মধ্যপ্ৰদেশৰ উজ্জয়ন চহৰৰ এটা ৰাজপথত ১২ বছৰীয়া এগৰাকী কিশোৰীক ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ কৰাৰ পাছতে সম্পন্ন কৰা স্বাস্থ্য পৰীক্ষাত কন্যা শিশুগৰাকী ধৰ্ষণৰ বলি হোৱাটো বুলি নিশ্চিত কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
আৰক্ষীয়ে প্ৰকাশ কৰা মতে ২৫ ছেপ্টেম্বৰত উদ্ধাৰ হোৱা কন্যা শিশুগৰাকীৰ ঘৰ চুবুৰীয়া ৰাজ্য উত্তৰ প্ৰদেশৰ বুলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে শিশুটিয়ে বৰ্তমানলৈকে আৰক্ষীৰ আগত নিজৰ নাম আৰু ঠিকনা সঠিকভাৱে ক’ব পৰা নাই। সেয়ে কন্যা শিশুটিৰ সঠিক পৰিচয় উদ্ধাৰ কৰাত বিলম্ব হৈছে আৰক্ষীৰ।
জিলা আৰক্ষী অধীক্ষক শচীন শৰ্মাই কয়, ‘সোমবাৰে উজ্জয়নৰ মহাকাল থানা এলেকাৰ তলত অৱস্থিত এটা ৰাস্তাত প্ৰায় ১২ বছৰীয়া এগৰাকী কিশোৰীক তেজ ওলাই থকা অৱস্থাত উদ্ধাৰ কৰা হয়।’
‘ছোৱালীজনী সম্ভৱতঃ উত্তৰ প্ৰদেশৰ বাসিন্দা। তাইৰ হাতত নাই কোনো পৰিচয় পত্ৰ নাই, আৰু নিজৰ নাম আৰু ঠিকনা আৰক্ষীক সঠিকভাৱে ক‘ব পৰা নাই।’ আৰক্ষী বিষয়া শচীন শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়।
নাবালিকাগৰাকীৰ অৱস্থা গুৰুতৰ হোৱাৰ বাবে মঙলবাৰে উন্নত চিকিৎসাৰ বাবে ইন্দোৰলৈ প্ৰেৰণ কৰা হয় বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।
ইতিমধ্যে ঘটনা সন্দৰ্ভত মহাকাল থানাত এটা গোচৰ ৰুজু কৰা হৈছে আৰু ঘটনাৰ তদন্ত অব্যাহত আছে বুলিও তেওঁ লগতে কয়।
তেওঁ কয় যে ঘটনাটোৰ তদন্ত আৰু চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰিবলৈ বিশেষ তদন্তকাৰী দল (এছআইটি) গঠন কৰা হৈছে যাতে অভিযুক্তক অতি সোনকালে গ্ৰেপ্তাৰ কৰা যায়।
ইফালে মধ্যপ্ৰদেশ কংগ্ৰেছৰ মুৰব্বী কমল নাথে ভুক্তভোগীক শিশু কন্যাটিক ১ কোটি টকাৰ আৰ্থিক সাহায্য দিয়াৰ লগতে গোচৰৰ অভিযুক্তক কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়।