দেশৰ ক্ষুদ্ৰ ব্যৱসায়ীলৈ সুখবৰ! কোনো নথি-পত্ৰ নোহোৱাকৈ লাভ কৰিব ১ কোটি টকালৈ ঋণ

Rupees

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

দেশৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলক কোনোধৰণৰ নথি-পত্ৰ নোহোৱাকৈ ১০ লাখৰ পৰা ১ কোটি টকালৈ ঋণ দিয়াৰ প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ হৈছে।

চৰকাৰী বেংক সমূহত অতি শীঘ্ৰে এই সুবিধা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। এটা আগশাৰীৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি যিসকল ব্যৱসায়ীয়ে ৬ মাহলৈ জি এছ টি আদায় দিব সেই সকল ব্যৱসায়ীয়ে ঋণ লোৱাৰ সময়ত কোনোধৰণৰ নঠি-পত্ৰ দেখুৱাৰ প্ৰয়োজন নায়।

সূত্ৰত বিত্ত মন্ত্ৰ্যালয়ে জি এছ টি এক্সপ্ৰেছ ঋণ যোজনাৰ বাবে ইতিমধ্যে মঞ্জুৰী জাৰি কৰিছে বুলি জানিব পৰা গৈছে।

জি এছ টি  এক্সপ্ৰেছ ঋণ যোজনাৰ বিষয়ে:

জি এছ টি আদায় দিয়া ব্যক্তি সকলৰ বাবে সুখবৰ এতিয়াৰে পৰা জি এছ টি সময়মতে আদায় দিয়া ব্যৱসায়ী সকলক বেংকত ৰঙা কাৰ্পেটেৰে আদৰণি জনোৱা হ’ব। ইয়াৰ অৰ্থ হ’ল ‘৫৯ মিনিটত ঋণ’ যোজনাৰ পাছত এতিয়া বেংকে জি এছ টি এক্সপ্ৰেছ ঋণৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে।

এই যোজনাৰ অধীনত ব্যৱসায়ী সকলে ১০ লাখ টকাৰ পৰা ১ কোটি টকালৈ ঋণ কোনোধৰণৰ বিত্তীয় ষ্টেটমেণ্ট নোহোৱাকৈ গ্ৰহণ কৰিব পাৰিব।

কোনে পাব এই যোজনাৰ লাভ?

বিত্ত মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা জি এছ টি আদায় দিলে ঋণ দিয়াৰ প্ৰস্তাৱ মঞ্জুৰ কৰা হৈছে। ব্যৱসায় বৃদ্ধিৰ বাবে চৰকাৰী বেংকত শীঘ্ৰে নতুন যোজনা বিধ উপলব্ধ হ’ব। বিত্ত মন্ত্ৰ্যালয়ৰ প্ৰস্তাৱ অনুসৰি ক্ষুদ্ৰ ব্যৱসায়ী, কোম্পানী, ফাৰ্ম তথা চৰকাৰী সংস্থাই ইয়াৰ লাভ গ্ৰহণ কৰিব পাৰিব।

জি এছ টি আদায় দিয়াৰ ওপৰত নিৰ্ভৰ কৰি ব্যৱসায়ী সকলে এই ঋণ যোজনাৰ লাভ গ্ৰহণ কৰিব পাৰিব। ঋণৰ পৰিমাণ টাৰ্ণঅভাৰ, বিক্ৰী আদি কাৰকৰ ওপৰত নিৰ্ভৰ কৰি আদায় দিয়া হ’ব।

এ এফ ডি, কিষাণ বিকাশ পত্ৰ, ৰাষ্ট্ৰীয় জমা পত্ৰ তথা প্ৰকৃত সম্পত্তি সমান্তৰাল হ’ব। একবছৰৰ ভিতৰত পৰিশোধ কৰিবলগীয়া ঋণসমূহ প্ৰতিবছৰে পুনৰ গ্ৰহণ কৰিব পৰা যাব বুলি সূত্ৰত প্ৰকাশ পাইছে।