NORTHEAST NOW (Assamese)

আৰক্ষীৰ বৃহৎ সফলতা : নলবাৰীত উদ্ধাৰ উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ

May 1, 2019 12:10 pm · এন ই নাও নিউজ
উগ্ৰতাৰা মন্দিৰ। ফটো : ইউ বি

কেইবামাহ পূৰ্বেই গুৱাহাটীৰ উগ্ৰতাৰা মন্দিৰৰ পৰা চুৰি হোৱা বিগ্ৰহ মঙলবাৰে নিশা গোলাঘাট আৰক্ষীৰ এটা দলে নলবাৰীৰ পৰা উদ্ধাৰ কৰে। লগতে এই চুৰি কাণ্ডৰ লগত জড়িত চাৰিজন লোককো আটক কৰা বুলি জানিব পৰা গৈছে।

এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত মঙলবাৰে গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ আৰু গোলাঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰাৰ নেতৃত্বত যোৱা এটা দলে এই বৃহৎ সফলতাটো লাভ কৰে।

উল্লেখ্য যে আৰক্ষীৰ দলটোৱে চোৰৰ কৱলৰ পৰা উদ্ধাৰ কৰা বিগ্ৰহটো উগ্ৰতাৰা মন্দিৰৰ হয় বুলি ইতিমধ্যে মন্দিৰৰ মূল পূজাৰীয়ে চিনাক্ত কৰিছে।

ইফালে আৰক্ষীয়ে আটক কৰা চোৰ কেইজন হৈছে নলবাৰীৰ বাটচৰৰ চান হুছেইন, টিহুৰ আদিল আলী, মুকালমুৱাৰ ৰাহুল আলী আৰু পাঞ্জাবাৰীৰ মিন্টু ৰায়। গোলাঘাটলৈ নিশাৰ ভিতৰতে চাৰিওজন চোৰকে লৈ অনা হয়।

উল্লেখ্য যে যোৱা ১৫ নৱেম্বৰৰ নিশা উগ্ৰতাৰা দেৱালয়ৰ মন্দিৰৰ মূল বিগ্ৰহৰ লগতে মা তাৰাৰ অষ্টধাতুৰ মূৰ্তি চুৰি হৈছিল। অৱশেষত এ পি এছ চি দুৰ্নীতিৰ ৰহস্য ফাদিল কৰাত মুখ্য ভূমিকা লোৱা সুৰজিৎ সিং পানেছাৰৰ নেতৃত্বৰ এটা দলে উক্ত চুৰি কাণ্ডৰ লগত জড়িত অভিযুক্তৰ লগতে মন্দিৰৰ বিগ্ৰহ মঙলবাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

চুৰিকাণ্ডটো সংঘটিত হোৱাৰ পাঁচমাহৰো অধিক কাল হৈছে যদিও মন্দিৰটোৰ মূল বিগ্ৰহটো উদ্ধাৰ হোৱাত উগ্ৰতাৰা মন্দিৰ পৰিচালনা সমিতিয়ে গোলাঘাট আৰক্ষীক কৃতজ্ঞতা জ্ঞাপন কৰিছে।

Related News