গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ইউফুজিম, ২৪

Girijanand Chaudhary University

ৰাজ্যৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত তিনিদিনীয়া কাৰ্যসূচীৰে ‘ইক্ষা’ (EEKSHA ) প্ৰসঙ্গ বিষয়লৈ আজিৰ পৰা বাৰ্ষিক মহোৎসৱ ইউফুজিম, ২৪ অনুষ্ঠিত কৰা হৈছে। আজিৰ পৰা অহা ১ ফেব্ৰুৱাৰীলৈ বিশ্ববিদ্যালয় চৌহদত এই অনুষ্ঠান অনুষ্ঠিত হ’ব।

আজি বন্তি প্ৰজ্বলন আৰু বিশ্ববিদ্যালয় সঙ্গীতেৰে আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত ছাত্ৰ আহ্বায়ক বিতুপন বৰুৱাই এই বাৰ্ষিক উৎসৱলৈ উপস্থিত সকলোকে আদৰণি জনোৱাৰ লগতে তিনিদিনীয়া কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে l শ্ৰী মন্ত শংকৰ একাডেমী গোষ্ঠীৰ সভাপতি শ্ৰীযুত যশোদা ৰঞ্জন দাসে বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আদৰণি ভাষণ ৰাখে।

বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড. কন্দৰ্প দাসে ইউফুজিমলৈ উপস্থিত সকলোকে আদৰণি জনোৱাৰ লগতে কয় যে বিশ্ববিদ্যালয়ত অতি আড়ম্ভৰপূৰ্ণ ভাৱে অনুষ্ঠিত কৰা এই বাৰ্ষিক উৎসৱে ছাত্ৰ ছাত্ৰীৰ সুপ্ত প্ৰতিভা বিকাশৰ এখন সুন্দৰ মঞ্চ দিব পাৰিছে।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত l ভাষণ প্ৰসংগত তেখেতে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি কয় যে বৰ্তমান যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছ , ভাং আদিৰ প্ৰতি বাঢ়ি অহা আসক্তি ৰোধ কৰাৰ সময় সমাগত।

তেখেতে লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতিক প্ৰত্যেকেই আকোঁৱালি ল’লেহে পৰস্পৰে সংহতিৰে আগুৱাই যাব পাৰিব বুলি নিজ বক্তব্যত উল্লেখ কৰে। অসম সংগীতেৰে অন্ত পৰা উদ্বোধনী অনুষ্ঠানত শিক্ষক আহবায়ক ড. বাসৱ দাসে সকলোকে শলাগৰ শৰাই আগবঢ়োৱাৰ লগতে অনুষ্ঠানলৈ আমন্ত্ৰণ জনায়।

উদ্ধোধনী অনুষ্ঠান অন্ত পৰাৰ পাছতেই আৰম্ভ হয় থলুৱা বাদ্য যন্ত্ৰৰে পৰিবেশন কৰা অসমৰ বাৰে ৰহনীয়া লোক সংগীত। তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই বাৰ্ষিক মহোৎসৱত আন্তঃ মহাবিদ্যালয় পৰ্য্যায়ত নৃত্য, গীত , কুইজ, তৰ্ক, কবিতা আবৃত্তি, মডেল মেকিং, প্ৰগ্ৰামিং , গ্লিৰ্টাচ আদি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।