• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৱানখেড়েত মেক্সৱেলৰ অবিশ্বাস্য প্ৰদৰ্শন! কি ক’লে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰগৰাকীৰ ভাৰতীয় পত্নীয়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 9, 2023 9:48 am
17.3k
VIEWS
Share on FacebookShare on Twitter

ৱানখেড়েত আফগানিস্তানৰ বিৰুদ্ধে গ্লেন মেক্সৱেলে এক অবিশ্বাস্য ইনিংছ খেলিছিল। তেওঁৰ অপৰাজিত ২০১ ৰানৰ সুবাদতে প্ৰায় পৰাস্ত হোৱা মেচখনত জয়লাভ কৰিছিল অষ্ট্ৰেলিয়াই। মেক্সৱেলে এককভাৱে দলটোক বিশ্বকাপৰ ছেমি ফাইনেললৈ উন্নীত কৰে। পত্নী বিনি ৰমনেও স্বামীৰ এই ইনিংছ দেখি স্তম্ভিত।

মেক্সৱেলে খেলি থকাৰ সময়ত বিনি ৱানখেড়ে ষ্টেডিয়ামত উপস্থিত আছিল। মেচ শেষ হোৱাৰ পিছত তেওঁ নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এখন ছবি পোষ্ট কৰে। মেক্সৱেলক তাত খেলপথাৰত খেলি থকা দেখা যায়।

বিনিয়ে ১০০ কাটি ছবিখনৰ মাজত ২০১ লিখিলে। অৰ্থাৎ তেওঁৰ স্বামীয়ে শতৰাণ নহয়, দ্বিশতৰাণ কৰা বুলি বুজাব বিচাৰিছে। এই ইনিংছটো দেখাৰ পিছত তেওঁ নিজৰ আৱেগক ধৰি ৰাখিব পৰা নাই বুলিও বুজাই দিছে বিনিয়ে।

ভাৰতীয় পত্নী বিনি ৰমনৰ সৈতে গ্লেন মেক্সৱেল। ফটোঃ সংগ্ৰহীত।

২০২২ চনত বিনিৰ সৈতে বিবাহপাশত আবদ্ধ হয় মেক্সৱেল। চলিত বৰ্ষৰ মে’ মাহত তেওঁলোকৰ এটি পুত্ৰ সন্তান জন্ম হয়। বিশ্বকাপৰ আৰম্ভণিতে তেওঁলোক ভাৰতত নাছিল। প্ৰতিযোগিতাৰ সময়ত ভাৰতলৈ আহিছিল পত্নী আৰু নৱজাত পুত্ৰ। পৰিয়ালক কাষত পাই মেক্সৱেলৰ যেন খেলৰ শৈলীয়েই সলনি হৈছে । তেওঁ বিধ্বংসী খেল খেলিছে।

ভাৰতীয় পত্নী বিনি ৰমনৰ সৈতে গ্লেন মেক্সৱেল। ফটোঃ সংগ্ৰহীত।

চলিত বিশ্বকাপত মেক্সৱেলে মাত্ৰ ৪০টা বলত শতক অৰ্জন কৰিছে। প্ৰসংগক্ৰমে আগদিনা সন্তানৰ সৈতে বিনি ভাৰতলৈ আহিছিল। মঙলবাৰে ৱানখেড়েত আফগানিস্তানৰ বিৰুদ্ধে ৯১ ৰানত ৭ ৰানৰ পৰা মেক্সৱেলে দলটোক ২৯৩ ৰানলৈ লৈ যোৱাত নেতৃত্ব দিয়ে। তেওঁ ১২৮টা বলত ২০১ ৰান সংগ্ৰহ কৰে। মেক্সৱেলে ২১টা চাৰি আৰু ১০টা ছয় মাৰে।

ভাৰতীয় পত্নী বিনি ৰমনৰ সৈতে গ্লেন মেক্সৱেল। ফটোঃ সংগ্ৰহীত।

এই ইনিংছৰ পিছত শচীন তেণ্ডুলকাৰে কয় যে এই ইনিংছ তেওঁ দেখা শ্ৰেষ্ঠ ইনিংছ। বিৰাট কোহলীয়েও অভিনন্দন জনায়। এইবাৰ অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰগৰাকীয়ে পত্নীৰ পৰাও প্ৰশংসা লাভ কৰে।

Recent News

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd