মহানগৰীত বন্ধুৰ ঘৰত যুৱতীৰ মৃতদেহ; অত্যধিক ড্ৰাগছ লোৱা বুলি দাবী

Ikshaku&Aparupa

ইক্ষাকু আৰু অপৰূপা।

অত্যধিক ড্ৰাগছ সেৱনৰ ফলত মৃত্যু হোৱা বুলি প্ৰাথমিকভাৱে আৰক্ষীয়ে অনুমান কৰা এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে মহানগৰীৰ বন্ধুৰ ঘৰৰ বাথৰূমত।

মহানগৰীৰ ডাউন-টাউনৰ মথুৰা নগৰত সংঘটিত হোৱা ভয়ংকৰ কাণ্ডটোত আৰক্ষীয়ে ইতিমধ্যে জিম্মাত লৈ জেৰা কৰি আছে ঠাইখনৰ কৃষ্ণকান্ত সন্দিকৈ পথৰ নিৱাসী ইক্ষাকু দাস (৪০) নামৰ এজন যুৱকক।

দিচপুৰ আৰক্ষীয়ে দিয়া তথ্য মতে, মৃত অপৰূপা দাস (২২) নামৰ যুৱতীগৰাকী আজি যোৱানিশা ইক্ষাকুৰ ঘৰলৈ পাৰ্টী কৰাৰ বাবে আহিছিল।

মাত্ৰ ৬-৭ মাহ পূৰ্বে ইক্ষাকুৰ সৈতে ফেইচবুকৰ জৰিয়তে চিনাকি হোৱা মহানগৰীৰে বামুণীমৈদামৰ যুৱতী অপৰূপা পূৰ্বেও ৩-৪ বাৰ ইক্ষাকুৰ ঘৰলৈ আহিছিল। ৭ মে’ৰ সন্ধিয়াও একেদৰে ইক্ষাকুৰ ঘৰলৈ আহিছিল।

“ছোৱালীজনী ড্ৰাগছ এডিক্টেড বুলি মই নাজানিছিলো। তাই ড্ৰাগছ লৈ আহিছিল। তাৰ পিছত বাথৰূমত সোমাই ড্ৰাগছ ল’লে আৰু তাতে শুই গ’ল। তাইৰ নিচা হৈছিল কাৰণে শুই গ’ল বুলি ভাবিছিলো। উশাহ দীঘল দীঘল হৈ গৈছিল। তাৰ পাছত মাকক ফোন কৰি ক’লো। তাৰ পাছত মই ডাউন-টাউন হাস্পতাললৈ আনো”, এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ আগত এই মন্তব্য বৰ্তমান আৰক্ষীৰ জিম্মাত থকা ইক্ষাকুৰ।

ডাউন-টাউন হাস্পতালত চিকিৎসকে যুৱতীগৰাকীক মৃত ঘোষণা কৰে, তেওঁ জনায়।

ঘটনাৰ বিষয়ে জানিব পৰাৰ পিছতেই দিচপুৰ আৰক্ষী উপস্থিত হয় আৰু ইক্ষাকুক আটক কৰি থানালৈ আনে।

ইপিনে, আৰক্ষী সূত্ৰই যুৱকজন অবিবাহিত বুলি জানিবলৈ দিছিল যদিও তেওঁৰ ফেইচবুক প্ৰফাইলৰ পৰা জানিব পৰা মতে তেওঁ বিবাহিত আৰু এগৰাকী জীয়েকো আছে।

দিচপুৰ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ইক্ষাকুক জেৰা অব্যাহত ৰাখিছে। হত্যা নে অত্যধিক ড্ৰাগছ সেৱনৰ ফলত মৃত্যু সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

মৃত অপৰূপা চেন্নাইত এয়াৰ হোষ্টে’ছ পঢ়ি আছিল।