“এইয়া অখিলৰ জয় নহয়; এইয়া ৰাইজৰ জয়” গীতাশ্ৰী তামুলী

অখিলক কাৰাগাৰৰ পৰা মুক্ত কৰাবলৈ বহু দীঘলীয়া সময় লাগিব— অখিল পত্নী

akhi

কাৰাগাৰত আবদ্ধ থাকি নিজে শিৱসাগৰ সমষ্টিত উপস্থিত নথকাকৈ, প্ৰচাৰ নকৰাকৈ জয়ী হ’ল জননেতা অখিল গগৈ।

অসম বিধানসভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা জয় লাভ কৰা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ হৈ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁৰ পত্নী গিতাশ্ৰী তামুলীয়ে কয় “এইয়া অখিলৰ জয় নহয়;এইয়া ৰাইজৰ জয়।”

আনহাতে তামুলীয়ে জনোৱা অনুসৰি অখিল গগৈক সাক্ষাৎ কৰি অহাৰ পাছত অখিল গগৈয়ে তেওঁক কয় যে “এতিয়াৰ পৰা মোৰ বহু দায়িত্ব বাঢ়িল।এতিয়াৰে পৰা বিধানসভাৰ মজিয়াত ৰাইজৰ হৈ শিৱসাগৰবাসীৰ হৈ বহু কথাই উত্থাপন কৰিব লাগিব।”

তদুপৰি এতিয়াও অখিলক কাৰাগাৰৰ পৰা মুক্ত কৰাবলৈ বহু দীঘলীয়া সময় লাগিব বুলি উল্লেখ কৰি তেওঁ  লগতে কয় “মেধা পাটেকাৰ আৰু যোগেন্দ্ৰ যাদৱৰ লগত কথা পতা হৈছে আৰু তেওঁলোকেও ভাল ভাল অধিবক্তা সকলৰ লগত কথা বতৰা পাতিছে কেনেকৈ আচলতে এই গোটেই প্ৰক্ৰিয়াতো সম্পন্ন কৰা হব।”