বিশ্বায়ন আৰু বিশ্বব্যাপি দাৰিদ্ৰ্য

Hiren Gohain

ক’ভিড- ১৯ (কৰোণা) মহামাৰীয়ে ভাৰতত ভয়াৱহ দাৰিদ্ৰ্যৰ সৃষ্টি কৰা নাই। বৰং তাক অধিক তীব্ৰ আৰু ক্ষীপ্ৰহে কৰিছে। তেন্তে ইমান ব্যাপক আৰু মাৰাত্মক দাৰিদ্ৰ্য আহিল ক’ৰপৰা? সম্প্ৰতি সমগ্ৰ পৃথিৱীজুৰি অন্ন বা ৰুটীৰ অভাৱত ক্ষুধাতুৰ হৈ থকা মানুহৰ সংখ্যা এশ কোটি। (সমগ্ৰ বিশ্বৰ জনসংখ্যা এতিয়া প্ৰায় আঠশ কোটি।)

এই ভোকাতুৰ মানুহৰ মাজত আছে সম্পূৰ্ণ কৰ্মহীন বা দীৰ্ঘদিন কৰ্মচ্যুত মানুহ, উপাৰ্জনহীন মানুহ আৰু মূল্যবৃদ্ধিৰ ফলত নগণ্য উপাৰ্জনেৰে খাদ্য যোগাৰ কৰিব নোৱাৰা মানুহ। এওঁলোকতকৈ ওপৰত আৰু এচাম আছে, যি কিছু খাদ্য সংগ্ৰহ কৰিব পাৰিলেও সি যথেষ্ট আৰু পুষ্টিকৰ নোহোৱা বাবে অপুষ্টিজনিত ৰোগ আৰু দুৰ্বলতাত ভোগে। সপৰিয়ালে আত্মহত্যা কৰা মানুহবিলাকৰো হতাশাৰ কাৰণ এনে চৰম দাৰিদ্ৰ্য আৰু ক্ষুধা। দাৰিদ্ৰ্য আৰু ক্ষুধা পৃথিৱীত বৰ পুৰণি। তাৰ কাৰণ যে যুগ যুগ ধৰি শোষক শ্ৰেণীবোৰৰ শোষণ, নক’লেও চলে। কিন্তু সম্প্ৰতি সি প্ৰায় এক অদৃষ্টৰ ৰূপ লৈছে কিয়?

ফৰাচী অৰ্থনীতিবিদ টমাচ পিকেটিয়ে শেহতীয়া সমীক্ষা প্ৰকাশ কৰি কৈছে যে তেওঁৰ বিস্তৃত তথ্যমূলক অনুসন্ধানে দেখুৱাই দিছে যে যোৱা ত্ৰিছ বছৰে পৃথিৱীৰ ধনৱান শ্ৰেণীবোৰৰ লগতে বিপুল ধনহীন শ্ৰেণীৰ মানুহৰ আয় আৰু সম্পদৰ বৈষম্য ক্ৰমাগতভাৱে বৃদ্ধি হৈ এতিয়া অসহনীয় পৰ্যায় পাইছে। ২০১০ চনত ধনী বুলি খ্যাত দেশ আমেৰিকাতে জনসংখ্যাৰ শতকৰা এভাগ মানুহে দেশৰ শতকৰা ৩৩ ভাগ সম্পদৰ গৰাকী হৈছে।

ইউৰোপত শতকৰা এভাগ মানুহে দখল কৰিছিল দেশৰ শতকৰা ২৫ ভাগ সম্পদ। আনহাতে আন এক শেহতীয়া সমীক্ষা মতে (World Inequality Report) সমগ্ৰ বিশ্বৰ আটাইতকৈ ধনৱান অংশটোৱে (জনসংখ্যাৰ ১০ শতাংশই) বিশ্বৰ ৫২ শতাংশ সম্পদ দখল কৰিছে আৰু বাকী জনসংখ্যাৰ দৰিদ্ৰতম আধাখিনি (৫০ শতাংশ) মানুহৰ হাতত আছে বিশ্বৰ ১০ শতাংশ সম্পদ। পিকেটিৰ তত্ব আৰু বাখ্যা যিয়েই নহওক, কোনো সন্দেহ নাই যে তেওঁ উল্লেখ কৰা ৰোমহৰ্ষক তথ্যবোৰৰ বাখ্যা আছে আমি এতিয়াও “ধন্য, ধন্য” কৰি থকা বিশ্বায়ন প্ৰক্ৰিয়াৰ মাজত।

বিশ্বায়নৰ প্ৰবল খুন্দাতে শ্ৰীলংকাত ইন্ধন কিনাৰ ক্ষমতা চৰকাৰৰে নাই, সাধাৰণ মানুহৰ হ’ব ক’ৰপৰা? খাদ্য আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱত সাধাৰণ মানুহে জাকে-জাকে ৰাস্তাত ক্ষোভ প্ৰদৰ্শন কৰিছে, চৰকাৰৰ পদত্যাগ বিচাৰিছে, আৰু প্ৰধানমন্ত্ৰীৰ ঘৰ, ৰাষ্ট্ৰপতিৰ কেইবাখনো বিলাসী গাড়ী জ্বলাই দিছে। সেনাৰ ভাবুকিয়েও মানুহৰ প্ৰতিবাদ কমাব পৰা নাই। কিন্তু নতুন চৰকাৰ গঠিত হ’লেও সহজে এই বিপৰ্যয়ৰ সমাধান কৰা কঠিন হ’ব।

একেদৰে ভাৰততো আদানি-আম্বানিকে ধৰি বৃহত্তম কৰ্পোৰেট গোষ্ঠীৰ মূল পৰিয়াল কেইটাই বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি তথা পৰিয়ালৰ শাৰীত ওপৰলৈ উঠিছে। কিন্তু ৯০ লাখ দুখীয়া পৰিয়ালে গেছ চিলিণ্ডাৰ কিনিব নোৱাৰি বেছি দামত খৰিহে কিনি চৌকা জ্বলাবলগীয়া হৈছে। আৰু দাইল, তেল, শাক-পাছলিৰ দাম দেখি নিম্ন আয়ৰ লোকসকলে চকুৰে সৰিয়হৰ ফুল দেখিছে। কৰোণাৰ ফলত উৎপাদন হ্ৰাস, ৰুছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ ফলত বিশ্ববজাৰত সামগ্ৰীৰ যোগান হ্ৰাস, এইবোৰ হৈছে মূল্যবৃদ্ধিৰ পোনচাটেই চকুত পৰা লক্ষণ। কিন্তু ইয়াৰ গুৰি শিপাদাল বিচাৰি আৰু পিছলৈ ঘূৰি চাব লাগিব। আচল কাৰণ হৈছে “নব্য উদাৰ অৰ্থনীতি”- য়ে প্ৰবৰ্তন কৰা বিশ্বায়নৰ (Globalization) নীতি।

বিশ্বায়ন নো কি? ই ঘাইকৈ বিশ্বৰ প্ৰায় সমগ্ৰ দেশকে এখন মুকলি বজাৰত কৰা। তাৰ আগতে প্ৰত্যেক দেশতে বেহা-বেপাৰ, আমদানি-ৰপ্তানিৰ ওপৰত নিজা নিয়ন্ত্ৰণ আছিল। দেশৰ উৎপাদনৰ কিমান অংশ বিশ্বৰ বজাৰত এৰি দিব, কিমানখিনি দেশৰ প্ৰয়োজন পূৰণ কৰিবলৈ হাতত ৰখা হ’ব, প্ৰত্যেক দেশৰ চৰকাৰে নিজেই নিৰ্ধাৰণ কৰিছিল। প্ৰাকৃতিক কাৰণত কেতিয়াবা শস্যৰ উৎপাদন হ্ৰাস পালে অবাঞ্চিত মূল্যবৃদ্ধি হৈছিল, কিন্তু সঘনে নহয়। চৰকাৰৰ হাততো মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ কিছু ক্ষমতা আছিল। কেতিয়াবা নিৰ্বাচনৰ আগত বা পাছত বৃহৎ ব্যৱসায়ীৰ পৰা ধন লৈ কোনো দলে চৰকাৰ গঠন কৰি ব্যৱসায়ীক দুদিনমান মূল্যবৃদ্ধি কৰি লুটপাতৰ সুবিধা দিলেও এমাহ-দুমাহ মানৰ ভিতৰত বজাৰলৈ সুস্থিৰতা আহিছিল। এতিয়াৰ দৰে বৰ্ধিত মূল্য তললৈ ননমাৰ পৰিস্থিতি হোৱা নাছিল। কিন্তু এতিয়াতো মূল্যবৃদ্ধি নেৰা-নেপেৰা জ্বৰৰ দৰে তললৈ ননমাই হৈছে।

ইয়াৰ কাৰণ এয়ে যে “বিশ্বায়ন”ৰ ব্যৱস্থাটোৱে দেশৰ অৰ্থনীতিৰ গঢ়-গতিয়েই সলাই দিছে। চৰকাৰৰ হাতত এতিয়া অৰ্থনীতি নিয়ন্ত্ৰণৰ ক্ষমতা নাই। কাৰণ বিশ্বৰ মুকলি বজাৰৰ ডাঙৰ ডাঙৰ বেপাৰী আৰু বেংকবোৰে বস্তুৰ যোগানৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ চলাই মূল্যবৃদ্ধিৰ তেনেকৈ নিৰূপণ কৰে। সেইটো নিৰ্ভৰ কৰে ঘাইকৈ সিহঁতৰ মুনাফাৰ আকাংক্ষা আৰু হিচাবে। মানুহে খাবলৈ নাপাই হাহাকাৰ কৰে নে- সন্তুষ্টি লাভ কৰে, সিহঁতে তাকে লৈ মূৰ নঘমায়।

এখন দেশত খাদ্যশস্য বজাৰত কিমান পোৱা যাব, আৰু তাৰ ফলত তাৰ দাম কিমান হ’ব, সেইটো খেতিয়ক আৰু খেতিৰ ওপৰত আৰু নিৰ্ভৰ নকৰে। বৰং এতিয়া চিধাই সৰু বেপাৰীৰ যোগেৰে বৃহৎ বেপাৰীৰ হাতলৈ গুছি যায়। অসমৰ চহৰবোৰৰ বজাৰলৈ আগৰ দৰে পোনে-পোনে গাঁৱৰ পৰা শাক-পাছলি নাহে। উল্লেখ কৰাৰ দৰে পোনে-পোনে বৃহৎ ব্যৱসায়ীৰ দখললৈ যায় আৰু সিহঁতেই নিৰ্ধাৰণ কৰে তাক বজাৰত কিমান দামত এৰি দিব। যদি বেছি লাভ আশা কৰে, তেন্তে বেছিভাগ গুদামত জমা ৰাখি বেছি দামত অলপ সামগ্ৰী এৰি দিয়ে। ফলত গ্ৰাহকে মূৰে-কপালে হাত দিবলগা হয়। আনকি উৎপাদন উভৈনদী হ’লেও সামগ্ৰীৰ দাম অতিপাত বাঢ়িব পাৰে। চৰকাৰে নিয়ন্ত্ৰণ নকৰে, কাৰণ বিশ্বায়ন ব্যৱস্থাৰ চৰ্ত বা নিয়ম অনুযায়ী চৰকাৰে মুকলি বাণিজ্যত হকা-বাধা কৰিব নোৱাৰে। ৰাইজ ক্ষুদ্ধ হৈ উঠিলে চৰকাৰ আৰু বৃহৎ ব্যৱসায়ীয়ে ফাংফুং কৈফিয়ৎ দি বিষয়টো ধোঁৱাকোৱা কৰি দিয়ে।

বিশ্বৰ বজাৰত দেশৰ বৃহৎ ব্যৱসায়ী লগত লগুণ-গাঠিৰে বন্ধা থাকে বিশ্বৰ বৃহত্তম ব্যৱসায়ী আৰু বেংকবোৰ। এই বিয়াগোম বেংকবোৰো ব্যৱসায়ী। বেহা-বেপাৰ চলাবলৈ ইহঁতে বৃহৎ ব্যৱসায়ীক ধন ধাৰে দিয়ে, বা পুঁজিপতিক নতুন উদ্যোগ খুলিবলৈ ধন ধাৰে দিয়ে, আৰু এনেদৰে উপাৰ্জন কৰা ঋণৰ সুদেৰে চলি থাকে। লাখ লাখ কোটি টকাৰ ধাৰ আৰু সুদৰ কাৰবাৰ। কোনো দেশত নতুন উদ্যোগ খোলা, বা পুৰণা উদ্যোগ সম্প্ৰসাৰণ কৰা, ঋণৰ সুদৰ হাৰ কমি আহিলে মূলধন ঘূৰাই লোৱা, এনেদৰে একোখন বহিঃ দেশৰ অৰ্থনীতিৰ চাবিকাঠিও সিহঁতে হাত কৰে। আজি জকাইচুকৰ গাঁও এখনৰ বজাৰত বস্তুৰ দাম হয়তো সুদূৰ নিউয়ৰ্কৰ বেংকৰ কিবা সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিছে। বৰ সহজকৈ, জটিলতাবোৰ বাদ দি বুজালে কথাটো এনেকুৱাই হয়।

ভাৰতত বিশ্বায়নৰ নীতি গ্ৰহণ কৰাৰ ফলত প্ৰথম মাৰ খায় কৃষকসকলে। মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, অন্ধ্ৰ, কৰ্নাটকত ২০০০ চন মানৰ পৰা বছৰি হাজাৰ হাজাৰ কৃষকে আত্মহত্যা কৰিবলৈ ধৰে। কাৰণ প্ৰথমতে বিশ্বায়নৰ উক্ত ব্যৱস্থা অনুযায়ী কৃষকে শস্যৰ উপযুক্ত দাম নোপোৱা হয়। বিশ্বায়নৰ ফলত দেশত চৰকাৰে ৰাসায়নিক সাৰ, কীটনাশক আদিৰ দাম নিয়ন্ত্ৰণ কৰিব নোৱাৰা হ’লত তাৰ দাম অতিপাত বাঢ়ে। আৰু সেইবোৰ ব্যৱহাৰ কৰা খেতিয়কৰ উৎপাদনৰ খৰচো বহু বৃদ্ধি পায়। অথচ তেওঁ ফচলৰ দামেৰে তাৰ খৰচ মিতাব নোৱাৰা হয়।

এতিয়া মানুহৰ প্ৰয়োজনীয় সকলো বস্তুৰ মূল্য বিশ্বজোৰা বজাৰত নিৰ্ধাৰিত হয়। তাৰ দাম নিৰ্ধাৰণ মানুহৰ চাহিদা বা প্ৰয়োজন অনুসৰি নহয়, বৰং বেংক আৰু কৰ্পোৰেট গোষ্ঠীৰ ৰূপত দেখা দিয়া লাভ-খকুৱা মহাজন সকলৰ লাভৰ অংকৰ ফলত।

বিশ্বায়ন আৰম্ভ হোৱা বা প্ৰবৰ্তন কৰাৰ সময়চোৱাত তাৰ এক ৰঙীন মনোমোহা ৰূপ দাঙি ধৰা হৈছিল। কোৱা হৈছিল, সমৃদ্ধিৰ যুগ আহিল। সকলো দেশেই বিশ্ব বজাৰত তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উপযুক্ত দাম পাব, আৰু তেওঁলোকে উৎপাদন নকৰা আৰু প্ৰয়োজন থকা বিদেশৰ বস্তু উচিত মূল্যতে পাব। সকলো সমানেই চহকী হ’ব। পৃথিৱীত অভাৱ আৰু দাৰিদ্ৰ্য নাথাকিব। “বিশ্ব বাণিজ্য সংস্থা” (WTO) নামৰ এক আন্তৰ্জাতিক সংস্থা গঠন কৰা হ’ল যাতে বাণিজ্য ন্যায়সংগতভাৱে, সকলোৱে উচিত মূল্য পোৱাকৈ চলিব পাৰে। বিখ্যাত মাৰ্কিন সাংবাদিক টমাচ ফ্ৰিডমেনে (Thomas Friedmen) ১৯৯৯ চনত এখন কিতাপ লিখিলে। নাম- “The Lexus and the Olive Tree”, য’ত মনপৰশা ভাষাত এই সাধুকথাৰ কাহিনী শুনোৱা হ’ল।

কিন্তু বিশ্ব বাণিজ্য সংস্থাৰ নীতি-নিয়ম সকলো সদস্য দেশৰ মত লৈ নিৰূপণ কৰা নহ’ল। উল্লিখিত বিয়াগোম মহাজনৰ পুঁজি থকা ছখন নে সাতখন দেশে নিৰ্ধাৰণ কৰিলে। সেই নীতিবোৰৰ মতে আগৰ দৰে দুখীয়া বা উন্নয়নত পাছ পৰি ৰোৱা দেশবোৰত উৎপাদিত শস্য, কেঁচা মাল আদিৰ দাম “বজাৰৰ নিয়ম অনুযায়ী” কৰা বাবে তাকৰ হৈ থাকিল, আৰু উন্নত ধনী দেশবোৰৰ উৎপাদিত উচ্চ প্ৰযুক্তিৰ সামগ্ৰী আৰু জটিল যন্ত্ৰ-পাতিৰ দাম উচ্চ হাৰত নিৰ্ধাৰিত হ’ল। ফলত এটা সময়ত দুখীয়া দেশবোৰ ধাৰত পোত গৈ ককবকাবলৈ ধৰিলে। বহুতৰ মাটি, ভূগৰ্ভৰ খনিজ সম্পদ, জলবিদ্যুৎ উৎপাদন কৰা নদী বিদেশী আৰু চকুৰে নেদেখা মহাজনৰ ওচৰত বন্ধকত গ’ল।

এনে এটা অৱস্থা হ’ব বুলি আশংকা কৰিয়ে জৱাহৰলাল নেহৰুৰ পৰা ইন্দিৰা গান্ধীৰ আমোললৈ লাভখোৰ ব্যক্তিগত পুঁজিৰ হাতোৰাৰ পৰা মুক্ত বহু উদ্যোগ, নিগম আদি গঢ়ি তোলা হৈছিল। যাতে সৰ্বসাধাৰণৰ সেৱাত লগা সামগ্ৰী আৰু সেৱা সুলভ মূল্যত যোগান ধৰিব পৰা যায়। যেনে লো-তীখাৰ কাৰখানাৰ পৰা এল আই চি (LICI), ষ্টেট বেংক অৱ ইণ্ডিয়ালৈ। ইয়াত কিছুমান ৰাজনৈতিক নেতা আৰু বিষয়াৰ দুৰ্নীতি আৰু খামখেয়ালীত লোকচানত বুৰ গ’লেও কিছুমান বেচ লাভত চলিছিল, ৰাইজৰো বিস্তৰ উপকাৰ সাধিছিল। যেনে, জীৱন বীমা নিগম (LICI) আৰু ষ্টেট বেংক অৱ ইণ্ডিয়া (SBI) । এই দুটাকে বৰ্তমান চৰকাৰে এতিয়া বিশ্বায়নৰ চৰ্ত অনুযায়ী বৃহৎ কৰ্পোৰেট গোষ্ঠীক গতাই দিবলৈ ওলাইছে তাৰ শ্বেয়াৰ নিলাম কৰি।

বিশ্বায়নে অভাৱগ্ৰস্ত দেশবোৰৰ ওপৰত পেলোৱা অন্যতম কুফল হৈছে বিদেশৰ পৰা নিয়মিত ৰয়েল্টি বা মাচুল ভৰি উন্নত প্ৰযুক্তি কিনিবলগীয়া হোৱা। আজি আমাৰ দেশখনত নানা জকমকীয়া মটৰ গাড়ী, নানা বিলাসী ঘৰুৱা সামগ্ৰী আৰু চিকিৎসাৰ উন্নত যন্ত্ৰপাতি নিৰ্মিত হৈছে। কিন্তু বিশ্ব বাণিজ্য সংস্থাৰ নিয়ম অনুযায়ী প্ৰত্যুক্তিবোৰো বিদেশৰ নানা কোম্পানীৰ সম্পত্তি। সেই সম্পত্তি ব্যৱহাৰ কৰিলে উচ্চ হাৰৰ ৰয়েল্টি বা মাছুল ভৰিবলগীয়া হয়। ফলত তাৰ দামো অতিপাত বৃদ্ধি হয়। দেশত তাৰ অনুকৰণ কৰিলেই মাছুল ভৰিব লাগে।

সেইদৰে ঔষধ প্ৰস্তুতিতো বিদেশী কোম্পানী বহুতৰ ফৰ্মূলা ব্যৱহাৰ কৰা বাবে ধন ভৰিবলগা বাবে ঔষধৰ দাম বৃদ্ধি পায়। তাতকৈ ডাঙৰ কথা এয়ে যে “সৰ্বাধিক খুচুৰা মূল্য” (MRP) বুলি যি দামত ভাৰতৰ দেশীয় কোম্পানীবোৰে ঔষধ বজাৰত এৰি দিয়ে তাৰ ৩০ শতাংশ হাৰত দিলেও সিহঁতৰ হাতত প্ৰচুৰ লাভ থাকি যায়। ব্যৱসায়-বাণিজ্যত চৰকাৰৰ হস্তক্ষেপ নচলিব বুলি বিশ্বায়নে যি নিয়ম বান্ধি দিছে তাৰ ফলতে দুখীয়াৰ চামৰা চেলাব পৰা চৰা দামত ঔষধ বিক্ৰী হৈ আছে।

বিশ্বায়নৰ ফলতে ভাৰত আদি দেশৰ সাধাৰণ শ্ৰমজীৱী ৰাইজ অতি তাকৰ মজুৰি বা উপাৰ্জনেৰে কালান্তক মূল্যবৃদ্ধিৰ সন্মুখীন হ’বলগা হৈছে। বৃহৎ পুঁজিৰ অবাধ লাভৰ বাবে আনকি ডাঙৰ-ডাঙৰ ব্যৱসায় আৰু উদ্যোগত কাম কৰা শ্ৰমিকৰ বেতন হ্ৰাস কৰা হৈছে, ক্ষুদ্ৰ উদ্যোগত কাম কৰা বিলাকৰ কথাই নাই। মাজে মাজে বিশ্ব বজাৰৰ শুকান বতাহ বৈ কোনো সামগ্ৰীৰ চাহিদা কমাই দিলে বহু ক্ষুদ্ৰ উদ্যোগৰ তলা বন্ধ হৈ যায়। তাতে বৃহৎ উদ্যোগবোৰে কম খৰচত বস্তু উৎপাদন কৰিবলৈ নিজে উৎপাদন নকৰি ক্ষুদ্ৰ উদ্যোগক ঠিকা দিয়ে, য’ত বেছি মজুৰি দিবলৈ মালিক অসমৰ্থ। এনেবোৰ কাৰণতে ব্যাপক হাৰত কৰ্মচ্যুতি, নিবনুৱা সমস্যা আৰু দাৰিদ্ৰ্য ব্যাপক হৈ পৰিছে।

সাতে-সোতৰই বিশ্বায়ন বিশ্বৰ বৃহৎ পুঁজিৰ মুনাফা লুটাৰ অন্যতম বৃহৎ ফন্দী বুলি প্ৰমাণিত হৈছে।

প্ৰকৃতি, মানৱৰ নে চৰকাৰৰ আশীৰ্বাদ ধন্য পুঁজিৰ লুণ্ঠন?

ডিমা হাচাওৰ হাফলং চহৰ আৰু তাৰ চৌপাশৰ বিস্তীৰ্ণ এলেকা ব্যাপক ভূমিস্খলনৰ ফলত বোকাত ডিঙিলৈকে পোত গৈছে, বাট-পথ হেৰাই গৈছে চিন-মোকাম নোহোৱাকৈ, ৰে’ল ষ্টেছন বোকাই পুতি পেলাইছে, ক’ৰবাত বা ভূমিস্খলনৰ ফলত ৰে’ল লাইনৰ তলৰ মাটি ভূমিস্খলনে খহাই নিয়াত ৰে’ল লাইন শূন্যত ওলমি আছে। ভয়াবহ অৱস্থা। কিমান মানুহ মৰিছে, ঠিকনা নাই।

কোনোৱে কৈছে, প্ৰকৃতিৰ তাণ্ডৱ লীলা। কোনো-কোনোৰ মতে মানুহৰ অত্যাচাৰৰ প্ৰতিশোধ লৈছে প্ৰকৃতিয়ে। এইবোৰ আলংকাৰিক বাক্য। সাধাৰণ মানুহৰ ক্ষমতা নাই ইমান ব্যাপক ভূমিস্খলন হ’ব পৰাকৈ কিবা কাম কৰিব পাৰে।

আচলতে চৰকাৰ বা কৰ্তৃপক্ষৰ প্ৰশ্ৰয়ত পুঁজিবাদী ব্যৱসায় প্ৰতিষ্ঠানে (যেনে পথ নিৰ্মাণ কৰা বৃহৎ কোম্পানী) আগপাছ নমনি কেৱল লাভৰ অংকৰে পাহাৰ-পৰ্বতে, বননি বুন্দামাৰ কৰি চলোৱা নিৰ্মাণ কাৰ্যৰ পৰাই এনে ভয়াৱহ পৰিণাম। সেইদৰে পাহাৰৰ বুকুত থকা চূণশিল, কয়লা আদি খান্দি নিবলৈ যধে-মধে কৰা খনন কাৰ্যই পাহাৰৰ গাঠনি লৰাই দিয়ে। ২০১২ চনত উত্তৰাখণ্ডত এনে ধৰণৰ অপৰিনামদৰ্শী লাভৰ হুতাহত অন্ধ ‘উন্নয়ন’ নামধাৰী উপদ্ৰৱৰ ফলত যি ভয়াৱহ ভূমিস্খলন হৈছিল, কেইবাখনো গাঁও নি:শ্চিহ্ন হোৱাৰ লগতে, অত্যুৎসাহত বনোৱা জলবিদ্যুৎ প্ৰকল্পকে ধৰি বহু হাজাৰ কোটি টকাৰ সম্পদ ধ্বংস হৈছিল। নিদাৰুণ মৃত্যুৰ গৰাহত পৰিছিল এক লাখৰো অধিক মানুহ। তাৰ পৰা শিক্ষা কোনেও নল’লে।

আচলতে পাহাৰ বোৰৰ স্থিৰতা, ভাৰসাম্য আৰু আকৃতি নিৰ্ভৰ কৰে যুগ যুগ ধৰি গঢ় লোৱা বহু স্তৰৰ শিল, মাটি আদিয়ে। তদুপৰি তাত গজি উঠা গছ-বন, অৰণ্যই তাক এটা স্থায়ী ৰূপ দিয়ে। কিন্তু আমি অলৰ-অচৰ বুলি ভুলকৈ ভাবি থকা পাহাৰৰ স্থিৰতা এই যিবোৰ উপাদানে ৰক্ষা কৰে, সেইবোৰৰ কিবা হীন-দেঢ়ি হ’লেই পাহাৰ-পৰ্বত ঠুনুকা হৈ পৰে।

লাভখোৰ কোম্পানীবোৰে এই কথা নুবুজে। চৰকাৰেও (মানে মন্ত্ৰী-আমোলাই) নুবুজে। সিহঁতৰ বাবেই এই কাণ্ড হয়। টকাৰ চিকমিকনিত সিহঁত অন্ধ। সিহঁতৰ নিৰ্দেশ মতে কাম কৰা শ্ৰমিক-কৰ্মচাৰীয়ে সেই কথা ভাবিব নোৱাৰে। তেওঁলোকে ভাতমুঠিৰ বাবে, ‘উন্নয়ন’ তথা ‘বিকাশ’ হ’ব বুলি কাম কৰি যায়। ফলত আটাইৰে ‘বিনাশ’ হয়। আচল দোষী সাৰি যায়। কিবা উন্নয়ন ঘটোৱাৰ পূৰ্বে প্ৰকৃতিৰ ওপৰত তাৰ বিৰূপ প্ৰভাৱ চিন্তা কৰি চাব লাগে। নদীবান্ধ সজাৰ ফলত বাৰিষা বান্ধত জমা অতিৰিক্ত পানী এৰি দি তলৰ গাঁও-ভূঁইত বিপৰ্যয় কৰে।

আমি আজিৰ পৰা ত্ৰিছ বছৰমান পূৰ্বে কাগজত প্ৰায়ে পাইছিলো যে ব্ৰাজিল,মেক্সিকো আদি দক্ষিণ আমেৰিকাৰ দেশবোৰত হঠাৎ Mud-slide হৈ মানুহ মৰিছে,ঘৰ-বাৰী জাহ গৈছে। বস্তুটো কি, বুজা নাছিলোঁ।ভাবিছিলো যে সেইবোৰ দেশৰ সুকীয়া কিবা প্ৰাকৃতিক দুৰ্যোগ।

এইবাৰ অসমতে তাৰ নিদৰ্শন দেখিবলৈ পালোঁ। কাৰণ একেটাই। আশীৰ দশকতে মাৰ্কিন বহুজাতিক নিগমৰ মুনাফাৰ হুতাহে পাহাৰ,বননি ধ্বংস কৰি সেইবোৰ দেশত বোকামাটিৰ ভয়ঙ্কৰ ধল নমাইছিল। আজি আমাৰ দেশত দেশীয় পুঁজি আৰু ব্যৱসায়ৰ হুতাহে আমাৰ পাহাৰ,বন উছন কৰি একে মাৰাত্মক ধল নমাইছে।

জলবায়ু পৰিৱৰ্তনো বৃহৎ পুঁজিৰ আধা শতিকা জোৰা ধ্বংসলীলাৰ cumulative effect বা ক্ৰমবৰ্ধমান, সামগ্ৰিক পৰিণাম। ৰাইজ কেতিয়া সচেতন হ’ব?