NORTHEAST NOW (Assamese)

আজি বিশ্ব হাত ধোৱা দিৱস, কেতিয়াৰ পৰা আৰু কিয় পালন কৰা হয় এই দিৱস?

October 15, 2024 12:18 pm · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

আজি বিশ্ব হাত ধোৱা দিৱস। বিশ্বজুৰি ১৫ অক্টোবৰত এই দিৱস পালন কৰা হয়। ইয়াৰ উদ্দেশ্য হাত ধোৱাৰ অভ্যাসৰ প্ৰসাৰৰ লগতে জনসচেতনতা বৃদ্ধি। এইবাৰৰ বিশ্ব হাত ধোৱা দিৱসৰ বিষয়বস্তু হৈছে ‘পৰিষ্কাৰ হাত এতিয়াও কিয় গুৰুত্বপূৰ্ণ?’

বিশ্ব জনসচেতনতা সৃষ্টি আৰু অনুপ্ৰাণিত কৰাৰ বাবে ই এক প্ৰচাৰ দিন। বিশ্ব হাত ধোৱা দিৱসৰ মূল উদ্দেশ্য হৈছে চাবোনেৰে হাত ধোৱাৰ এক উমৈহতীয়া সংস্কৃতিক সমৰ্থন আৰু প্ৰচাৰ কৰা, প্ৰতিখন দেশতে হাত ধোৱাৰ ওপৰত গুৰুত্ব দিয়া আৰু চাবোনেৰে হাত ধোৱাৰ উপকাৰিতাৰ বিষয়ে সজাগতা সৃষ্টি কৰা।

লগতে পঢ়কঃ বিশ্ববিদ্যালয়ৰ নাম সলনি, নতুনকৈ নামকৰণ কৰা হ’ল ৰতন টাটা বিশ্ববিদ্যালয়

গ্ল’বেল হেণ্ডৱাছিং ডে’ গ্ল’বেল হেণ্ডৱাছিং পাৰ্টনাৰশ্বিপে প্ৰতিষ্ঠা কৰিছিল, আৰু ই হৈছে জটিল সময়ত মানুহক চাবোনেৰে হাত ধোৱাৰ বাবে উৎসাহিত কৰিবলৈ সৃষ্টিশীল উপায়েৰে সজাগ কৰাৰ এক সুযোগ। প্ৰতি বছৰে ১৫ অক্টোবৰত গ্লোবেল হেণ্ডৱাছিং ডে’ পালন কৰা হয়।

২০০৮ চনত প্ৰথম গ্ল’বেল হেণ্ডৱাছিং ডে’ অনুষ্ঠিত হৈছিল, য’ত বিশ্বৰ ১২ কোটিৰো অধিক শিশুৱে ৭০ খনতকৈও অধিক দেশত চাবোনেৰে হাত ধুইছিল। ২০০৮ চনৰ পৰা সম্প্ৰদায় আৰু ৰাষ্ট্ৰীয় নেতাসকলে গ্লোবেল হেণ্ডৱাছিং ডে’ৰ সহায়ত হাত ধোৱাৰ বিষয়ে প্ৰচাৰ কৰে আৰু পৰিষ্কাৰ হাতৰ গুৰুত্ব দাঙি ধৰে।

তেতিয়াৰ পৰাই গ্ল’বেল হেণ্ডৱাছিং ডে’ৰ প্ৰসাৰতা অব্যাহত আছে। গ্ল’বেল হেণ্ডৱাশ্বিং ডে’ৰ সমৰ্থনত চৰকাৰ, বিদ্যালয়, আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান, নাগৰিক সমাজৰ সংগঠন, এন জি অ’, ব্যক্তিগত সংস্থা, ব্যক্তি, আৰু অন্যান্যসকলে আগবাঢ়ি আহিছে। 

Related News