কিছুদিন পূৰ্বে প্ৰকাশ পাইছিল গ্ল’বেল হাংগাৰ ইনডেক্সৰ তালিকা।
তালিকাত প্ৰধানমন্ত্ৰী মোদীৰ বিশ্বগুৰু ভাৰতক দেখা গ’ল ক্ষুধাতুৰ ভাৰতৰূপে!
গ্ল’বেল হাংগাৰ ইনডেক্সৰ শেহতীয়া সমীক্ষাৰ ক্ষুধাৰ্ত দেশৰ তালিকাত ভাৰতৰ স্থান হৈছে ১০১ নম্বৰত।
সমীক্ষাৰ মতে ভাৰতৰ স্থান চুবুৰীয়া দেশ বাংলাদেশ, পাকিস্তান আৰু নেপালতকৈ তলত। অৰ্থাৎ ভাৰতে নিজতকৈ দুখীয়া দেশ বুলি ভাবি সন্তুষ্টিত লভি থকা তিনিখন চুবুৰীয়া দেশৰ ক্ষুধাৰ্ত লোকৰ সংখ্যা ভাৰততকৈ কম।
মন কৰিবলগীয়া কথা যে যোৱা বছৰৰ এই তালিতাত ভাৰতৰ স্থান আছিল ৯৪ নম্বৰত। বিগত বছৰত কোভিড যুদ্ধকালীন সময়ছোৱাত নিজকে বিশ্বগুৰু বুলি ঘোষণা কৰা ভাৰতৰ অহংকাৰ তথা দৰ্পক চূৰ্ণ কৰি এটা বছৰতে ৭ টা স্থান পিছুৱাই আহিবলৈ বাধ্য হ’ল প্ৰধান নৰেন্দ্ৰ মোদীৰ ভাৰত।
উল্লেখ্য যে এই সূচাংকত চাৰিটা মাপকাঠিৰে নিৰ্ধাৰণ কৰা হয়। এই চাৰিটা মাপকাঠি হৈছে অপুষ্টি অৰ্থাৎ Undernourishment, শিশু অপচয় অৰ্থাৎ Child Wasting (পাঁচ বছৰৰ তলৰ শিশু যাৰ উচ্চতাৰ বাবে কম ওজন থাকে), Child Stunting (পাঁচ বছৰৰ তলৰ শিশু, যাৰ বসয়ৰ অনুসাৰে উচ্চতা বৃদ্ধি হোৱা নাই) আৰু শিশু মৃত্যুৰ হাৰ (পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ হাৰ)।
এই চাৰিটা মাপকাঠিৰে কৰা গ্ল’বেল সূচাংকত ১১৬ খন দেশৰ ভিতৰত ভাৰতত সৰ্বাধিক শিশুৰ অপচয় অৰ্থাৎ Child Wasting হৈছে। ইয়ে ভাৰতৰ ৫ বছৰৰ তলৰ শিশুৰ পুষ্টিহীনতাক প্ৰতিফলিত কৰিছে। প্ৰতিবেদৰ মতে ডঃ মনমোহিন সিঙৰ দ্বিতীয়টো কাৰ্যকালত ২০১০-১৪ Child Wastingৰ হাৰ আছিল ১৫.১% আৰু নৰেন্দ্ৰ মোদীৰ আমোলৰ ২০১৬-২০ত ই ১৭.৩%লৈ বৃদ্ধি পাইছে। অৱশ্যে এই সময়ছোৱাত শিশুৰ মৃত্যুৰ হাৰ ২০১২ৰ পৰা ২০২১ লৈকে ৩.৪%লৈ হ্ৰাস পাইছে।
ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য কাৰ্যসূচীত কোৱা হৈছে যে পুষ্টিহীনতাৰ এক আন্তঃপ্ৰজন্মীয় প্ৰভাৱ আছে। অপুষ্টিগ্ৰস্ত মাতৃসকলে অৱৰুদ্ধ বা কম ওজনৰ সন্তান জন্ম দিয়াৰ সম্ভাৱনা অধিক থাকে।
মন কৰিলগীয়া যে ক্ৰমবৰ্ধমান নিৰাপত্তাহীনতা অৰ্থাৎ পুষ্টিহীনতাই ভাৰতৰ শিশুসকলৰ স্বাস্থ্যৰ ওপৰত ক্ষতিকাৰক দীৰ্ঘম্যাদী প্ৰভাৱ পেলাই আহিছে। ইয়াৰ এক কাৰণ হৈছে প্ৰসূতি তথা মাতৃসকলৰ খাদ্যৰ পুষ্টিহীনতা।
ইফালে শিশুৰ স্বাস্থ্যৰ বাবে জীৱনৰ প্ৰথম ১০০০ দিনত পৰ্যাপ্ত পুষ্টিদায়ক খাদ্যৰ প্ৰয়োজন। যিয়ে শিশুৰ স্বাস্থ্যৰ জীৱনকাল নিৰ্ধাৰণতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই সময়চোৱাত পুষ্টিহীনতাত ভোগা শিশুৰ স্বাস্থ্যৰ সামঞ্জস্যপূৰ্ণ বিকাশত বাধা আহি পৰে। যাৰ ফলত ওপৰত উল্লেখ কৰা Child Wasting, Child Stunting আৰু মৃত্যু হাৰ আদিৰ বৃদ্ধি পায়।
এনে এক প্ৰেক্ষাপটত গ্ল’বেন হাংগাৰ ইনডেক্সৰ প্ৰকাশিত এই সূচাংকই ভাৰতৰ শিশুসকলৰ এক ভয়াৱহ দিশ উন্মোচন কৰি দিছে।
ইয়াৰ বাবে কোন দায়ী? মনত ৰখা ভাল যে যোৱা ২০ টা বছৰত ভাৰতত খাদ্য শস্যৰ সন্তোষজনক উৎপাদন বৃদ্ধি পাইছে। এই সময়ছোৱাত ভাৰতত ১৯৮ নিযুত টনৰ পৰা ২৬৯ নিযুত টনলৈ খাদ্য শস্যৰ উৎপাদন বৃদ্ধি পাইছে। ইয়াৰ সমান্তৰালভাৱে ২০১৩ দেশত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন বলৱৎ কৰা হৈছিল। আৰু এই আইনৰ উদ্দেশ্যই আছিল দেশৰ দুই-তৃতীয়াংশ লোকৰ বাবে ৰাজসাহায্যযুক্ত হাৰত পুষ্টিদায়ক খাদ্য লাভ নিশ্চিত কৰা। আৰু এই আইনে ৰাজহুৱা বিতৰণ প্ৰণালীৰ অধীনত গ্ৰামাঞ্চালৰ ৭৫% আৰু চহৰাঞ্চলৰ ৫০% শতাংশ লোকক সামৰি লয়।
তেনে ইয়াৰ পিছতো কিয় গ্ল’বেল হাংগাৰ ইনডেক্সত ভাৰতৰ স্থান ক্ৰমশঃ অৱনমিত হৈছে?
চৰকাৰী আঁচনিৰ ৰূপায়ণৰ বিফলতাৰ হৈছে ইয়াৰ প্ৰধান কাৰণ। ২০১৮-১৯ বৰ্ষত দেশৰ মধ্যাহ্ণ ভোজনৰ বাবে আৱণ্টিত মুঠ পুঁজি কেৱল ১৪ খন ৰাজ্যই সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছিল। ইফালে এক সমীক্ষাৰ মতে ২০১৪ চনৰ পৰা ২০২১ চনলৈ মধ্যাহ্ণ ভোজনৰ বাবে অৱণ্টিত ধনৰ পৰিমাণ ৩২.৩% হ্ৰাস পাইছে।
ইফালে ২০১৮-১৯ বৰ্ষত দেশৰ শিশুসকলৰ বাবে Integrated Child Development Servicesলৈ আৱণ্টিত মুঠ পুঁজিৰ পৰিমাণ আছিল মাত্ৰ ৪৪%। আনহাতে ৰাজহুৱা বিতৰণ প্ৰণালীও প্ৰায় ধোঁৱা চাঙত উঠাৰ দৰেই হৈছে। এই প্ৰণালীয়ে ২০২০ চনত লকডাউনৰ পিছত লাখ লাখ লোকৰ বাবে জীৱনৰেখা হিচাপে প্ৰমাণিত হোৱাৰ পিছতো ইয়াক ৰাষ্ট্ৰীয় স্তৰত সৰ্বাত্মকৰূপে কাৰ্যক্ষম কৰি তোলা হোৱা নাই। অথচ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন অনুসৰি, মুঠ জনসংখ্যাৰ ৬৭% ৰাজহুৱা বিতৰণ প্ৰণালীয়ে সাঙুৰিব লাগে। কিন্তু এই প্ৰণালীয়ে দেশৰ মাত্ৰ ৫৯% লোককহে সাঙৰি লৈছে। এই ৰাজহুৱা বিতৰণ প্ৰণালীৰ পৰা প্ৰায় ৪০ কোটি লোক এতিয়াও বাদ পৰি আছে। সঠিক সমীক্ষা কৰিলে ইয়াৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এইবোৰ চৰকাৰী বিফলতাৰ বাবেই ভাৰতত ক্ষুধাতুৰ সংখ্যাৰ ক্ৰমশঃ বৃদ্ধি পাবলৈ ধৰিছে।
ইফালে বিশ্ব বেংকৰ মতে কোভিডকালীন অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে যোৱা এটা বছৰত বিশ্বত দৰিদ্ৰ লোকৰ সংখ্যা প্ৰায় দুগুণলৈ বৃদ্ধি পাইছে। কোভিডকালীন অৰ্থনৈতিক মন্দাৱস্থাত আক্ৰান্ত দেশসমূহৰ ভিতৰত ভাৰতো অন্যতম। গতিকে অনাগত দিনত ভাৰতত পুষ্টিহীনতাৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ পূৰ্ণ আশংকা আছে। যাৰ ফলত অনাগত দিনত ভাৰতত ক্ষুধাতুৰৰ সংখ্যা আৰু বৃদ্ধি পাব।