গোলাঘাটত ছাত্ৰৰ দেহলৈ সংক্ৰমণ হৈছে ক’ৰনা ; গোলাঘাট জাতীয় বিদ্যালয়ত আতংক

a cov

কালিলৈকে গোলাঘাটত ২০৫ জনৰ দেহত ক’ৰনা ভাইৰাছ সক্ৰিয় হৈ আছিল যদিও এতিয়া যেন দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰনা পজিটিভৰ সংখ্যা।

বিশেষকৈ এজন ছাত্ৰৰ শৰীৰত ধৰা পৰা ক’ৰনা পজিটিভৰ পিছত এতিয়া সমগ্ৰ গোলাঘাটত যেন ক’ৰনাতাংকই বিৰাজ কৰিছে।

আজি গোলাঘাট জাতীয় বিদ্যালয়ত অধ্যয়নৰত এজন সপ্তম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰতো ক’ৰনা পজিটিভ পোৱা গৈছে।

বিদ্যালয় খনিৰ এই ছাত্ৰজন কৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছতে বিদ্যালয় খনত তীব্ৰ আতংকই বিৰাজ কৰে ।

বিদ্যালয় কৰ্তৃপক্ষই চৰকাৰী নীতি অনুসৰি আজি বিদ্যালয়ৰ পাঠদান প্ৰক্ৰিয়া বন্ধ কৰি দিয়ে ।

জিলা প্ৰশাসনে আৰু স্বাস্থ্য বিভাগে ততাতৈয়াকৈ অহা ২ মে’লৈকে পাঠদান প্ৰক্ৰিয়া বন্ধ ঘোষণা কৰিছে ।

উল্লেখ্য যে বৃহস্পতি বাৰৰ পৰা শাৰীৰিকভাৱে অসুস্থ হৈ আছিল কভিডত আক্ৰান্ত ছাত্ৰ জন ।

বুধবাৰৰ দিনা গোলাঘাট জাতীয় বিদ্যালয়ত উপস্থিত আছিল ছাত্ৰজন । সম্প্ৰতি গোলাঘাট কভিড হাস্পতালত চিকিৎসাধীন হৈ আছে কণমানি ছাত্ৰ জন ।