গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আৰম্ভ; সাংস্কৃতিক শোভাযাত্ৰাত মুগ্ধ ৰাইজ

সেমেকা বতৰৰ মাজতে আজিৰ পৰা আৰম্ভ হৈছে ৫৮ সংখ্যক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। গোলাঘাটবাসী ৰাইজ আৰু বিভিন্ন দল-সংগঠনে একত্ৰিতভাবে তিনিদিনীয়া কাৰ্যসূচীৰে ৰাজহুৱা খেলপথাৰত আয়োজন কৰা সন্মিলনৰ পুৱা পতাকা উত্তোলন কৰে সভাপতি ৰোহিত গগৈয়ে।

পুৱা দহ বজাত জ্যেষ্ঠ সাংবাদিক দ্বিপেন দত্তই যতীন্দ্ৰনাথ শইকীয়া সোঁৱৰণী মঞ্চ আৰু মণ্ডপ মুকলি কৰাৰ পিছত দুপৰীয়া সন্মিলনৰ অন্যতম আকৰ্ষণ বাৰেৰহনীয়া সংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।

ৰাজহুৱা খেলপথাৰৰ পৰা আৰম্ভ হৈ নগৰ পৰিভ্ৰমণ কৰা তথা বিভিন্ন জাতি-জনগোষ্ঠীৰ বৰ্ণিল সমাহাৰ উক্ত শোভাযাত্ৰাত ঢোল-পেঁপা, গগনাৰ লগতে ঐনিতম, ঝুমুৰ, জেং বিহুৰ পৰা জাতিৰ পিতা মহাত্মা গান্ধীৰ দাণ্ডী যাত্ৰা, হৰিহৰ যুদ্ধলৈকে বিভিন্ন কলা-কৃষ্টিৰ প্ৰদৰ্শনে ৰাইজক মুগ্ধ কৰি তোলে।

প্ৰতিযোগিতামূলকভাবে আয়োজন কৰা উক্ত শোভাযাত্ৰাৰ শ্ৰেষ্ঠ দলক এইবাৰ চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণি বঁটা প্ৰদান কৰা হয়।

গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সংস্কৃতিক দল আৰু ডুবিগাঁও ব্ৰহ্মপুত্ৰৰ মিচিং হুঁচৰি দলে যুটীয়াভাবে শ্ৰেষ্ঠ বঁটা লাভ কৰাৰ বিপৰীতে পছোৱা সংস্কৃতিক গোষ্ঠী ফৰকাটিং আৰু উৰনপক্ষী ভৱন আঠখেলীয়াই দ্বিতীয় আৰু মাইহাং নাবাৰুণ বিহু দল আৰু কঁঠালগুৰি ৰাংঢালী মহিলা কৃষ্টি দল বেঙেনাখোৱাই তৃতীয় পুৰস্কাৰ লাভ কৰে। আনহাতে হামদৈপুল সমন্বয় মঞ্চৰ জেং বিহু আৰু ৰাংঢালী জেং বিহু দল শালিকীহাটক যুটীয়াভাবে উদগনিমূলক বঁটা আগবঢ়োৱা হয়।

বিয়লি ৪ বজাৰ পৰা প্ৰতিযোগিতাসমূহ আৰম্ভ হয়। প্ৰতিযোগিতাৰ উদ্বোধন কৰে চলচ্চিত্ৰ পৰিচালক দীনেশ গগৈয়ে। আজি আছে সৰু বিহুৱতী আৰু হুঁচৰি প্ৰতিযোগিতা। কাইলৈ দিনৰ ভাগত কণী যুজঁ, জেং বিহু  প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। বিয়লি ৫ বজাত স্বৰ্ণলতা শইকীয়া সোঁৱৰণি সংস্কৃতিক অনুষ্ঠান আৰু নিশা ৮ বজাৰ পৰা মেজাঙ্কৰীখ্যাত বৰ বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।