সাংবাদিকক ভাবুকি: ক’লা বেজ পৰিধান কৰি মন্ত্ৰী পীযুষৰ বিৰুদ্ধে প্ৰতিবাদ গোলাঘাট সাংবাদিক সংস্থাৰ

Piyush-Hazarika-750x375

মন্ত্রী পীযুষ হাজৰিকা। ফাইল ফটো।

নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাৰ অভিনেত্ৰী পত্নী আইমী বৰুৱাই কা সন্দৰ্ভত কৰা মন্তব্যৰ পিছতে ৰাজ্যজুৰি ৰোষৰ বলি হৈছিল অভিনেত্ৰী গৰাকী। বিশেষকৈ চ’ছিয়েল মিডিয়াত সাংঘাতিক ধৰণে কটু সমালোচনা কৰা পৰিলক্ষিত হৈছিল।

মন্ত্ৰী পীযুষ হাজৰিকাই সেই সন্দৰ্ভত কোনো ধৰণৰ মত প্ৰকাশ কৰা নাছিল যদিও ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনা মন্ত্ৰীগৰাকীয়ে আইমী বৰুৱাৰ ভাইৰেল ভিডিঅ’ প্ৰচাৰ কৰাক কেন্দ্ৰ কৰি মাফিয়া কায়দাৰে ফোনযোগে জাগীৰোডৰ  দুই  সাংবাদিক নজৰুল ইছলাম আৰু তুলসী মান্তাক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে।

এইক্ষেত্ৰত এতিয়া জাঙুৰ খাই উঠিছে ৰাজ্যৰ সাংবাদিকসকল। কালি বিভিন্ন ঠাইত ৰাজ্যৰ সাংবাদিক সকলে গৰিহণা দিয়াৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে।

একেদৰে আজিও অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচীৰ।

আজি গোলাঘাট জিলাৰ  সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক দ্বীপেন কুমাৰ বৰাই এক প্ৰেছ বিবৃতিৰ যোগেদি জানিবলৈ দিয়ে যে, মন্ত্ৰী পীযুষ হাজৰিকাই সাংবাদিকক ভাবুকি প্ৰদান কৰা ঘটনাক গোলাঘাট জিলা সাংবাদিক সংস্থাই কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে জিলাখনৰ সকলো সাংবাদিকে আজিৰ দিনটোত ক’লা বেজ পৰিধান কৰি  সমগ্ৰ ঘটনাটোক এক দুষ্কাৰ্য বুলি অভিহিত কৰিছে।