প্ৰথমবাৰৰ বাবে গোৱালপাৰাত অনুষ্ঠিত হ’ব ৰঞ্জি ট্ৰফী ক্ৰিকেট মেচ

6regcricket

প্ৰতিনিধিত্বমূলক চিত্ৰ

পোন প্ৰথমবাৰৰ বাবে গোৱালপাৰা চহৰত অনুষ্ঠিত হ’ব ৰঞ্জি ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ মেচ। গোৱালপাৰাৰ ডি এন সিনহা ষ্টেডিয়ামত সন্মানীয় প্ৰতিযোগিতাখনৰ তিনিখনকৈ গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হ’ব।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া মেচ তিনিখনৰ কৰ্তৃত্ব গোৱালপাৰা জিলা ক্ৰিকেট সন্থাই লাভ কৰাত সকলো উৎসাহী হৈ পৰিছে। আনহাতে গোৱালপাৰা চহৰত ৰঞ্জি ট্ৰফীৰ মেচ অনুষ্ঠিত হ’ব বুলি জানিবলৈ পাই ক্ৰিকেট প্ৰেমীৰ মাজত উৎসাহ দুগুণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে গোৱালপাৰাত অহা ২৮ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব প্ৰথমখন মেচ। মেচখনৰ বাবে ইতিমধ্যে জিলা ক্ৰীড়া সন্থাই সকলো ধৰণৰ যাৱতীয় প্ৰস্তুতি চলাই থকা বুলি জানিব পৰা গৈছে।

ভাৰতীয় প্ৰথম শ্ৰেণী ক্ৰিকেটৰ আটাইতকৈ সন্মানীয় প্ৰতিযোগিতাখনৰ মেচকেইখন আয়োজনত যাতে কোনো ধৰণৰ ত্ৰুতি ৰৈ নাযায় তাৰ বাবে গোৱালপাৰা জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাক সভানেত্ৰী, জিলা ক্ৰীড়া সন্থাৰ সভাপতি জীতেন দাসক কাৰ্যকৰী সভাপতি আৰু ৰত্ন দাসক সাধাৰণ সম্পাদক হিচাপে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰি প্ৰস্তুতি চলাই আছে।

জিলা ক্ৰীড়া সন্থাই জানিবলৈ দিয়া মতে প্ৰথমখন মেচৰ পূৰ্বে ফিল্ডৰ সকলো যাৱতীয় কাম-কাজ সম্পন্ন হ’ব। আনহাতে ষ্টেডিয়ামৰ দুয়োটা পেভিলিয়ন ন ৰূপত সজাই-পৰাই তোলা হ’ব বুলিও ক্ৰীড়া সন্থাই জনায়।