰমণ ভাৰতৰ

ধ্বংসৰ মুখত কৰাচী বন্দৰ; পাকিস্তানৰ ওপৰত জল, স্থল আৰু আকাশ তিনি পথেৰে আক্ৰমণ ভাৰতৰ

হামাছৰ দৰে আক্ৰমণ কৰিছে পাকিস্তানে! ভাৰতে ধ্বংস কৰিলে তিনিখন যুদ্ধ বিমান

হামাছৰ দৰে আক্ৰমণ কৰিছে পাকিস্তানে! ভাৰতে ধ্বংস কৰিলে তিনিখন যুদ্ধ বিমান

অত্যধিক চুলি সৰে? শৰীৰত এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ অভাৱৰ লক্ষণ হ’ব পাৰে, জানি লওক

অত্যধিক চুলি সৰে? শৰীৰত এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ অভাৱৰ লক্ষণ হ’ব পাৰে, জানি লওক

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd