গোলাঘাট জিলা প্রশাসনৰ প্রস্তুতি সম্পূর্ণ; মহিলাৰ দ্বাৰা পৰিচালিত হ’ব ২১টা ভোটগ্ৰহণ কেন্দ্ৰ

IMG-20210325-WA0003

ফটো: নর্থইষ্ট নাও।

বিধানসভা নির্বাচনৰ প্ৰথম পৰ্য্যায়ত অহা ২৭ মাৰ্চত গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ  ৯৫নং গোলাঘাট আৰু ৯৬ নং খুমটাই বিধানসভা সমষ্টিত হ’বলগীয়া ভোটগ্ৰহণৰ বাবে গোলাঘাট জিলা প্রশাসনে সকলো প্ৰস্তুতি সম্পূর্ণ কৰি তুলিছে।

প্রিজাইডিং, প’লিং বিষয়া আৰু মাইক্র’অৱজাৰ্ভাৰ সকলৰ প্রশিক্ষণ প্রদান কার্য ইতিমধ্যে সম্পূর্ণ হৈ উঠিছে।

কোভিড-১৯ৰ স্বাস্থ্যবিধি সমূহৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা হৈছে। গোলাঘাট সমষ্টিত অতিৰিক্ত ২৭টা আৰু খুমটাই সমষ্টিত অতিৰিক্ত ১০ টা অৰ্থাৎ মুঠ ৩৭টা ভোটগ্ৰহণ কেন্দ্ৰৰ সংযোজন ঘটোৱা হৈছে।

সমষ্টি দুটাত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ৪৮৬ টা। ইয়াৰে গোলাঘাট সমষ্টিত ২৮৮ আৰু খুমটাই সমষ্টিত ১৯৮ টা কেন্দ্ৰ থাকিব।

সমষ্টি দুটাৰ তিনিটা ভোটগ্ৰহণ কেন্দ্ৰ জটিল (critical) হিচাপে চিনাক্ত কৰা হৈছে । কেন্দ্ৰকেইটা হৈছে গোলাঘাট সমষ্টিৰ ৩৫নং হিন্দী বিদ্যালয় আৰু ১৯৪ নং ৰতনপুৰ প্ৰাথমিক বিদ্যালয় আৰু খুমটাই সমষ্টিৰ ৮৪ নং জৰাগুৰি প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহন কেন্দ্ৰ।

তদুপৰি আইন-শৃংখলাজনিত দিশৰপৰা গোলাঘাট সমষ্টিৰ ১৮টা আৰু খুমটাই সমষ্টিৰ ৭টা কেন্দ্ৰ জটিল তথা স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে।

এইবাৰ গোলাঘাট সমষ্টিত ১৯টা আৰু খুমটাই সমষ্টিত দুটা ভোটগ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হ’ব ।

ভোটগ্ৰহণ প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ইতিমধ্যে দুয়োটা সমষ্টিক ১০ টা জ’ন আৰু ৩৯ টা চেক্টৰত ভাগ কৰি জ’নেল আৰু চেক্টৰ বিষয়া নিয়োগ কৰা হৈছে। গোলাঘাটত ৬টা আৰু খুমটাইত ৪টা জ’ন কৰা হৈছে।

আনহাতে, গোলাঘাটত ২৩ টা আৰু খুমটাইত ১৬ টা চেক্টৰ কৰা হৈছে। গোলাঘাট সমষ্টিত ৩১৭ গৰাকী প্ৰিজাইডিং বিষয়া আৰু ৯৫১ গৰাকী পলিং বিষয়া নিয়োগ কৰা হৈছে।

সেইদৰে, খুমটাই সমষ্টিত ২১৯ গৰাকী প্ৰিজাইডিং আৰু ৬৫৭ গৰাকী প’লিং বিষয়া নিয়োগ কৰা হৈছে।

এইবাৰ মুঠ মহিলা ভোটগ্ৰহণকাৰী বিষয়াৰ সংখ্যা ৯৬ গৰাকী। ইয়াৰে গোলাঘাটত ৮৪ গৰাকী আৰু খুমটাইত ১২ গৰাকী। প্ৰতিটো চেক্টৰতে এজনকৈ অৰ্থাৎ ৩৯ গৰাকী মাইক্ৰ’ অৱজাৰ্ভাৰ নিয়োগ কৰা হৈছে ।

২৬ মার্চ, ২০২১ তাৰিখে পুৱা ৮ বজাৰ পৰা বিভিন্ন ভাোটগ্রহণ কেন্দ্রলৈ যাবলগীয়া প্রিজাইডিং আৰু প’লিং বিষয়াসকলক নিৰ্বাচনৰ সা-সামগ্রীসমূহ বিতৰণ কৰা হব।

২৭ মাৰ্চ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ভোটগ্ৰহণকৰা হ’ব। ভোটগ্ৰহণ অন্ত পৰাৰ নিৰ্ধাৰিত সময়ৰ ৪৮ ঘণ্টাৰ পূৰ্বে অৰ্থাৎ আজি সন্ধিয়া ৬ বজাত প্ৰচাৰ অভিযান বন্ধ কৰা হৈছে।

পষ্টেল বেলট ভোটিঙৰ প্ৰতি এইবাৰ বিশেষ সঁহাৰি পৰিলক্ষিত হৈছে। সমষ্টি দুটাত ১০৯২গৰাকী ৮০ বছৰৰ উৰ্ধৰ ভোটদাতা (গোলাঘাট ৬৬৪/খুমটাই ৪২৮), ৩০৬গৰাকী বিশেষভাৱে সক্ষম ভোটদাতা (গোলাঘাট ২১১/খুমটাই ৯৫), ২৫ গৰাকী অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত ভোটদাতা (গোলাঘাট ১৯/খুমটাই ৬) আৰু ৩০৪ গৰাকী নিৰ্বাচনত নিয়োজিত লোকে (গোলাঘাট ১৯২/খুমটাই ১১২) পষ্টেল বেলটযোগে ভোটদান কৰিছে ।

ইপিনে,  গোলাঘাট নিৰ্বাচন জিলাত নিৰ্বাচনী আদৰ্শ আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়ছোৱাত ধনৰ অবৈধ লেনদেন, ভোটাৰক ধন দি প্ৰলোভিত কৰা, সুৰাৰ অবাধ প্ৰচলন আদি ৰোধ কৰাৰ উদ্দেশ্যে ৯৫ নংগোলাঘাট আৰু ৯৬ নং খুমটাই সমষ্টিত আদৰ্শ আচৰণ বিধি কোষে সক্ৰিয় ভূমিকা পালন কৰিছে।

দুয়োটা বিধানসভা সমষ্টিত নিয়োজিত ষ্টেটিক ছাৰ্ভিলেন্স দল, ফ্লায়িং স্কোৱাড আৰু ভিডিঅ’ ছাৰ্ভিলেন্স দলে নিৰ্বাচনী আদৰ্শ আচৰণ বিধি বলৱৎ হোৱা দিন ধৰি এতিয়ালৈকে ১৯, ৪৬, ২০০টকাৰ নগদ ধন আৰু ৪০,৩০,৬৬৫ টকা মূল্যৰ সুৰা জব্দ কৰিছে।

গোলাঘাট বিধানসভা সমষ্টিৰ অধীনৰ বিভিন্ন স্থানৰ পৰা ১৫,৩৬,২০০টকা নগদ ধন আৰু খুমটাই সমষ্টিৰ অধীনৰ বিভিন্ন ঠাইৰ পৰা  নগদ ৪,১০,০০০ টকা জব্দ কৰা হৈছে।

ইয়াৰে গোলাঘাটৰ পৰা প্ৰায় ২৪ লাখৰো অধিক টকা মূল্যৰ সুৰা আৰু খুমটাইৰ পৰা প্ৰায় ১৫ লাখ টকাৰো অধিক মূল্যৰ সুৰা জব্দ কৰা হৈছে।

উল্লেখ্য যে, ৯ মার্চত প্রকাশ পোৱা ২০২১ চনৰ চূড়ান্ত ভোটাৰ তালিকা অনুসৰি গোলাঘাট নির্বাচন জিলাত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৩,৪৬,২৮৭গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ১,৭২,৮৯৫ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ১,৭৩,৩৯২ গৰাকী।

গোলাঘাট সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ২০৫১৯৬ গৰাকী। ইয়াৰে ১০২৫১৬ গৰাকী পুৰুষ আৰু ১০২৬৮০গৰাকী মহিলা ভোটাৰ।

আনহাতে, খুমটাই সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ১৪১০৯১ গৰাকী । ইয়াৰে ৭০৩৭৯গৰাকী পুৰুষ আৰু ৭০৭১২গৰাকী মহিলা ভোটদাতা।

সমষ্টি দুটাত ৫১৬ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰ, ৭৪১৬ গৰাকী ১৮ৰ পৰা ১৯ বছৰ বয়সৰ, ৩৮৮৪ গৰাকী ৮০ বছৰ বয়সৰ উৰ্ধৰ, ৭২০ গৰাকী ডি ভোটাৰ আৰু ৫৫৮ গৰাকী চাৰ্ভিছ ভোটাৰ আছে।