NORTHEAST NOW (Assamese)

আচৰিত কাণ্ড! ক্ষোভত কোটি কোটি টকা দান কৰিলে গুগলৰ সহ-প্ৰতিষ্ঠাপকে; কিয় এনে সিদ্ধান্ত?

May 24, 2026 11:46 am · এন ই নাও নিউজ, গুৱাহাটী

গুগলৰ সহ-প্ৰতিষ্ঠাপক তথা বিশ্বৰ অন্যতম ধনী ব্যক্তি চাৰ্গে ব্ৰিন এটা আচৰিত কাৰণত আলোচনাৰ কেন্দ্ৰবিন্দুলৈ আহিছে। তথ্য অনুসৰি আমেৰিকাত চলি থকা কৰ বিতৰ্কৰ মাজতে তেওঁ এক ডাঙৰ আৰু আচৰিত পদক্ষেপ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

প্ৰতিবেদন অনুসৰি ছান ফ্ৰান্সিস্কোত প্ৰস্তাৱিত নতুন ব্যৱসায়িক কৰ আইনখনৰ প্ৰতিবাদত চাৰ্গে ব্ৰিনে প্ৰায় ৫ লাখ ডলাৰ বা ভাৰতীয় মুদ্ৰাত প্ৰায় ৪.৭৭ কোটি টকা দান আগবঢ়াইছে।

এই বৃহৎ পৰিমাণৰ ধন এখন ৰাজনৈতিক সমিতিলৈ আগবঢ়োৱা হৈছে। যিয়ে ‘অভাৰপেইড চিইঅ’ টেক্স’ নামৰ প্ৰস্তাৱৰ বিৰোধিতা কৰিছে। এই কৰ প্ৰস্তাৱৰ ফলত ছান ফ্ৰান্সিস্কোত এক বৃহৎ ৰাজনৈতিক যুঁজৰ জন্ম দিছে। মূলতঃ ২ জুনত তাত ভোটাৰসকলে ২টা পৃথক কৰ প্ৰস্তাৱত ভোটদান কৰিব। সেয়া হ’ল মেজাৰ চি  আৰু মেজাৰ ডি। মেজাৰ চি বিভিন্ন বাণিজ্যিক সংস্থা আৰু ব্যৱসায়িক গোটৰ দ্বাৰা সমৰ্থিত। এই প্ৰস্তাৱত ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে কৰ ৰেহাইৰ কথা উল্লেখ কৰা হৈছে। ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে কৰ ৰেহাইৰ সীমা ৫০ লাখ ডলাৰৰ পৰা ৭৫ লাখ ডলাৰলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত বৃহৎ কোম্পানীসমূহৰ ওপৰত কৰৰ বোজা বৃদ্ধি পাব।

আনহাতে, মেজৰ ডিৰ ওপৰত ব্যাপক বিতৰ্ক হৈছে। ইয়াক ‘অভাৰপেইড চিইঅ’ টেক্স’ বুলি কোৱা হৈছে। এই প্ৰস্তাৱত কোম্পানী এটাৰ চিইঅ’ আৰু তেওঁৰ কৰ্মচাৰীৰ দৰমহাৰ পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি কৰ আৰোপ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। মন কৰিবলগীয়া যে ইয়াৰ ভিতৰত কেৱল ছান ফ্ৰান্সিস্কোৰ কৰ্মচাৰীয়েই নহয়, বিশ্বজুৰি কোম্পানীটোৰ কৰ্মচাৰীৰ দৰমহাও অন্তৰ্ভুক্ত হ’ব।

এই পৰিস্থিতিত শ্ৰমিক সংঘ আৰু প্ৰগতিশীল গোটসমূহে যুক্তি দিছে যে চহৰখনৰ অৰ্থনৈতিক অৱস্থা শক্তিশালী কৰিবলৈ বৃহৎ আৰু ধনী কোম্পানীসমূহে অধিক কৰ দিব লাগে। কিন্তু ব্যৱসায়িক গোটসমূহে দাবী কৰে যে ইয়াৰ ফলত কোম্পানীসমূহে ছান ফ্ৰান্সিস্কো এৰিব পাৰে আৰু নিয়োগৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পৰিব পাৰে।

চাৰ্গে ব্ৰিন এই বিষয়ত অসন্তুষ্ট। খবৰ অনুসৰি তেওঁ এই প্ৰস্তাৱৰ বিৰোধিতা কৰাই নহয়, বিকল্প, ব্যৱসায়-বন্ধুত্বপূৰ্ণ প্ৰস্তাৱৰ বাবেও আৰ্থিক সহায় আগবঢ়াইছে। মন কৰিবলগীয়া যে চাৰ্গে ব্ৰিনৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ২৬০ বিলিয়ন ডলাৰ বুলি অনুমান কৰা হৈছে। শেহতীয়াকৈ তেওঁ নিজৰ বাসগৃহ কেলিফৰ্ণিয়াৰ পৰা নেভাদাৰ লেক টাহোলৈ স্থানান্তৰিত কৰে। ধাৰণা কৰা হয় যে তেওঁৰ এই সিদ্ধান্ত অৰ্থনৈতিকভাৱে লাভজনক। কাৰণ নেভাদাত কোনো ৰাজ্যিক কৰ নাই।

উল্লেখ্য যে ব্ৰিনে শেহতীয়াকৈ ৰাজহুৱা বিবৃতিত সমাজবাদৰ বিৰোধিতা কৰা বুলি উল্লেখ কৰিছে। তেওঁ কয় যে তেওঁৰ পৰিয়াল ১৯৭৯ চনত ছোভিয়েট ইউনিয়নৰ পৰা পলাই আমেৰিকালৈ গৈছিল আৰু তেওঁলোকে সমাজবাদৰ কু-ফলবোৰৰ সাক্ষী হৈছিল।

ব্ৰিনৰ মতে, তেওঁ নিবিচাৰে যে কেলিফৰ্ণিয়া সেই দিশে আগবাঢ়ক। ইফালে এই সামগ্ৰিক বিষয়টোৱে আমেৰিকাৰ প্ৰযুক্তি খণ্ডত এক নতুন বিতৰ্কৰ সূচনা কৰিছে। বহুতে অনুভৱ কৰে যে ছিলিকন ভেলীৰ কোটিপতিসকলে এতিয়া মুকলিকৈ ৰাজনীতিত হস্তক্ষেপ কৰিছে। বিশেষকৈ এইসময়ত যেতিয়া নতুন নীতিয়ে তেওঁলোকৰ ব্যৱসায় আৰু ধন-সম্পত্তিক প্ৰভাৱিত কৰিছে।

ইতিমধ্যে ছান ফ্ৰান্সিস্কো খালী কাৰ্যালয়, কৰ্পৰেট স্থানান্তৰ আৰু অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে, যাৰ ফলত আগন্তুক নিৰ্বাচনটো কেৱল স্থানীয় ৰাজনীতিৰ বাবেই নহয়, সমগ্ৰ আমেৰিকাৰ প্ৰযুক্তি উদ্যোগৰ বাবেও গুৰুত্বপূৰ্ণ।

Related News