আদৰ্শ আচৰণ বিধি উলংঘনৰ ঘটনাৰ অভিযোগ দাখিলৰ বাবে চি ভিজিল এপ ব্যৱহাৰ কৰাৰ আহ্বান

মাত্ৰ ১০০ মিনিটৰ ভিতৰত আচৰণবিধি উলংঘনকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা হয় ব্যৱস্থা

C vigil app

প্রতিনিধিত্বমূলক ফটো।

গোলাঘাট জিলা প্ৰশাসনে নিৰ্বাচনৰ সময়ছোৱাত আদৰ্শ আচৰণ বিধি উলংঘনৰ ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰাৰ বাবে চি ভিজিল এপ ব্যৱহাৰ কৰিবলৈ নাগৰিকসকলৰ প্ৰতি আহ্বান জনাইছে।

উল্লেখযোগ্য যে নিৰ্বাচনী আদৰ্শ আচৰণ বিধি সম্পৰ্কীয় অভিযোগ দাখিলৰ ক্ষেত্ৰত নাগৰিকসকলক অধিক সক্ৰিয় আৰু শক্তিশালী কৰাৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে এই এপ বিকশিত কৰিছে।

গোলাঘাট জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া বিভাষ চন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত কয় যে নাগৰিকসকলে চি ভিজিল এপ ব্যৱহাৰ কৰি পোনপটীয়াকৈ জিলা প্ৰশাসনৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব।

এই এপ ভৰসাযোগ্য আৰু ব্যৱহাৰকাৰীসকলৰ বাবে যথেষ্ট অনুকূল হোৱাৰ লগতে আদৰ্শ আচৰণ বিধি উলঙ্ঘনৰ প্ৰমানসমূহ প্ৰেৰণ কৰিব পৰা যায়।

ইয়াত অভিযোগ দাখিল কৰোতে অটো লোকেচন ব্যৱস্থা থকা হেতু সংশ্লিষ্ট স্থান সন্দৰ্ভত জিলা প্ৰশাসন লগে লগে অৱগত হ’ব পাৰে।

এনড্ৰইড স্মাৰ্টফোন থকা যিকোনো লোকে এই এপ গুগল প্লে ষ্ট’ৰৰ পৰা ডাউনলোড কৰি ব্যৱহাৰ কৰিব পাৰে।

এনে এপৰ জৰিয়তে নিজৰ এলেকাৰ আদৰ্শ আচৰণ বিধি উলংঘনৰ ফটো অথবা ২ মিনিটৰ ভিডিঅ’ ফুটেজ দাখিল কৰিব পাৰে।

জিলা প্ৰশাসনে স্থাপন কৰা ২৪ ঘণ্টাই কাৰ্যক্ষম হৈ থকা নিয়ন্ত্ৰণ কক্ষত অভিযোগ লাভ কৰাৰ পাছতেই ১০০ মিনিটৰ ভিতৰত ফ্লায়িং স্কোৱাড আৰু ষ্টেটিক ছাৰ্ভিলেন্স দলৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰে।

নাগৰিক সকলে চি ভিজিল এপৰ জৰিয়তে নিম্নোক্ত ধৰণৰ গোচৰৰ বিষয়ে অভিযোগ দাখিল কৰিব পাৰে-ভুৱা বাতৰি, টকা পইচা বিতৰণ, সুৰা/ নিচা জাতীয় দ্ৰব্য বিতৰণ, ভাবুকি প্ৰদান, মাৰণাস্ত্ৰ প্ৰদৰ্শন, নিৰ্বাচনী টোপ বিতৰণ, সাম্প্ৰদায়িক বৈষম্যসূচক বক্তব্য, পক্ষপাতিত্বমূলকভাৱে বাতৰি পৰিৱেশন, ভোটাৰ ৰাইজক বিনামূলীয়া যাতায়াতৰ সুবিধা প্ৰদান, সম্পত্তিৰ ক্ষতি ইত্যাদি।