লকডাউন ভংগ কৰিলে কঠোৰ শাস্তি: ৰেড জ’নত থকা গোৱালপাৰা আৰক্ষীৰ পদক্ষেপ

Screenshot_2020-04-28-00-19-26-966_com.mxtech.videoplayer.ad

ফটো: নৰ্থইষ্ট নাও

ৰেড জ’নৰ তালিকাত থকা গোৱালপাৰাত লকডাউন ভংগকাৰী সকলৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে গোৱালপাৰা আৰক্ষী।

বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰ’নাক প্ৰতিহত কৰাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে আহ্বান জনোৱা লকডাউনে ইতিমধ্যে এটা মাহ অতিক্ৰম কৰিলে ৷

প্ৰধানমন্ত্ৰীৰ আহ্বানক সঁহাৰি জনাই গোৱালপাৰাৰ বিভিন্ন অঞ্চলত ৰাইজে কৰ’নাক প্ৰতিহত কৰাৰ বাবে এই দীঘলীয়া লকডাউন পালন কৰিছে ৷

অৱশ্যে প্ৰধানমন্ত্ৰী গৰাকীৰ আহ্বান পিছতো একাংশ কাণ্ডজ্ঞানহীন লোকে লকডাউন ভংগৰ প্ৰচেষ্টা চলাইছিল যদিও আৰক্ষীয়ে লকডাউন ভংগকাৰীক নাকী লগাবলৈ সক্ষম হৈছে ৷

শেহতীয়াকৈ জিলাৰখনৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ নেতৃত্বত জিলা আৰক্ষীয়ে লকডাউন ভংগকাৰীৰ বিৰুদ্ধে এক কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৷

জানিব পৰা মতে, কৃষ্ণাইৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰতন ভূঞাই লকডাউনৰ নীতি-নিয়ম ভংগ কৰি মাস্ক পৰিধান নকৰা আৰু সামাজিক দূৰত্ব মানি নচলা একাংশ লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷

দেশত কোৰোনাক প্ৰতিহত কৰাৰ স্বাৰ্থত জিলা খনৰ গোৱালপাৰা,আগিয়া,লক্ষীপুৰ, দুধনৈ,কৃষ্ণাইকে ধৰি বিভিন্ন অঞ্চলত লকডাউন ভংগকাৰী বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা কাৰ্য্যত সচেতন মহলে সন্তোষ প্ৰকাশ কৰিছে ৷

ইফালে কৃষ্ণাইৰ যু্ৱ নেতা আব্দুল হাই আহমেদে লকডাউনৰ সময়ছোৱাত সকলো ৰাইজকে চৰকাৰ-প্ৰশাসনক সহায় কৰিবলৈ আহ্বান জনোৱাৰ লগতে  লকডাউন ভংগ কৰিব বিচৰা লোক সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষী প্ৰশাসনক আহ্বান জনায় ৷