গোলাঘাটত জব্দ হোৱা বৃহৎ পৰিমাণৰ ধনৰাশি সন্দৰ্ভত মুখ খুলিলে আৰক্ষী অধীক্ষকে

gol

৯ জুলাইৰ নিশা গোলাঘাট চহৰৰ মাজমজিয়াৰ টোকানি চাৰ্কোলত আৰক্ষীয়ে জব্দ কৰা বৃহৎ পৰিমাণৰ ধনৰাশিৰ সন্দৰ্ভত অৱশেষত গোলাঘাট জিলা আৰক্ষী অধীক্ষক ডা: ৰবীন কুমাৰে মুখ খুলিবলৈ বাধ্য হ’ল।

নিশা  কাৰ্ফিউ চলি থকাৰ মাজতে এখন ইনভা গাড়ীত  ফল-মূলৰ কাৰ্টুনৰ ভিতৰত লুকুৱাই  অনা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল  ৪৯,৯০,৫০০ লাখকৈ টকা।

ইয়াৰ পিছতে বিভিন্ন সংবাদ মাধ্যমত এই ধনৰাশি কোনো এজন আৰক্ষী বিষয়াক দিবলৈ আনিছিল বুলি চৰ্চা চলিছিল ।

যিহেতু ঘটনা সন্দৰ্ভত বিগত চাৰিটা দিনে আৰক্ষীৰ ফালৰ পৰা  কোনো তথ্য ফাদিল নোহোৱাত গোলাঘাট আৰক্ষীৰ ওপৰত সন্দেহৰ আঙুলি উঠিছিল ।

যদিও  এই সন্দৰ্ভত মুখ খুলিছে জিলা আৰক্ষী অধীক্ষক ডা: ৰবীন কুমাৰে।

আৰক্ষী অধীক্ষক জনে সংবাদ মেলৰ যোগেদি এই অভিযোগ খণ্ডন কৰি কয় যে, এই বৃহৎ পৰিমাণৰ ধন জব্দ হোৱা সন্দৰ্ভত গোলাঘাট আৰক্ষীয়ে তদন্ত চলাই আছে ।

৬৬৩/২০২১ নম্বৰত গোলাঘাট সদৰ আৰক্ষী থানাত ১২ জুলাইৰ দিনা কেচ ৰুজু কৰা হৈছে। ইনভা গাড়ীখনৰ লগতে বাহনত অহা বীৰ চান্দ,ৰঘুবীৰ সিং,উৎপল নাথক ইতিমধ্যে সোধা-পোচা অব্যাহত ৰাখিছে।

এইক্ষেত্ৰত আৰক্ষীৰ এই তদন্ত প্ৰক্ৰিয়াত সমগ্র ঘটনাৰ লগত জড়িত সকলো লোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলি আশ্বাস প্ৰদান কৰে।