গোলাঘাটত নতুনকৈ ৭৮ জন লোক কৰ’নাত আক্ৰান্ত; সক্ৰিয় ৰোগীৰ সংখ্যা ২৭৪ লৈ বৃদ্ধি

COVID19-image-credit-Odishatv-750x375

প্ৰতিনিধিত্বমূলক ফটো।

গোলাঘাট জিলাত শুকুৰবাৰে নতুনকৈ ৭৮জন লোকৰ দেহত কোভিড-১৯ৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াকে লৈ জিলাখনত বৰ্তমান সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা ২৭৪ লৈ বৃদ্ধি পাইছে।

ইয়াৰে ২০৭জন ঘৰতে আছুতীয়াকৈ থকাৰ বিপৰীতে ৬২জন লোক গোলাঘাট কোভিড চিকিৎসালয়, ৩জন যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পাতাল, এজন বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয় আৰু দুজন গুৱাহাটীত চিকিৎসাধীন হৈ আছে।

শুকুৰবাৰে ২,০৯৬জন লোকৰ ৰেপিড এন্টিজেন টেষ্ট আৰু ১৪৩জনৰ আৰ টি পি চি আৰ পৰীক্ষা কৰা হয়। ৰেপিড টেষ্টত ৬৫জন আৰু আৰ টি পি চি আৰত ১৩জন লোকৰ দেহত সংক্ৰমণ ধৰা পৰে।

উল্লেখযোগ্য যে গোলাঘাট জিলাত পহিলা এপ্ৰিলৰ পৰা এতিয়ালৈকে ২৮,১৬৮ টা ৰেপিড এন্টিজেন টেষ্ট কৰা হৈছে। এই সময়ছোৱাত জিলাখনত ৩৩৫ জন লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়। অৱশ্যে বৰ্তমান ইয়াৰে ২৭৪ জনহে সক্ৰিয় কোভিড ৰোগী।

জিলাখনত এই সময়ছোৱাত দুজন লোকৰ কোভিডত মৃত্যু হৈছে। কালি চিনাক্ত হোৱাসকলৰ ভিতৰত কে বি আলিত ৭জন, বোকাখাতত ১১জন, সৰুপথাৰত ৩৫জন, শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ১৮জন, মিছামৰাত ৩জন আৰু চাৰিঙিয়াত চাৰিজন ৰোগী চিনাক্ত কৰা হয়।

শুকুৰবাৰে ঘৰতে আছুতীয়াকৈ থকা ৬জন লোক আৰোগ্য হোৱাৰ বিপৰীতে চিকিৎসালয়ৰ পৰা ৩জন ৰোগীক ঘৰলৈ যাবলৈ দিয়া  হয়। গোলাঘাট জিলাত কোভিড-১৯ৰ প্ৰতিষেধক প্ৰদান কার্যসূচীও অব্যাহত আছে ।