গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক সন্মিলন সম্পন্ন

Girijananda Chowdhury University

গুৱাহাটীস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত যোৱা ২৩-২৪ জানুৱাৰীত ‘Beyond Borders and Boundaries: Indigenous Cultures Now and Then’ শীৰ্ষকেক আন্তৰ্জাতিক সন্মিলন সফলতাৰে সম্পন্ন হয়।

ভাৰত আৰু ৰাছিয়াৰ জাতীয় সংগীতেৰে এই সন্মিলনৰ আৰম্ভণি ঘটে। মননশীল-অন্তৰ্দৃষ্টিসম্পন্ন এই সন্মিলনখনে ভৌগোলিক, সাংস্কৃতিক সীমা অতিক্ৰমি ঐক্য আৰু সাংস্কৃতিক বিনিময়ৰ সংযোগ গঢ়ি তোলে।

এছ এছ এ ছ’চাইটিৰ সভাপতি যশোদা ৰঞ্জন দাসে কাৰ্যসূচীৰ বিৱৰণ দাঙি ধৰাৰ পিছতে প্ৰতিনিধিসকলক সম্বৰ্ধনা জনোৱা হয় আৰু সন্মিলনখনলৈ তেওঁলোকৰ অৱদানৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয়।

উপাচাৰ্য অধ্যাপক কন্দৰ্প দাসে বক্তব্য আগবঢ়াই সন্মিলনৰ উদ্বোধন কৰাৰ পিছতে ৰাছিয়ান ষ্টেট ইউনিভাৰ্চিটি ফৰ দা হিউমেনিটিজ, মস্কোৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভাৰপ্ৰাপ্ত ভাইচ-ৰেক্টৰ অধ্যাপিকা ভেৰা আই জাবটকিমাই বক্তব্য আগবঢ়ায়।

ৰাছিয়ান ষ্টেট ইউনিভাৰ্চিটি ফৰ দা হিউমেনিটিজৰ অধ্যাপক আলেকজেণ্ডাৰ ষ্টোলিয়াৰভ আৰু ড০ ইন্দিৰা গাজীভা, হায়দৰাবাদৰ ই এফ এল ইউৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক অভয় মৌৰ্য, সাবিত্ৰীবাই ফুল পুনে বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ অনাঘা ভাট বেহেৰে সন্মিলনত বিশিষ্ট মুখ্য বক্তা আৰু অতিথি হিচাপে অংশগ্ৰহণ কৰে।

বিশিষ্ট বক্তা অধ্যাপক অভয় মৌৰ্যই সন্মিলনৰ বিষয়বস্তুৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ ওপৰত আলোচনা আগবঢ়াই চিন্তা-উদ্দীপক ভাষণ প্ৰদান কৰে। ইয়াৰ পিছতে সন্মিলনৰ আহ্বায়ক, ইংৰাজী আৰু বিদেশী ভাষা বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ নীলাক্ষী গোস্বামীয়ে সন্মিলনৰ সফলতাত আগবঢ়োৱা অৱদানৰ বাবে সকলো অংশগ্ৰহণকাৰী আৰু সহযোগীক কৃতজ্ঞতা জ্ঞাপন কৰে।