অসমৰ স্ত্ৰী শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান গোলাঘাট খ্ৰীষ্টিয়ান হাইস্কুলৰ শতবৰ্ষ উদযাপনৰ ব্যাপক প্ৰস্তুতি

golaghat cristian high school

গোলাঘাট খ্ৰীষ্টিয়ান হাইস্কুল

গোলাঘাট জিলাৰ স্ত্ৰী শিক্ষাৰ বাটকটীয়া তথা সমগ্ৰ উত্তৰ-পূবৰ অগ্রণী স্ত্ৰী ইংৰাজী শিক্ষাৰ কেন্দ্ৰবিন্দু গোলাঘাট খ্ৰীষ্টিয়ান হাইস্কুলে (এসময়ৰ গোলাঘাট গার্লচ মিশ্যন হাইস্কুল),চলিত বৰ্ষত এশ বছৰ পূৰ্ণ কৰে।

১৯১৯ চনত খ্ৰীষ্টান মিশ্যনেৰী সকলে স্থাপন কৰা ঐতিয্যমণ্ডিত শিক্ষানুষ্ঠানটিৰ শতবর্ষ উপলক্ষে বিদ্যালয় কৰ্তৃপক্ষই অহা ২৫ আৰু ২৬ অক্টোবৰত  বৰ্ণাঢ্য কাৰ্যসূচীৰে সমগ্ৰ অনুষ্ঠানটি আয়োজনৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে।

উত্তৰ-পূবৰ বহুকেইগৰাকী মহীয়সী নাৰীয়ে শিক্ষাৰ আদিপাঠ গ্রহণ কৰা বিদ্যালয়খনৰ শতবৰ্ষ উদযাপনৰ কাৰ্য্যসূচী সফলভাৱে ৰূপায়নৰ বাবে ইতিমধ্যে আদৰণি সমিতিৰ লগতে বহুকেইখন উপ-সমিতিয়ে কাম-কাজসমূহ আগবঢ়াই নিছে বুলি জানিব পৰা গৈছে।

আজি বিদ্যালয়খনৰ অধ্যক্ষ  ত্ৰিনিটি উইলিয়ামে কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল আৰু সামাজিক সংগঠনসমূহে আর্থিক দিশকে আদি কৰি বিভিন্ন দিশত আগবঢ়োৱা সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

অধ্যক্ষগৰাকীয়ে জনোৱা মতে, শতবৰ্ষ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ইতিমধ্যে ২০১৬ চনত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ আৰু ২০১৭ চনত জিলাখনৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল।

তেওঁ লগতে শতবৰ্ষ কাৰ্যসূচীত শিক্ষানুষ্ঠানখনৰ ন-পুৰণি ছাত্ৰ-ছাত্ৰী সকলৰ লগতে গোলাঘাটবাসীক সক্ৰিয় সহায়-সহযোগিতা  আগবঢ়োৱাৰ আহ্বান জনায়।